নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ গালত চুমা আইতাৰ : তেজপুৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

বার্তা ব্যুৰ ৮ এপ্রিলঃ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই আজি তেজপুৰৰ কেবাটাও গুৰুত্বপূর্ণ কার্যসূচীত অংশগ্রহণ কৰে৷ পুৱা তেজপুৰ বায়ু সেনা বাহিনীৰ বিমান ঘাটিত ৰাষ্ট্রপতি দ্রোপদী মুর্মূৰ সৈতে এক বিশেষ কার্যসূচীত অংশগ্রহণ কৰি ৰাষ্ট্রপতিগৰাকীক বিদায় সম্ভাষণ জনোৱাৰ পিছত পোনে পোনে আহি উপস্থিত হয় তেজপুৰ হৰিজন কলনীত৷ প্রথমবাৰৰ বাবে তেজপুৰৰ হৰিজন কলনীত এগৰাকী মুখ্যমন্ত্রীয়ে ৰাইজৰ ওচৰলৈ গৈ সুখ–দুখৰ খবৰ লোৱাত হৰিজনসকল আত্মহাৰা হৈ পৰে৷ আবাল বৃদ্ধাই যদি মুখ্যমন্ত্রীক সাৱতি ধৰি চুমা খাইছে যুৱক–যুৱতীসকলে আকৌ হর্ষ উল্লাসেৰে মুখ্যমন্ত্রীৰ সৈতে চেল্ফি উঠাত ব্যস্ত হৈ পৰিছে৷ তাৰ মাজতে এজন যুৱকক আকৌ ৰসিকতা কৰি মুখ্যমন্ত্রীৰ প্রশ্ণ– দিনতে কি খালি নিজৰ আপোনজনৰ দৰে মুখ্যমন্ত্রীকো মুকলিমুৰীয়াকৈ যুৱকজনে সুৰাপান কৰা বুলি স্বীকাৰোক্তি দিছে৷ তাৰ মাজতে বিভিন্নজনে আগববাই দিছে সমস্যা সম্বলিত স্মাৰক পত্র৷ উল্লেখ্য যে, বছৰ বছৰ ধৰি তেজপুৰ পৌৰ সভাৰ অন্তর্গত ৬ নং ৱার্ডৰ হৰিজন কলনীত বসবাস কৰা চাফাই কম্ লোকসকলৰ এশ এবুৰি সমস্যা৷ তদুপৰি ঘন জন বসতিপূর্ণ এই বস্তি অঞ্চলটো পুতিগন্ধময় পৰিৱেশ৷ কিন্তু স্বাস্থ্যসন্মতভাৱে থকাৰ সুবিধাৰ পৰা বঞ্চিত হোৱা ছাফাই কম্সকলে আজি যেন এক আশাৰ ৰেঙনি দেখা পাইছে৷ কাৰণ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই হৰিজন কলনীত উপস্থিত হৈ আজি বাসিন্দাসকলক উদ্দেশ্যি আগবেোৱা ভাষণত কয় যে, হৰিজনসকলৰ জীৱন ধাৰণৰ মাণদণ্ড উন্নত কৰা হব৷ তেওঁ লগতে হৰিজনসকলক নিজস্ব সংসৃক্তিৰ সমান্তৰালভাৱে অসমীয়া সংসৃক্তিকো আকোৱালি লবলৈ আহ্বান জনোৱাৰ লগতে উঠি অহা প্রজন্মহ কেৱল তেওঁলোকৰ নিজস্ব চিৰাচৰিত কামতেহ নিয়োজিত নহৈ পপাশুনা কৰি চাকৰিবাকৰিৰে অন্যান্য চৰকাৰী সা–সুবিধাসমূহো লবলৈও আহবান জনায়৷

চন্দ্র–সূর্য থকালৈ বিহু সংস্কৃতি জীয়াই ৰখাৰ আহবান মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাৰ

