নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমা সমস্যা সন্দৰ্ভত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক

  • সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ বাবে আলোচনা আগবঢ়াই নিয়াৰ সিদ্ধান্ত
  • অহা জুন মাহত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে যৌথভাৱে ভ্ৰমণ কৰিব  বিবদমান অঞ্চলসমূহ
নিয়মীয়া বাৰ্তা, ২৪ মে’:  আজি গুৱাহাটীত অনুষ্ঠিত হোৱা অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত উচ্ছপৰ্যায়ৰ মুখ্যমন্ত্ৰী স্তৰৰ বৈঠকত আন্তঃৰাজ্যিক সীমা বিবাদৰ সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ বাবে কাৰ্বি আংলং আৰু পশ্চিম জয়ন্তীয়া পাহাৰ অঞ্চলত মুখ্যমন্ত্ৰীসকলৰ যৌথ ভ্ৰমণৰ সিদ্ধান্ত লোৱা হয়৷
কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হোৱা এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে এক আন্তৰিক আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশত আন্তঃৰাজ্যিক সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগতে বাকী থকা সীমা সমস্যাসমূহৰ ওপৰত বিস্তৃত আলোচনা কৰে৷
উল্লেখ্য যে, অসম আৰু মেঘালয়ৰ আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান ১২ টা অঞ্চলৰ ভিতৰত ইতিমধ্যে ৬ টা অঞ্চলৰ বিবাদ মীমাংসা হৈছে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে কনৰাড কে চাংমাই দ্বিতীয়টো কাৰ্যকাল আৰম্ভ কৰাৰ পিছত তেওঁৰ সৈতে এইখনে প্ৰথম বৈঠক৷ এই বৈঠকত ৬ টা বিবদমান অঞ্চলৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় আৰু দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে অহা জুন মাহত অসমৰ কাৰ্বি আংলং জিলা আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া জিলা ভ্ৰমণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ে এই ভ্ৰমণৰ সময়ছোৱাত সংবিধানৰ বিধান অনুসৰি সীমান্ত সম্পৰ্কীয় সমস্যাটোক যুক্তিসংগত সমাধানলৈ লৈ যোৱাৰ লগতে সকলো অংশীদাৰীক আস্থাত লোৱাৰ বাবে আলাপ-আলোচনাত মিলিত হ’ব৷
কেইবা দশক পুৰণি এই সীমা সমস্যাৰ সমাধানৰ দিশত যাতে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিব পৰা যায় তাৰ বাবে আলাপ-আলোচনাৰ জৰিয়তে সীমা সমস্যা সমাধান কৰাৰ বাবে গঠন কৰা আঞ্চলিক সমিতিসমূহৰ কাম-কাজ অব্যাহত ৰখাৰ বাবেও আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়৷ এই আঞ্চলিক সমিতিসমূহে শান্তি-সম্প্ৰীতি  বা্যহত নোহোৱাকৈ অংশীদাৰীসকলক আস্থাত লৈ এটা ঐক্যমতৰ সমাধানত উপনীত হোৱাৰ অৰ্থে কাম কৰিব৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে দুয়োখন ৰাজ্যই সীমান্ত সম্পৰ্কীয় সমস্যাটো সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ বাবে বন্ধুত্বপূৰ্ণ তথা আন্তৰিকতাপূৰ্ণ মনোভাৱেৰে কাম কৰি আছে৷ তেওঁ কয় যে পাৰস্পৰিক বিশ্বাস, আস্থাৰ আধাৰত হোৱা আলোচনাৰ জৰিয়তে সীমান্ত সমস্যা সন্দৰ্ভত থকা সকলো মতানৈক্য অতি শীঘ্ৰে সমাধান কৰিব পৰা যাব৷
অসম আৰু মেঘালয়ৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে অহা জুলাই মাহত আন এক বৈঠকত মিলিত হ’ব৷ এই বৈঠকত সীমান্ত সমস্যা সমাধানৰ দিশত আঞ্চলিক সমিতিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে লগতে কয়৷
আজিৰ এই বৈঠকত সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰা, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী  পীযুষ¸ হাজৰীকা, পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী আৰু অসম চৰকাৰৰ অন্যান্য উচ্ছপদস্থ বিষয়াসকল উপস্থিত থাকে৷
তদুপৰি বৈঠকত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছং,  এছ ধৰ, মুখ্য সচিব ডি পি ৱাহলাং আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷

 

You might also like