নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ কার্যকালত কিনি ল’ব লগা হৈছিল প্রাপ্য অধিকাৰঃ মুখ্যমন্ত্রী

বিশাল সমদলেৰে পাটাছাৰকুছিত ৰঞ্জিত দাসৰ মনোনয়ন

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে আজি বিশাল সমদলেৰে পাটাছাৰকুছি সমষ্টিত মনোনয়ন দাখিল কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ বজালী জিলা উপায়ুক্তৰ হাতত মনোনয়ন দাখিল কৰি ৰঞ্জিত দাসে কয়– ঐক্যবদ্ধভাৱে বিকাশ আৰু সুৰক্ষাৰ সংকল্পৰে পুনৰ ৰাজ্যত গঠন হ’ব বিজেপি চৰকাৰ৷ ইয়াৰ পূর্বে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয় খেলপথাৰৰ পৰা এক বিশাল সমদলেৰে পাঠশালাৰ কলেজ ৰোডেৰে পদযাত্রা কৰি হৰি মন্দিৰ চৌহদত উপস্থিত হৈ দাসে স্থানীয় ৰাইজ তথা সমর্থকৰ সম্বর্ধনা গ্রহণ কৰে৷ উক্ত স্থানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত হোৱাৰ পাছতে স্থানীয় দলীয় কর্মকর্তাসকলে মুখ্যমন্ত্রীৰ লগতে পাঠশালাৰ বিশিষ্ট নাগৰিকসকলক সম্বর্ধনা জনায়৷ আৱাহন থিয়েটাৰৰ প্রতিষ্ঠাতা, প্রযোজক তথা বিশিষ্ট নাট্যযোদ্ধা কৃষ্ণ ৰয়, পাঠশালা বজাৰ সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী, বজালী জিলা বিজেপি সভাপতি নগেন চৌধুৰী, সমাজকর্মী কমলেশ্বৰ মেধি, বিজেপি নেতা সোণেশ্বৰ কলিতা আদি লোকক সম্বর্ধনা জনোৱা হয়৷

উক্ত স্থানত অনুষ্ঠিত এখন সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কংগ্রেছক তীব্র ভাষাৰে সমালোচনা কৰে৷ মুখ্যমন্ত্রীৰ মন্তব্য– কংগ্রেছৰ কার্যকালত জনসাধাৰণে নিজৰ প্রাপ্য অধিকাৰ কিনিবলগীয়া হৈছিল৷ কংগ্রেছৰ কার্যকালত জনসাধাৰণে ঘোচ নিদিয়াকৈ কোনো কাম কৰিব পৰা নাছিল৷ ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰৰ কার্যকালত প্রাপ্য অধিকাৰ মর্যাদা সহকাৰে লাভ কৰিছে ৰাইজে৷ ২০১৬ চনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে যি প্রতিশ্রুতিৰে শাসনৰ ক্ষমতাত অধিষ্ঠিত হৈছিল, সেই প্রতিশ্রুতি যোৱা পাঁচটা বছৰত সততা আৰু নিষ্ঠাৰে ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে৷ আজি সকলো ক্ষেত্রতে অসমৰ ৰাইজে মর্যাদা সহকাৰে নিজকে আগুৱাই নিয়াৰ সুযোগ লাভ কৰিছে৷ কংগ্রেছৰ অপশাসন, দুর্নীতি, ভ্রষ্টাচাৰ, স্বজন–তোষণ নাইকিয়া কৰি ৰাজ্যখনৰ সকলো শ্রেণীৰ জনসাধাৰণক সন্মান সহকাৰে বসবাস কৰাৰ অধিকাৰ প্রদান কৰিছে বিজেপি চৰকাৰে৷ সভাত ভাষণ দি মুখ্যমন্ত্রীয়ে কয়– পূর্বৰ চৰকাৰসমূহে অসমৰ ৰাইজক বাৰম্বাৰ প্রতাৰণা কৰিছিল৷ কংগ্রেছে প্রতিশ্রুতি দিছিল যদিও সেই প্রতিশ্রুতি পূৰণত ব্যর্থ হৈছিল৷ যোৱা ১৫ বছৰীয়া কংগ্রেছৰ শাসনকালত দলটোৱে অসমত যি কদর্যময় পৰিৱেশ সৃষ্টি কৰিছিল, সেই কদর্য বিজেপিয়ে পৰিষ্কাৰ কৰিবলৈ সক্ষম হৈছে৷ পাটাছাৰকুছি অঞ্চল বৌদ্ধিক দিশত শক্তিশালী৷ এই সমষ্টিটোক অধিক আগুৱাই নিয়াৰ বাবে ৰঞ্জিত কুমাৰ দাস অন্যতম যোগ্য ব্যক্তি হ’ব৷

