নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ এজন খিলঞ্জীয়া অসমীয়াই হ’ব মহাজোঁটৰ মুখ্যমন্ত্রী

আজমল–বিতর্কৰ অন্ত পেলাবলৈ এআইচিচিৰ মুখপাত্রৰ মন্তব্য

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ  কংগ্রেছৰ এগৰাকী খিলঞ্জীয়া অসমীয়াই মহাজোঁট চৰকাৰৰ মুখ্যমন্ত্রী হ’ব৷ প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আজি আয়োজিত এখন সংবাদ মেলত এআইচিচিৰ মুখপাত্র প্রফেছৰ গৌৰৱ বল্লভে এই মন্তব্য কৰে৷ সেইদৰে কংগ্রেছৰ ৫টা গেৰাণ্টী দলটোৰ শপতনামা বুলি উল্লেখ কৰি তেওঁ কয় যে প্রতিগৰাকী গৃহিণীক মাহে দুহেজাৰ টকাকৈ দিয়াৰ যি গেৰাণ্টী দিয়া হৈছে, সেয়া সকলো গৃহিণীয়ে লাভ কৰিব৷ চৰকাৰ গঠনৰ পিছতেই প্রথম কেবিনেটতে সেই সিদ্ধান্ত গ্রহণ কৰি এমাহৰ ভিতৰতে সেই ধন একাউণ্টযোগে দিয়াৰ ব্যৱস্থা কৰিব৷ একেদৰে প্রতিটো পৰিয়ালক মাহে ২০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ যোগানৰ বাবদ চৰকাৰৰ প্রতিমাহে ৪,০০০ কোটি টকা খৰচ হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে গেৰাণ্টীসমূহ ৰূপায়ণৰ বাবে বাজেটত ধার্য কৰা পুঁজিৰ ১০ শতাংশহে ব্যয় হ’ব৷ ইপিনে, এআইচিচিৰ আন এগৰাকী মুখপাত্র সুপ্রিয়া শ্রীনাটেও সংবাদ মেলখনত মহাজোঁট চৰকাৰৰ প্রথমখন কেবিনেটতে প্রতিগৰাকী গৃহিণীক ২,০০০ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিব বুলি প্রকাশ কৰে৷ তেওঁ আৰু কয় যে মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰ প্রত্যক্ষ প্রভাৱ সদায় সকলো স্তৰৰ মহিলাৰ ওপৰতে পৰে৷ যথেষ্ট কষ্টৰ বিনিময়ত মহিলাসকলে পৰিয়াল তথা সুস্থ সমাজ গঠনৰ বাবে ত্যাগ স্বীকাৰ কৰাৰ সন্মানার্থে দুই হাজাৰ টকীয়া মাহেকীয়া গৃহিণী ভাট্টা তেওঁলোকৰ বাবে মাত্র এক উপহাৰহে৷

সেইদৰে প্রতিমাহে দুশ ইউনিট বিজুলী মাচুল ৰেহাই দিলে গৃহিণীসকলৰ প্রতিমাহে ১,৪০০ টকাকৈ ৰাহি হ’ব৷ যাৰ ফলত তেওঁলোকে পৰিয়াল পৰিচালনা কৰাত যথেষ্ট সকাহ পাব৷ এইবাৰ নির্বাচনত জয়লাভেৰে কংগ্রেছে চৰকাৰ গঠন কৰিয়েই প্রথমে মহিলাসকলৰ বেংক একাউণ্টৰ জৰিয়তে এই ধনৰাশি আদায় দিয়া হ’ব৷ তেওঁ আৰু কয় যে অসমৰ মহিলাসকল সুৰক্ষিত নহয়৷ এন চি আৰৰ ডাটা অনুসৰি বিগত তিনি বছৰত মহিলাৰ ওপৰত অত্যাচাৰৰ ক্ষেত্রত অসম দেশৰ ভিতৰতে প্রথম স্থানত আছে আৰু উত্তৰ প্রদেশৰ স্থান দ্বিতীয়৷ কংগ্রেছ ক্ষমতালৈ আহিলেই নাৰীৰ সুৰক্ষাৰ বাবে আইনী ব্যৱস্থা কঠোৰ কৰাৰো প্রতিশ্রুতি দিয়ে৷ সংবাদ মেলখনত মূল্যবৃদ্ধিৰ প্রসংগত তেওঁ কয় যে ডিজেল, পেট্র’ল আৰু ঘৰুৱা ইন্ধন গেছৰ উপৰি অত্যাৱশ্যকীয় সামগ্রীৰ দাম বৃদ্ধি কৰি বিজেপি চৰকাৰখনে জনসাধাৰণক মাধমাৰ শোধাইছে৷ প্রধানমন্ত্রী মোদীয়ে উজ্জ্বলা আঁচনিৰ জৰিয়তে মহিলাসকলক গেছৰ সংযোগ দিলে৷ চিলিণ্ডাৰ কিন্তু ৯০০ টকাত কিনিব লাগে৷ কংগ্রেছৰ দিনত ৪০০ টকাৰ বিনিময়ত পোৱা গেছ চিলিণ্ডাৰৰ দাম এতিয়া ৯০০ টকা হ’ল, ছাবচিডীও বন্ধ কৰি দিলে৷ মোদীৰ এই মেজিকৰ ফলত বর্তমান সমগ্র দেশত ১০ৰ পৰা ১৪ কোটি উজ্জ্বলা গেছ চিলিণ্ডাৰৰ ৰিফিলিং বন্ধ হৈ আছে৷

You might also like