নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৰণক্ষেত্রলৈ বিজেপিৰ ৰথী–মহাৰথী

প্রধানমন্ত্রী–ৰাষ্ট্রী সভাপতি–গৃহমন্ত্রীসহ ইজনৰ পিছত সিজনকৈ নেতাৰ লানি নিছিগা ভ্রমণসূচী

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ  ভোটগ্রহণৰ দিন চমু চাপি অহাৰ লগে লগে অধিক আকর্ষণীয় হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক প্রেক্ষাপট৷ নির্বাচনী প্রচাৰ অভিযানৰ সমান্তৰালভাৱে শাসক–বিৰোধী উভয় শিবিৰ সম্প্রতি ব্যস্ত দিছপুৰ দখলৰ সমীকৰণত৷ বিশেষকৈ শাসকীয় মিত্রজোঁটৰ নেতৃত্ব বহনকাৰী বিজেপিয়ে মিছন ১০+ সাকাৰ কৰাৰ লক্ষ্যৰে ‘মৰণপণ’ যুঁজত অৱতীর্ণ হৈছে৷ কংগ্রেছৰ উদ্যোগত গঠন হোৱা মহাজোঁটক প্রতিহত কৰিবলৈ যুগুতোৱা ৰণকৌশলক বাস্তৱ ৰূপ দিবলৈ সমষ্টিয়ে সমষ্টিয়ে নামি পৰিছে মিত্রজোঁটৰ তিনি দল– বিজেপি, অগপ আৰু ইউ পি পি এলৰ নেতা–কর্মীসকল৷ লক্ষণীয়ভাৱে ভোটাৰ ৰাইজক আকর্ষিত কৰাৰ বাবে বিজেপিয়ে চলোৱা প্রচাৰ অভিযানে কার্যতঃ চমক সৃষ্টি কৰাৰ বিপৰীতে এইক্ষেত্রত তুলনামূলকভাৱে এতিয়াও বিৰোধী শিবিৰ স্তিমিত হৈয়ে আছে৷ নির্বাচনী সময়সূচী ঘোষণাৰ পূর্বৰে পৰা অসমত একাধিকবাৰ উপস্থিত হৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আদিয়ে ৰণডংকা বজাইছিল৷ যাৰ ধাৰাবাহিকতা অদ্যাপি অব্যাহত আছে৷ প্রধানতঃ মিছন ১০+ সাকাৰ কৰাৰ লক্ষ্যৰেই অসমৰ নির্বাচনী ৰণক্ষেত্রলৈ নিতৌ আগমন ঘটিছে বিজেপিৰ বহু ৰথী–মহাৰথীৰ৷ শেহতীয়াকৈ যোৱা ১৪ মার্চত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আৰু গৃহমন্ত্রী অমিত শ্বাহে অসমত নির্বাচনী প্রচাৰ চলাইছিল৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে বিশ্বনাথ, গহপুৰ আৰু দেৰগাঁৱত বিশাল জনসমাৱেশত অংশগ্রহণ কৰাৰ বিপৰীতে গৃহমন্ত্রী অমিত শ্বাহ উপস্থিত হৈছিল নাজিৰা আৰু মার্ঘেৰিটা সমষ্টিত৷

ইয়াৰ এদিন পূর্বে অর্থাৎ যোৱা ১৩ মার্চত মৰিয়নি, শিৱসাগৰ আৰু চামগুৰি সমষ্টিত কেন্দ্রীয় বস্ত্রশিল্পমন্ত্রী স্মৃতি ইৰাণীয়ে নির্বাচনী সমাৱেশত অংশগ্রহণ কৰিছিল৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ১৫ মার্চত পুনৰ গুৱাহাটীত উপস্থিত হৈ ‘অগ্রগামী অসম’ শীর্ষক ‘টাউন হল’ কার্যসূচীৰ জৰিয়তে যোৰহাট, তেজপুৰ, নলবাৰী আৰু শিলচৰত দলীয় কর্মীসকলৰে পোনপটীয়াকৈ বার্তালাপ কৰে৷ এওঁলোকৰ উপৰি বিগত দিনকেইটাত বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি তথা অসমত দলৰ প্রভাৰীৰ দায়িত্বত থকা বৈজয়ন্ত জয় পাণ্ডা, কেন্দ্রীয় ড’নাৰ মন্ত্রী জিতেন্দ্র সিং, মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান, মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাভিছকে ধৰি কেইবাজনো নেতাৰ লগতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে প্রচাৰ অভিযান অব্যাহত ৰাখিছে৷ ইয়াৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্র মোদী, ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহসহ ইজনৰ পাছত সিজনকৈ বিজেপিৰ ৰাষ্ট্রীয় নেতাৰ লানি নিছিগাকৈ স্থিৰ হৈছে অসম ভ্রমণসূচী৷