আনহাতে, মনোনয়ন দাখিলৰ পাছতে ৰঞ্জিত দাসক আজি সংগ দি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– ১০০ প্লাছৰ লক্ষ্যত বিজেপি নিশ্চিতভাৱে উপনীত হ’ব৷ কাৰণ বিগত ২০টা দিনত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ পৰিভ্রমণৰ পাছত মই ৰাইজৰ বিপুল সঁহাৰি প্রত্যক্ষ কৰিছোঁ৷ বজালীৰ চৌখুঁটিত নির্বাচনী সভাত ভাষণ প্রদান কৰি মন্ত্রী ড০ শর্মাই কয়– ৰঞ্জিত দাসে পাটাছাৰকুছি সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব বুলি গম পাই আনন্দিত হৈছিলোঁ৷ কিয়নো পাটাছাৰকুছিত অনাগত সময়ত সীমাহীন উন্নয়ন হ’ব৷ কংগ্রেছক সমালোচনা কৰি তেওঁ কয়– কংগ্রেছৰ কার্যকালত দলটোৰ আঁচনি আছিল ধুতী–লুঙি আৰু সূতা৷ ইয়াৰ পৰিৱর্তে বিজেপি চৰকাৰে ৰাজ্যৰ চাৰি লাখ ছাত্র–ছাত্রীক স্কুল–কলেজত বিনামূলীয়াকৈ নামভর্তিৰ সুযোগ দিয়াৰ লগতে বিনামূলীয়া পাঠ্যপুথিৰো যোগান ধৰিলে৷ অসুস্থ তথা জটিল ৰোগত আক্রান্ত হোৱা ব্যক্তিলৈ অটল অমৃত, আয়ুস্মান ভাৰত আঁচনিৰ জৰিয়তে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হ’ল৷ উজলা আঁচনি, ৫৮ লাখ পৰিয়ালক বিনামূলীয়া চাউল, ৬৩ হাজাৰ কিলোমিটাৰ নতুন পকী পথ, ১,২০০ কাঠৰ দলং পকী দলং হিচাপে নতুনকৈ নির্মাণ কৰা হ’ল৷ অৰুণোদয় আঁচনিৰ জৰিয়তে দৰিদ্র ৰাইজক সকাহ দিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰে৷ সেয়াই নহয়, বৃদ্ধ পেন্সন, বিধৱা পেন্সন আদি আঁচনিৰ জৰিয়তেও প্রতিটো পৰিয়ালৰ কাষত থিয় দিছে এই চৰকাৰে৷

