নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৃশংস হত্যাৰ বলি কিশোৰীক শ্রদ্ধাঞ্জলি আছুৰ মুখ্য উপদেষ্টা ড০ ভট্টাচার্যৰ

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ ৰহাৰ খাইগডত প্রকাশ বৰঠাকুৰৰ ঘৰত যোৱা ২২ এপ্রিলত নৃশংস হত্যাৰ বলি হোৱা ১৩ বছৰীয়া চুমিলা ৰংহাংপীৰ পশ্চিম কার্বি আংলং জিলাৰ বৈঠালাংছ’ৰ কুদাম ৰংহাং গাঁৱৰ বাসগৃহত আজি কার্বি ছাত্র সন্থাৰ সভাপতি ছেমচন টেৰণৰ নেতৃত্বত অহা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্ব্বল ভট্টাচার্য, সদৌ অসম ড্রাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰি, চুতীয়া ছাত্র সন্থা, ডিমাচা ছাত্র সংস্থা, নাথ যোগী ছাত্র সন্থা, গোর্খা ছাত্র সন্থাকে ধৰি ৰাজ্যৰ ত্রিশটাকৈ জাতীয় ছাত্র সংগঠনৰ নেতৃবৃন্দ উপস্থিত হয়৷ চুমিলা ৰংহাংপীৰ গৃহত উপস্থিত হৈ ছাত্র সংগঠনৰ বিষয়ববীয়াসকলে প্রথমতে কিশোৰীগৰাকীৰ প্রতিচছবিত বন্তি প্রজ্বলন কৰি, অর্ঘ্য অর্পণেৰে এক মিনিট সময় মৌন প্রার্থনা কৰি মৃত আত্মাৰ চিৰশান্তিৰ বাবে প্রার্থনা জনায় আৰু শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ পাছত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হোৱা সভাত আছুৰ মুখ্য উপদেষ্টা ড০ ভট্টাচার্যই কয় – চুমিলা ৰংহাংপীৰ যি বর্বৰ হত্যাকাণ্ড তাক আমি সকলোৱে তীব্র গৰিহণা দিছোঁ ৷ এই জঘন্য ঘটনাটো অক্ষমণীয়, এই ঘটনাৰ লগত জড়িত সকলোকে দৃষ্টান্তমূলক শাস্তি প্রদান কৰিব লাগিব আৰু ফাষ্ট ড্রেকৰ জৰিয়তে এই গোচৰ চলাব লাগিব ৷ লগতে আইনৰ সুৰুঙাৰে যাতে দোষী সাৰি যাব নোৱাৰে তাৰ বাবে ফলপ্রসূ নিশ্চিত ব্যৱস্থা কৰিব লাগিব৷

বুধবাৰে ত্রিশটা ছাত্র সংগঠনৰ বিষয়ববীয়া আহি চুমিলাৰ পিতৃ–মাতৃক লগ পালোঁ আৰু আমি এইটোৱেই বার্তা লৈ আহিছোঁ যে চুমিলা ৰংহাংপীৰ হত্যাৰ বাতৰি যেতিয়া সমগ্র অসমতে বিয়পি পৰিছিল তেতিয়া অসমৰ প্রতিটো পৰিয়ালৰেই হূদয় চুই গৈছিল আৰু মর্মাহত হৈ পৰিছিল ৷ এই ঘটনাৰ বাবে আপোনালোকেই দুখী নহয়, তাৰ বাবে অসমৰ প্রতিটো পৰিয়ালেই দুখ অনুভৱ কৰিছে৷ এতিয়া অসমৰ জনগণৰ এটাই দাবী যে দোষীয়ে কঠোৰ শাস্তি পাব লাগিব৷ দুখীয়া পৰিয়ালটোৰ গৃহটোৰ অৱস্থা দেখি ত্রিশ সংগঠনৰ সাহায্যৰে এটা কোঠালি নির্মাণ কৰি দিয়াৰ কথা ঘোষণা কৰে ড০ ভট্টাচার্যই৷ চুমিলাৰ গৃহত উপস্থিত হৈ সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীয়ে যিসকল পৰিয়ালৰ লোকে পাহাৰৰ কিশোৰ–কিশোৰীক নি ভালদৰে ব্যৱস্থা দি ৰাখিব পাৰিছে তেনে লোকৰ কথা নাই, কিন্তু চুমিলাৰ দৰে যদি শাৰীৰিক–মানসিকভা অত্যাচাৰ কৰিছে বা অকথ্য নির্যাতন চলাইছে, তেনেবোৰ ল’ৰা–ছোৱালীক গৃহস্থক ঘৰলৈ ঘূৰাই আনিবলৈ আহ্বান জনায়৷ স্বায়ত্তশাসিত পৰিষদৰ জনপ্রতিনিধিসকলে প্রতিখন বিদ্যালয়ত শিক্ষকৰ নিযুক্তি দি পঢ়াৰ পৰিৱেশ গঢ়ি তোলাত অগ্রণী ভূমিকা ল’ব লাগিব বুলি মন্তব্য কৰে খাকলাৰীয়ে৷

You might also like