বিহুৰ বিশ্বমুখী যাত্রাৰ অংশীদাৰ হব লগা শোণিতপুৰ জিলাৰ ১২ স্থানৰ আখৰাৰ নাচনী, বিহুৱা আৰু বিহুৱতীৰ চূডান্ত আখৰাৰ আজি তেজপুৰৰ নেহৰু ময়দানত প্রত্যক্ষ কৰি অভিভূত হৈ পৰিল অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা৷ ১৪ এপ্রিলত সৰুসজাইত অনুষ্ঠিত বর্ণাঢ্য অনুষ্ঠানত অংশগ্রহণ কৰিব লগা শোণিতপুৰ জিলাৰ ১১৬০ গৰাকী বিহুৱা–বিহুৱতীয়ে আজি ঐতিহাসিক নেহৰু ময়দানত অকল মুখ্যমন্ত্রীৰ সন্মুখতেই নহয়, তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া, বিদ্বৎ সমাজৰ উপস্থিতিত প্রদর্শন কৰিলে বিহু নৃত্য৷ মন্ত্রী পীযুষ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস, বিধায়ক কৃষ কমল তাঁতী, গণেশ কুমাৰ লিম্বু, প্রমোদ বৰঠাকুৰ, উপায়ুক্ত দেৱ কুমাৰ মিশ্র, এমড্রনৰ উপাধ্যক্ষ ঋতুবৰণ শর্মা উপস্থিত থকা দৃষ্টিনন্দন অনুষ্ঠানটি উপভোগ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, অহা ১৪ এপ্রিলত গুৱাহাটীত সৰুসজাই ষ্টেডিয়ামত গধুলি পাঁচ বজাত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সন্মুখত বিহু নৃত্য প্রদর্শন কৰা হব৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ বিহুৱা–বিহুৱতীসকল্ অহা ১০ এপ্রিলত গুৱাহাটীত উপস্থিত হোৱাৰ পিছত সৰুসজাই ষ্টেডিয়ামত ১১ এপ্রিলৰ পৰা ১৩ এপ্রিললৈ দহ হেজাৰ বিহুৱা–বিহুৱতীয়ে অনুশীলন কৰিব লাগিব৷ বিহুৱা–বিহুৱতীসকল্ যাতে শৃংখলিতভাৱে প্রধানমন্ত্রীৰ বিহু নৃত্য প্রদর্শন কৰিব পাৰে তাৰ বাবে গুৰুত্ব প্রদান কৰা হৈছে৷ বিহুৱা–বিহুৱতীৰ সংখ্যা কমি গলে খেলি মেলি হৈ যাব বুলি কৈ সেয়েহে বিহুৱা–বিহুৱতীসকল্ নিজৰ স্বাস্থ্যৰ প্রতিও সজাগ হবলৈ মুখ্যমন্ত্রীগৰাকীয়ে আহবান জনায়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে আৰু কয় যে, অসমে বাপোতি সাহোন বিহুক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰি এক ইতিহাস ৰচনা কৰাৰ প্রয়াস কৰিছে৷ এই ইতিহাস সৃষ্টিৰ অংশীদাৰী বিহুৱা–বিহুৱতীসকল্ বাবে ই এক স্মৰণীয় মুহূর্ত হৈ ৰব বুলি কোৱাৰ লগতে পাৰদৰ্শী শিল্পীসকলে এইবাৰৰ দৰে প্রতি বছৰে উঠি অহা প্রজন্মক বিহু শিকাব লাগিব যাতে চন্দ্র–সূর্য থকালৈকে বিহু সংসৃক্তি জীয়াই থাকে৷ আনহাতে মুখ্যমন্ত্রীগৰাকীয়ে বেৰিকেট পাৰ হৈ ঢুলীয়া–নাচনীসকলৰ্ সৈতে মত বিনিময় কৰে আৰু সকলোকে শুভেচ্ছা জনায়৷