এই সভাতে ভাষণ প্রদান কৰি কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰে কয়– সকলো স্তৰৰ ৰাইজৰ উন্নয়ন আনিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰে৷ নতুনকৈ ঘোষিত হোৱা বজালী জিলাৰ অর্থনৈতিক, সাংস্কৃতিক আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ স্বার্থত প্রধানমন্ত্রী নৰেন্দ্র মোদী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ সহমতত পাটাছাৰকুছি সমষ্টিত ৰঞ্জিত দাসে প্রতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছে৷ গতিকে ৰঞ্জিত দাসৰ জয় এইবাৰ সুনিশ্চিত৷ উল্লেখ্য যে আজি মনোনয়ন দাখিলৰ পাছতে সভাপতি ৰঞ্জিত দাসৰ সমর্থনত উলিওৱা সমদলত সংগ দিয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডা, কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰ আদিৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতাই৷
টিংখাঙত মুখ্যমন্ত্রী সোণোৱালঃ আজমল–কংগ্রেছ অসমৰ মহাশত্রু
কংগ্রেছ–এ আই ইউ ডি এফৰ মূল লক্ষ্য হ’ল শাসনৰ গাদী দখল কৰা৷ উন্নয়নৰ কোনো লক্ষ্য নোহোৱাকৈ এই দল দুটাই একমাত্র ক্ষমতাৰ লালসাত মিত্রতা স্থাপন কৰিছে৷ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ টিংখাঙত আজি বিজেপিৰ প্রার্থী বিমল বৰাৰ সমর্থনত প্রচাৰ অভিযান চলাই মুখ্যমন্ত্রী সৰৱ হৈ পৰে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ বিৰুদ্ধে৷ সোণোৱালৰ মন্তব্য– আজমল–কংগ্রেছ অসমৰ মহাশত্রু৷ এই দুয়োটা দলৰ মূল লক্ষ্য হ’ল অসমত বিদেশীক স্থাপন কৰা৷ অবৈধ বিদেশীক স্থাপনৰ জৰিয়তে দল দুটাই শাসনৰ বাঘজৰী ল’ব বিচাৰিছে৷ টিংখাঙৰ লেঙেৰীৰ ঘুটুংছিগাত আয়োজিত এই নির্বাচনী সভাত বিমল বৰাৰ সমর্থনত কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীয়েও ভাষণ প্রদান কৰে৷
খোৱাঙত ছক্রধৰ গগৈৰ সমর্থনত মুখ্যমন্ত্রীৰ প্রচাৰ অভিযা
খোৱাঙৰ হালধিবাৰী দামৰিখাটি ৰাজহুৱা খেলপথাৰত আজি এখন সভাত মৰাণ সমষ্টিৰ প্রার্থী ছক্রধৰ গগৈৰ সমর্থনত প্রচাৰ চলালে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি সোণোৱালে কয়– ২০০১ চনত প্রথমবাৰৰ বাবে মৰাণ সমষ্টিৰ ৰাইজে মোক বিধানসভালৈ নির্বাচিত কৰিছিল৷ ৰাইজৰ সেই মৰম এতিয়াও আমাৰ হূদয়ত আছে৷ মৰাণবাসী ৰাইজে পুনৰ বিজেপিক সমর্থন দি পূর্বৰ সেই মৰম আকৌ উজাৰি দিব৷ আনহাতে, কংগ্রেছক সমালোচনা কৰি মুখ্যমন্ত্রীয়ে কয়– কংগ্রেছ চৰকাৰৰ দিনত ৰাজ্যত যি দুর্নীতি–ভ্রষ্টাচাৰ আছিল, বিজেপি চৰকাৰে যোৱা পাঁচ বছৰত তাক নির্মূল কৰিবলৈ সক্ষম হৈছে৷ কংগ্রেছ চৰকাৰৰ দিনত ঘোচ দিলেহে কাম হয়, সেই নীতি পৰিষ্কাৰ কৰিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰে৷ ভোটবেংকৰ ৰাজনীতিৰে কংগ্রেছে অসমত অবৈধ বিদেশী আনি স্থাপন কৰিছিল৷ কিন্তু বিজেপিয়ে আজি অবৈধ বিদেশীক প্রতিৰোধ কৰিবলৈ সীমান্ত ছীল কৰিবলগীয়া হৈছে৷
সোণাৰিত ধর্মেশ্বৰ কোঁৱৰৰ হৈ মুখ্যমন্ত্রীৰ প্রচাৰ
কংগ্রেছৰ দিনত অসমৰ মাটি–ভেটিৰ বাবে ৮৫৫জন যুৱকে প্রাণ আহুতি দিবলগীয়া হ’ল৷ সেই কংগ্রেছে এতিয়া ক্ষমতাৰ স্বার্থত আজমলৰ সৈতে মিত্রতা কৰিছে৷ এই মিত্রতাৰ উদ্দেশ্য হ’ল ক্ষমতা দখল৷ আজি সোণাৰিৰ সাপেখাতী চাৰিআলিত অনুষ্ঠিত এখন নির্বাচনী সভাত কংগ্রেছৰ বিৰুদ্ধে এইদৰে সৰৱ হ’ল মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ সোণাৰিৰ বিজেপি প্রার্থী ধর্মেশ্বৰ কোঁৱৰৰ সমর্থনত প্রচাৰ চলাই মুখ্যমন্ত্রীয়ে কয় যে অসমত যেতিয়ালৈকে বিজেপি আৰু মিত্রজোঁটৰ চৰকাৰ থাকিব, তেতিয়ালৈকে অসমীয়া জাতি সুৰক্ষিত হৈ থাকিব৷ এই নির্বাচন অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ নির্বাচন৷ কোনো কাৰণতে অসমৰ ৰাইজে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক গ্রহণ নকৰে৷

You might also like