নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিবেশনৰ প্ৰস্তুতি , আদৰণি সমিতি গঠনৰ বাবে বিশাল ৰাজহুৱা সভা

 

 

 

নিয়মীয়া বাৰ্তা , ৯ এপ্ৰিল :-শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিবেশন ২০২৪ চনত ৰঙিয়াত অধিবেশন অনুষ্ঠিত হব । শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ২০২৪ চনৰ আদৰণি সমিতি গঠনৰ উদ্দেশ্যে দেওবাৰে ৰঙিয়াৰ হিন্দী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় এখন বিশাল সভা । শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ ৰাখে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই । প্ৰধান সম্পাদকজনে ৰঙিয়াই ২০০০ চনতে অধিবেশন অনুষ্ঠিত কৰি মাইলৰ খুঁটি পোতা বুলি উল্লেখ কৰে । আগন্তুক অধিবেশনৰ মুকলি সভাত ৰাষ্ট্ৰপতি নতুবা প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনাব বুলি জানিব দিয়ে ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আই-বাপ বান্ধৱ সকলে দেওবাৰে এক উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি কৰিছে ৰঙিয়াত । সভাত উপস্থিত থাকি তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন বসুমতাৰীয়ে সৰ্বাঙ্গ সুন্দৰ অধিবেশন অনুষ্ঠিত হব বুলি আশা প্ৰকাশ কৰে ।*

ফাৰুক হুছেইন , ৰঙিয়া ।

You might also like