ঊষা–অনিৰুদ্ধ-চিত্ৰলেখাৰ প্রতিমূর্তি উন্মোচন

তেজপুৰৰ ঐতিহ্য–সভ্যতাৰ চানেকীস্বৰূপ ঊষা–অনিৰুদ্ধৰ প্রেম গাঁথা এতিয়া শৈল–ভাস্ক্র্যৰে মূর্তমান হৈ উঠিছে চহৰখনৰ মাজমজিয়াত৷ তেজপুৰ আদালত চাৰিআলিত জিলা প্রশাসনে নতুনকৈ নির্মাণ কৰি উলিওৱা প্রাচীন সভ্যতাৰ স্তম্ভ আৰু স্তম্ভৰ দুয়োকাষে ঊষা–অনিৰুদ্ধৰ প্রণয় তথা চিত্রলেখাৰ যাদুকৰি শক্তিৰ এক শৈল–ভাস্ক্র্য নির্মাণ কৰি উলিয়াইছে তেজপুৰৰ ভাস্ক্র্য শিল্পী পঞ্চম দাসে৷ এই কুণ্ডত কটা মনোৰম শৈল ভাস্ক্র্যৰ আজি শুভ উন্মোচন কৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই৷ শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্রৰ বিশেষ তৎপৰতাত নির্মাণ হোৱা এই স্তম্ভ আৰু ভাস্ক্র্যই তেজপুৰ চহৰলৈ আগমন ঘটা সকলো শ্রেণীৰ লোককে আকর্ষিত কৰি তুলিব৷ উল্লেখ্য যে, পূর্বতে ট্ৰেফিক পইন্ট হিচাপে থকা এই স্থানত ক্লক টাৱাৰ নির্মাণৰ কাম আৰম্ভ কৰিছিল যদিও বিভিন্ন মহলৰ আপত্তিৰ পিছত উপায়ুক্তগৰাকীয়ে বিষয়টোৰ সমাধান সূত্র হিচাপে এই স্থানত প্রাচীন ঐতিহ্যক প্রতিফলিত কৰাৰ বাবে এই পদক্ষেপ গ্রহণ কৰে৷

মুখ্যমন্ত্রীৰ সন্মুখত গীত গোৱা যুৱকক কী–বর্ড উপহাৰ দিয়াৰ প্রতিশ্রুতি

তেজপুৰৰ আদালত চাৰিআলিত এক অনুষ্ঠানত অংশগ্রহণ কৰাৰ সময়তেই এজন যুৱকে মুখ্যমন্ত্রীৰ ওচৰলৈ আহিব বিচৰাত মুখ্যমন্ত্রীয়ে যুৱকজনক কাষলৈ মাতি আনি সুধিলে– তোমাৰ সমস্যা কি যুৱকজনে কলে মই গান গাই ভাল পাও৷ লগে লগে মুখ্যমন্ত্রীয়েও কলে– তেন্তে গান এটি গাই শুনোৱা৷ যুৱকজনে বিনাদ্বিধাই জুবিন গার্গৰ এটি জনপ্রিয় গীত আওৰায়৷ তাৰ পিছত মুখ্যমন্ত্রীয়ে সন্তুষ্ট হৈ কলে তুমি বিহুত গীত গাব লাগিব৷ গীত গাবলৈ তোমাৰ বাদ্যযন্ত্রৰ প্রয়োজন আছে নেকি বুলি সোধাত যুৱকজনে কলে মোক এখন কী–বর্ডৰ প্রয়োজন৷ লগে লগে মুখ্যমন্ত্রীয়েও প্রতিশ্রুতি দিলে তেওঁক এখন কী–বর্ড কিনি দিয়াৰ৷ উল্লেখ্য যে, তেজপুৰ চহৰৰে এখন হোটেলৰ কর্মচাৰী তথা বৰছলা নিবাসী দীপক বডোৱে মুখ্যমন্ত্রীক কাষতে পাই যথেষ্ট আবেগিক হৈ পৰে আৰু তেওঁৰ গীত গোৱাৰ হেঁপাহৰ কথা মুখ্যমন্ত্রীক অৱগত কৰিছিল৷

প্ৰেৰক পুলক ডেকা

You might also like