ৰাজ্যিক বিজেপিৰ এক শীর্ষস্থানীয় সূত্রই জানিবলৈ দিয়া অনুসৰি প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি অসমত উপস্থিত হ’ব৷ বৰাক উপত্যকাৰ কৰিমগঞ্জত নির্বাচনী ৰণশিঙা বজাব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ তেওঁ অহা ২০ মার্চৰ পৰা ৩ এপ্রিলৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্রান্তত মুঠ ৬খনকৈ নির্বাচনী জনসভা সম্বোধন কৰাৰ কথা৷ এই নির্বাচনী জনসভাকেইখনে অসমত অনুষ্ঠিত হ’বলগীয়া তিনিওটা পর্যায়ৰ ভোটগ্রহণকেই সামৰি ল’ব৷ সূত্রটোৱে সদৰী কৰা মতে, ২০ মার্চত চাবুৱাত, ২১ মার্চত বোকাখাতত, ২৪ মার্চত বিহপুৰীয়াত, ২৮ মার্চত ছিপাঝাৰত, ১ এপ্রিলত বিজনীত আৰু ৩ এপ্রিলত তামুলপুৰত অনুষ্ঠিতব্য নির্বাচনী সমাৱেশত অংশগ্রহণ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ২১ মার্চৰ দিনটোত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপৰি গৃহমন্ত্রী অমিত শ্বাহৰো অসম ভ্রমণসূচী স্থিৰ হৈছে৷ সেই দিনা তেওঁ জোনাই আৰু পানেৰী সমষ্টিত দুখনকৈ গণ সমাৱেশত অংশগ্রহণ কৰিব৷ সেইদৰে ২৩ মার্চ আৰু ২৭ মার্চতো অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রীজন৷ ২৩ মার্চত তেওঁ সোণাৰি আৰু ৰাতাবাৰীত দুখনকৈ জনসমাৱেশ সম্বোধন কৰাৰ বিপৰীতে ২৭ মার্চত উপস্থিত হ’ব নগাঁও আৰু মৰিগাঁৱত৷ ২২ মার্চত টিংখাং–তিতাবৰ–বিহা তিনিখনকৈ নির্বাচনী সভা সম্বোধন কৰিব বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷

মন কৰিবলগীয়া যে বুধবাৰৰ দিনটোত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে লংকা–কলাইগাঁও–ৰঙ, কেন্দ্রীয়মন্ত্রী নৰেন্দ্র সিং টোমৰে পাটাছাৰকুছি–নলবা, বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডাই পাটাছাৰকুছি–ৰঙিয়া আৰু শীর্ষ নেতা মনোজ তিৱাৰীয়ে লক্ষীপুৰ–উদাৰবন্দ নির্বাচনী প্রচাৰ চলায়৷ সেইদৰে অহা ১৯ মার্চত অসম ভ্রমণসূচী স্থিৰ হৈছে প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বর্তমানৰ সাংসদ জুৱেল ওৰামৰ৷ সেই দিনা তেওঁ থাওৰা আৰু মৰাণ সমষ্টিত দুখনকৈ ৰাজহুৱা সভাত অংশগ্রহণ কৰিব৷ ২১ মার্চত অসমলৈ আহিব কেন্দ্রীয় জনজাতি পৰিক্রমা মন্ত্রী অর্জুন মুণ্ডা৷ নতুন দিল্লীৰ পৰা বিমানযোগে পোনে পোনে ডিব্রুগড়ত উপস্থিত হ’বলগীয়া জনজাতি পৰিক্রমা মন্ত্রী অর্জুন মুণ্ডাই টিাংখাং আৰু সোণাৰি সমষ্টিত দুখন নির্বাচনী সমাৱেশ সম্বোধন কৰাৰ কথা৷ বিজেপিৰ প্রাক্তন ৰাষ্ট্রীয় সভাপতি তথা বর্তমানৰ কেন্দ্রীয় পথ পৰিবহণ–ঘাইপথ মন্ত্রী নীতিন গাডকাৰিৰো অসম ভ্রমণসূচী স্থিৰ হৈছে৷ অহা ২৫ মার্চত আহিবলগীয়া পথ পৰিবহণ–ঘাইপথ মন্ত্রী নীতিন গাডকাৰিয়ে ধর্মপুৰ আৰু গোলকগঞ্জ সমষ্টিত নির্বাচনী প্রচাৰ চলাব৷ তদুপৰি সেই দিনাই তেওঁ গুৱাহাটীত এখন সংবাদ মেলা সম্বোধন কৰাৰ কথা৷ বিজেপিৰ এইসকল ৰথী–মহাৰথীৰ উপৰি নির্বাচনী প্রচাৰ চলোৱাৰ উদ্দেশ্যে আন কেইবাগৰাকীও শীর্ষ নেতা অসমলৈ অহাৰ সম্ভাৱনা আছে বুলি সূত্রটোত প্রকাশ৷

You might also like