নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা তথ্যৰে চিইএম পদত গকুল বর্মন

কমতাপুৰ স্বায়ত্তশাসিত পৰিষদক লৈ অসন্তুষ্ট কোচ ৰাজবংশী মহাসভা

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া অন্তর্ৱর্তীকালীন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ (কেএচি)খনক লৈ তীব্র অসন্তুষ্টি ব্যক্ত কৰিছে কোচ ৰাজবংশী জাতীয় মহাসভাই৷ কালি ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণীৰ কল্যাণ বিভাগে ৩০জনীয়া অন্তর্ৱর্তীকালীন পৰিষদখন গঠন কৰি দিয়া হ’ল যদিও এইক্ষেত্রত ৰাজ্য চৰকাৰে প্রণয়ন কৰা ‘কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আইন’ খোদ ৰাজ্য চৰকাৰেই ভংগ কৰা বুলি সংগঠনটোৱে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ আজি দিছপুৰ প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে অন্তর্ৱর্তীকালীন পৰিষদখন গঠনৰ ক্ষেত্রত কেতবোৰ বিসংগতি হোৱাৰ অভিযোগ তুলি কয় যে ‘কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আইন’ৰ ৫নং অনুচ্ছেদৰ ৩৫নং ধাৰা অনুসৰি অবিভক্ত গোৱালপাৰা জিলাক সামৰি গঠিত স্বায়ত্তশাসিত পৰিষদখনৰ এলেকাৰ স্থায়ী বাসিন্দা তথা ভোটাধিকাৰ থকা ব্যক্তিয়েহে পাৰিষদ হ’ব পাৰে৷ কিন্তু স্বায়ত্তশাসিত পৰিষদখনৰ এলেকাৰ বাহিৰৰ লোকে ভুৱা ঠিকনা দি শীর্ষ পদত অধিষ্ঠিত হোৱাৰ উপৰি পাৰিষদ হিচাপে অন্তর্ভুক্ত হৈছে৷ এইক্ষেত্রত তেওঁ অন্তর্ৱর্তীকালীন পৰিষদখনত অধ্যক্ষৰ দায়িত্ব লাভ কৰা হিতেশ্বৰ বর্মন আৰু মুখ্য কার্যবাহী সদস্য গকুল বর্মনৰ নাম স্পষ্টভাৱে উল্লেখ কৰে৷ ৰায়ে দাবী কৰা অনুসৰি অধ্যক্ষ হিতেশ্বৰ বর্মন বিটিআৰৰ কোকৰাঝাৰ জিলাৰ আৰু মুখ্য কার্যবাহী সদস্য গকুল বর্মন চিৰাং জিলাৰ চিদলীৰ বাসিন্দা৷

কিন্তু তেওঁলোকে বিটিআৰৰ ঠিকনা গাপ দি ৰাখি ভুৱা তথ্যৰে অন্তর্ৱর্তীকালীন পৰিষদখনৰ শীর্ষ পদ দুটা দখল কৰিছে৷ অন্তর্ৱর্তীকালীন পৰিষদখনত অন্তর্ভুক্ত হোৱা আন দুজন ব্যক্তি বিক্রম মেচ আৰু অৰুণ ৰায়ো বিটিআৰৰ বাসিন্দা বুলি তেওঁ অভিযোগ উত্থাপন কৰে৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ বৃহত্তৰ স্বার্থত নহয়, সমাগত বিধানসভা নির্বাচনৰ অংকৰে অন্তর্ৱর্তীকালীন পৰিষদখন গঠন কৰা হৈছে বুলি মন্তব্য কৰি ৰায়ে পুনৰ কয় যে ২০২০ চনৰ ৩ ছেপ্ঢেম্বৰত বিধানসভাত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ বিধেয়ক গৃহীত হৈছিল৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগ্রামত জড়িতসকলক লৈ পৰিষদখন গঠনৰ বাবে আমি আহ্বান জনাইছিলোঁ৷ তদুপৰি এই সন্দর্ভত আমি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকো সাক্ষাৎ কৰিছিলোঁ৷ সেই সময়ত চৰকাৰৰ তৰফৰ পৰা অন্তর্ৱর্তীকালীন পৰিষদখন ১৫জন সদস্যৰে গঠিত হ’ব বুলি আমাক জনোৱা হৈছিল৷ লগতে কোৱা হৈছিল যে এই ১৫জন সদস্যৰ দুজন বিজেপিৰ পৰা আৰু এজন অগপৰ হোৱাৰ বিপৰীতে বাকী ১২জন কোচ ৰাজবংশী জনগোষ্ঠীৰ হ’ব৷ আমি এইক্ষেত্রত সহমত প্রকাশ কৰি ১২জনীয়া এখন তালিকাও দাখিল কৰিছিলোঁ৷ কিন্তু চৰকাৰে কৌশলগতভাৱে অন্তর্ৱর্তীকালীন পৰিষদখন ৩০জনীয়া কৰাৰ সিদ্ধান্ত ল’লে৷ ‘কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আইন’ৰ দ্বিতীয় অনুচ্ছেদৰ ১নং ধাৰাত উল্লেখ থকা অনুসৰি ৩০জনীয়া পাৰিষদৰ ২৬জন পোনপটীয়াকৈ নির্বাচিত হ’ব৷

