নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত দুর্বৃত্তক দেখিলেই গুলীওৱাৰ নির্দেশ মুখ্যমন্ত্রীৰ

অশান্ত অসম মিজোৰাম সীমান্ত

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ সংঘাতপূর্ণ অসম–মিজোৰাম সীমান্তৰ দক্ষিণ হাইলাকান্দিৰ সীমান্তৱর্তী গল্লাছেৰাৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে অশান্ত এলেকাত কেন্দ্রীয় নিৰাপত্তাৰক্ষী মোতায়েন কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তক নির্দেশ দিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ কাটলিছৰাৰ বিধায়ক ছুজাম উদ্দিন লস্কৰে দুই সতীর্থ বিধায়ক নিজাম উদ্দিন চৌধুৰী আৰু আজিজ আহমেদ খানৰ সৈতে মুখ্যমন্ত্রীক সাক্ষাৎ কৰি দক্ষিণ হাইলাকান্দিৰ মিজোৰাম সীমান্ত অঞ্চলৰ সাম্প্রতিক পৰিস্থিতি সবিস্তাৰে অৱগত কৰাৰ পাছত এই নির্দেশ দিয়ে মুখ্যমন্ত্রীগৰাকীয়ে৷ বিধায়ক ছুজামে গুৱাহাটীত কয় যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিষয়টোত অত্যন্ত গুৰুত্ব আৰোপ কৰি আৰক্ষী সঞ্চালকপ্রধানক ফোন কৰি অশান্ত এলেকাত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ নির্দেশ দিয়ে৷ ইপিনে আজি দক্ষিণ হাইলাকান্দিৰ অসম–মিজোৰাম সীমান্তৰ উত্তেজনাময় পৰিস্থিতিৰ বুজ লয় ৰাজ্যৰ আৰক্ষীৰ এ ডি জি পি (বর্ডাৰ) মুকেশ আগৰৱালাই৷ অঞ্চলটোৰ নিৰাপত্তা আৰু উচটনিমূলক পৰিস্থিতি প্রতিৰোধ কৰিবলৈ প্রয়োজনত দুষৃকতিকাৰীক দেখা মাত্রকে গুলীৰ নির্দেশ দিয়ে শীর্ষ আৰক্ষী বিষয়াজনে৷ গল্লাছেৰা আৰু ভাইছেৰায়ত দুটা শিবিৰ স্থাপনৰ কথাও ঘোষণা কৰে এ ডি জি পিজনে৷ মুখ্যমন্ত্রীৰ নির্দেশত কালি হাইলাকান্দিৰ উপায়ুক্ত মেঘানিধি দাহল, দক্ষিণ অসম ৰেঞ্জৰ ডি আই জি দিলীপ কুমাৰ দে’, আৰক্ষী অধীক্ষক পবীন্দ্র কুমাৰ নাথক লগত লৈ সীমান্ত পৰিদর্শন কৰে এ ডি জি পি আগৰৱালাই৷ ইফালে আজি বিধানসভাত অসম–মিজোৰাম সীমান্তৰ উত্তেজনাময় পৰিস্থিতি সন্দর্ভত গৃহ বিভাগৰ হৈ সংসদীয় পৰিক্রমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে এক বিবৃতি দাঙি ধৰে৷

মন্ত্রী পাটোৱাৰীয়ে বিবৃতিটোত কয় যে যোৱা ১০ ফেব্রুৱাৰীত দক্ষিণ মণ্ডলৰ আৰক্ষী উপ–মহাপৰিদর্শক, হাইলাকান্দি জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক প্রমুখ্যে অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ এটা দলে ঘটনাস্থলী পৰিদর্শন কৰে৷ তেওঁলোকে অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লয় আৰু আক্রান্ত অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰে৷ মিজোৰাম চৰকাৰৰ কলাচিব জিলা আৰক্ষী অধীক্ষক, মহকুমা বিষয়া প্রমুখ্যে এটা দলো তাত উপস্থিত হয় আৰু দুয়ো ৰাজ্যৰ বিষয়াসকলে উক্ত অঞ্চলত শান্তি–শৃংখলা ৰক্ষাৰ বাবে আৰু ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থাৱলী নির্ধাৰণ কৰে৷ অসম চৰকাৰৰ বিষয়াসকলে উক্ত অঞ্চলত গোট খোৱা বিশেষকৈ জালনাছেৰা, গোলাছেৰা, কচুৰ থল আদি এলেকাৰ স্থানীয় লোক আৰু নেতৃস্থানীয় ব্যক্তিৰ লগত মত বিনিময় কৰি নিৰাপত্তাৰ আশ্বাস দিয়ে৷ উপৰিউক্ত ঘটনা সন্দর্ভত ৰামনাথপুৰ থানাত দুটা গোচৰ পঞ্জীয়নভুক্ত হৈছে আৰু উক্ত দুয়োটা গোচৰৰ তদন্ত চলি আছে৷ বর্তমান জ্যেষ্ঠ আৰক্ষী বিষয়াৰ তত্ত্বাৱধানত ঘটনা সংঘটিত অঞ্চলত এক প্লাটুন চি আৰ পি এফ, এক প্লাটুন সশস্ত্র আৰক্ষী (ৰাজ্যৰ) আৰু জিলা কার্যবাহী আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে৷ প্রেছ বিটাৰিয়ান মিছনেৰী স্কুলতো আৰক্ষীৰ এটা দল মোতায়েন কৰা হৈছে৷ ইয়াৰ উপৰি এছ এছ বিৰ অতিৰিক্ত এটা কোম্পানী অহা ২৪ ঘণ্টাৰ ভিতৰত অঞ্চলটোত মোতায়েন কৰা হ’ব৷ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰু শান্তি–শৃংখলা বজাই ৰাখিবৰ বাবে হাইলাকান্দি জিলা প্রশাসনে মিজোৰামৰ কলাচিব জিলা প্রশাসনৰ লগত অহৰহ যোগাযোগ অব্যাহত ৰাখিছে৷ ইতিমধ্যে অসম আৰক্ষীৰ সীমান্ত সংগঠনৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধানে হাইলাকান্দিত বাহৰ পাতি পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে আৰু পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আইন–শৃংখলা আৰু নিৰাপত্তা ব্যৱস্থাৰ তদাৰক কৰি আছে বুলি বিবৃতিটোত কোৱা হৈছে৷

You might also like