নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিফুত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম ২.০ৰ চেক বিতৰণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম ২.০ আচঁনিৰ জৰিয়তে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ লগতে ডিমা হাছাও জিলাৰ দুই  হাজাৰ যুৱক-যুৱতী হিতাধিকাৰীক দুই লাখ টকাৰ প্ৰথম কিস্তিৰ চেক প্ৰদান কৰে।

ৰাজ্যৰ ৭৫ হাজাৰ যুৱক-যুৱতীক আন্তনিৰ্ভৰ আঁচনিৰ জৰিয়তে ধন প্ৰদান কৰা হ’ব। আজি পৰ্যন্ত ৫০ হাজাৰ যুৱক-যুৱতীক চেক প্ৰদান কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ উপৰি ৮ হাজাৰৰো অধিক কাৰ্বি আৰণ বাৰিম কুৰুছাৰ (পুৰোহিত)ক প্ৰথমবাৰৰ বাবে দহ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হয় অনুষ্ঠানৰ জৰিয়তে।

চেক বিতৰণ কাৰ্যসূচীত মন্ত্ৰী নন্দিতা গাৰ্লোছা, সাংসদ অমৰছিং তিছ’, কাৰ্বি আংলঙৰ চি ই এম তুলিৰাম ৰংহাং, কাৰ্বি ৰাজা লংছিং ৰংহাঙৰ উপৰি কাৰ্বি আংলং পৰিষদৰ কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে।

বিশেষ বাৰ্তা, ডিফু, ১৭ ফেব্ৰুৱাৰী

You might also like