নির্বাচিতসকলৰ ২০জন কোচ ৰাজবংশী সম্প্রদায়ৰ, ৫গৰাকী মহিলা, এজন সাধাৰণ শ্রেণীৰ হোৱাৰ বিপৰীতে বাকী চাৰিজন হ’ব চৰকাৰী মনোনীত সদস্য৷ কিন্তু কালি যিখন অন্তর্ৱর্তীকালীন পৰিষদ গঠন কৰা হ’ল তাত ২২জন কোচ ৰাজবংশী সম্প্রদায়ৰ, ৭জন বিজেপিৰ আৰু এজন কংগ্রেছৰ লগত জড়িত ব্যক্তিয়ে অন্তর্ভুক্ত হৈছে৷ অন্তর্ৱর্তীকালীন পৰিষদখন সম্পূর্ণ অগণতান্ত্রিকভাৱে গঠন কৰা বুলি দাবী কৰি ৰায়ে তাৎক্ষণিকভাৱে ইয়াক বাতিল কৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ এলেকাৰ লোকক লৈ পুনৰ গঠন কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ ইয়াৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দি তেওঁ কয় যে ইতিমধ্যে আমি ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত লৈছোঁ৷ দুই–এদিনৰ ভিতৰতে গোচৰ ৰুজু কৰিম৷ তদুপৰি কাইলৈ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্র প্রতিবাদী কার্যসূচী ৰূপায়ণ হ’ব পাৰে৷ এই সময়ছোৱাত যদি কিবা অশান্তিৰ সৃষ্টি হয় তাৰ বাবে দায়ী হ’ব ৰাজ্য চৰকাৰ৷ যদিহে ৰাজ্য চৰকাৰে অন্তর্ৱর্তীকালীন পৰিষদখন ভংগ কৰি নতুনকৈ গঠন নকৰে, তেন্তে বিজেপিয়ে ইয়াৰ ফল আগন্তুক বিধানসভা নির্বাচনত ভুগিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে গোলকগঞ্জ, গৌৰীপুৰ, পূব বিলাসীপাৰা, গোৱালপাৰা পূব, দুধনৈ, সৰভোগ, পাটাছাৰকুছি, কমলপুৰ, ছিপাঝাৰ আৰু বিটিআৰৰ অন্তর্গত বিধানসভা সমষ্টিসমূহত বিজেপিয়ে সদুত্তৰ পাব৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এইবাৰ সৰভোগত মুখথেকেচা খোৱাটো নিশ্চিত৷ অন্তর্ৱর্তীকালীন পৰিষদখন গঠনৰ ক্ষেত্রত বঙাইগাঁৱৰ বিধায়ক তথা মিত্রজোঁট চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ফণীভূষণ চৌধুৰীৰ মতামতক গুৰুত্ব নিদিয়াৰো তেওঁ অভিযোগ তোলে৷ অন্তর্ৱর্তীকালীন পৰিষদখনৰ শীর্ষ পদত এজন মেট্রিক আৰু আনজন উচ্চতৰ মাধ্যমিক উত্তীর্ণই অন্তর্ভুক্ত হোৱাটো অতি দুর্ভাগ্যজনক বুলিও তেওঁ মন্তব্য কৰে৷ তদুপৰি কাৰো নাম উল্লেখ নকৰাকৈ এজনৰ বিৰুদ্ধে হত্যাৰ গোচৰ আৰু আন এজনৰ বিৰুদ্ধে ৮টাকৈ গোচৰ ৰুজু হৈ থকা বুলিও সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতিৰে তেওঁ সদৰী কৰে৷ ইফালে কোচ ৰাজবংশী জনজাতিৰ মর্যাদা নিদিয়াক লৈ সৰৱ হৈ পৰা ৰায়ে অন্তর্ৱর্তীকালীন পৰিষদখনত সাধাৰণ সদস্য পদ গ্রহণ নকৰে বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ এই প্রসংগত ৰায়ে কয় যে অন্তর্ৱর্তীকালীন পৰিষদখনত মোক সাধাৰণ সদস্য হিচাপে ৰাখিছে৷ কিন্তু মই এই পদ অগ্রাহ্য কৰিছোঁ৷ কিয়নো মোক দিয়া এই পদৰ জৰিয়তে মোক সামাজিকভাৱে হেয় প্রতিপন্ন কৰাই নহয়, মোৰ জাতিৰ প্রতি থকা ত্যাগক উপলুঙা কৰা যেন অনুভৱ হৈছে৷

You might also like