নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল সন্ধিক্ষণত সকলোকে সংঘবদ্ধ হৈ যুঁজ দিয়াৰ আহ্বান মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ ৰাজ্যখনৰ সাম্প্রতিক ক’ভিড পৰিস্থিতি সন্দর্ভত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি কেন্দ্রীয় চৰকাৰৰ বিভিন্ন প্রতিষ্ঠান, সেনাবাহিনী, বিভিন্ন অর্ধসামৰিক বাহিনী, বিভিন্ন তেল কোম্পানী আদিৰ বিষয়ববীয়াসকলৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ অধিক অৱনতি হ’লে প্রয়োজনীয় চিকিৎসা আন্তঃগাঁথনিৰ প্রস্তুতি সন্দর্ভত বিশেষভাৱে আলোচনা কৰা হয়৷ বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্রীয়ে কয় যে ক’ভিডৰ প্রথমটো পর্যায়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে গঢ়ি তোলা সবল আন্তঃগাঁথনিৰ পৰিপ্রেক্ষিতত সম্প্রতি ৰাজ্যখনত ক’ভিড আক্রান্তসকলৰ চিকিৎসাৰ বাবে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা হোৱা নাই৷ কিন্তু সমগ্র দেশতে ক’ভিডৰ দ্বিতীয়টো জোৱাৰে যি মাৰাত্মক ৰূপ ধাৰণ কৰিছে তাৰ পৰিপ্রেক্ষিতত আমাৰ ৰাজ্যখনকো সম্ভাব্য জটিল পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে সাজু কৰি তোলাৰ প্রয়োজনীয়তা আছে৷ এই জটিল সময়ত সকলোৱে সংঘবদ্ধ হৈ যুঁজ দিলেহে এই মহামাৰীক প্রতিহত কৰাৰ লক্ষ্যত আমি উপনীত হ’ব পাৰিম৷

মুখ্যমন্ত্রীয়ে সেয়েহে আজি উপস্থিত থকা সংশ্লিষ্ট সকলো পক্ষকে ঐক্যবদ্ধভাৱে চৰকাৰে লোৱা পদক্ষেপত সহায়–সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে লগতে এই পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সকলো পক্ষকে এটা টীমৰ মানসিকতাৰে ৰণকৌশল প্রস্তুত কৰিবলৈও আহ্বান জনায়৷ আজি উপস্থিত থকা প্রতিষ্ঠানসমূহৰ হাস্পতালসমূহত উপলব্ধ বিছনাৰ অতি কমেও ৫০ শতাংশ বিছনা সাধাৰণ ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে সংৰক্ষিত কৰাৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে লগতে প্রতিষ্ঠানসমূহক যথাসম্ভৱ আই চি ইউ বেডৰ ব্যৱস্থা কৰাৰ বাবেও আহ্বান জনায়৷ এইক্ষেত্রত প্রয়োজন হোৱা অক্সিজেন ইত্যাদিকে ধৰি প্রয়োজনীয় সা–সুবিধা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হ’ব বুলিও মুখ্যমন্ত্রীয়ে কয়৷

ক’ভিডৰ প্রথম জোৱাৰৰ সময়ত সকলোৱে মিলিত প্রচেষ্টাৰে কাম কৰাৰ বাবে এই অতিমাৰী ৰোধ কৰাৰ দিশত অসমে দেশৰ ভিতৰতে নজিৰ সৃষ্টি কৰিব পাৰিছিল বুলি উল্লেখ কৰি পূর্বৰ অভিজ্ঞতাক ভিত্তি কৰি এইবেলিও সকলোৱে মিলি প্রয়োজনীয় পদক্ষেপ ল’লে অসমে এই দিশত সফলতা লাভ কৰিব বুলিও তেওঁ আশা প্রকাশ কৰে৷ বৈঠকত উপস্থিত থকা সংশ্লিষ্ট সকলো পক্ষই ৰাজ্য চৰকাৰে এই দিশত গ্রহণ কৰা ব্যৱস্থাৱলীৰ শলাগ লোৱাৰ উপৰি ভৱিষ্যতে তেওঁলোকেও সম্ভৱপৰ সকলোধৰণৰ সহায়–সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্রদান কৰে৷ সংশ্লিষ্ট সকলো পক্ষই বৈঠকত এই সম্বন্ধীয় কিছু পৰামর্শ আৰু ব্যৱস্থাৱলীৰ বিষয়েও ব্যাখ্যা দাঙি ধৰে৷ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নীৰজ বার্মাই আঁত ধৰা এই বৈঠকত মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণী ভাষণ দিয়ে৷ বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাই এক প্রেজেণ্টেচনযোগে ৰাজ্যৰ সাম্প্রতিক ক’ভিড পৰিস্থিতি, ইয়াৰ ব্যৱস্থাপনা তথা অনাগত দিনৰ প্রয়োজনীয় পদক্ষেপৰ ব্যাখ্যা দাঙি ধৰে৷

বৈঠকত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, তেজপুৰস্থিত ভাৰতীয় সেনাৰ জি অ’ চি ফ’ৰ ক’ৰ, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷ বৈঠকত সেনাবাহিনী আৰু বায়ুসেনাৰ লগতে বি এছ এফ, চি আৰ পি এফ, চি আই এছ এফ, এন ডি আৰ এফ, এছ এছ বি আদি অর্র্ধসামৰিক বাহিনীৰ বিষয়াসকল, উত্তৰ–পূব সীমান্ত ৰে’লৱে আৰু ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ শীর্ষ বিষয়াসকল, অ’ এন জি চি, আই অ’ চি, অইল, গুৱাহাটী শোধনাগাৰ আদি বিভিন্ন তৈল প্রতিষ্ঠানৰ শীর্ষ বিষয়াসকলো উপস্থিত থাকে৷

You might also like