নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮০ কোটি টকাৰ সম্পত্তি কৃষক নেতা ৰাকেশ টিকেইতৰ

উত্তৰ প্রদেশ, দিল্লী, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্রৰ ১৩ স্থানত টিকেইতৰ সম্পত্তি

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ কৃষকৰ সম্পত্তিৰ মূল্য বুলি ক’লে সাধাৰণতে যিখন ছবি প্রতিফলিত হয়, তেনে ছবি কৃষক নেতা ৰাকেশ টিকেইতৰ সম্পত্তিৰ ক্ষেত্রত কিছু ব্যতিক্রম৷ কেন্দ্রীয় চৰকাৰৰ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত নতুন দিল্লীৰ সীমান্তত অব্যাহত থকা কৃষক আন্দোলনক নৱশক্তিৰে উজ্জীৱিত কৰি দেশৰ লগতে বিদেশতো চর্চিত ভাৰতীয় কিষাণ ইউনিয়ন (বি কে ইউ)ৰ নেতা ৰাকেশ টিকেইতৰ সম্পত্তিৰ পৰিমাণ ৮০ কোটি টকা৷ দেশৰ কৃষকৰ মাহিলি গড় উপার্জন ৬,৪০০ টকাতকৈও কম৷ কিন্তু তাৎপর্যপূর্ণ যে কৃষক নেতা ৰাকেশ টিকেইতৰ সম্পত্তিৰ পৰিমাণ ৮০ কোটি টকা৷ তথ্য মতে, কৃষক নেতা টিকেইতৰ ৪ ৰাজ্যৰ ১৩খন চহৰত সম্পত্তি আছে৷ উত্তৰপ্রদেশ, উত্তৰাখণ্ড, দিল্লী আৰু মহাৰাষ্ট্রৰ ১৩খন চহৰত বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠান, সম্পত্তি আছে৷ মুজ্জাফৰনগৰ, ললিতপুৰ, ঝান্সী, লখিমপুৰ, খেৰী, বিজনৰ, বাডাউন, দিল্লী, নয়দা, গাজিয়াবাদ, ডেৰাডুন, ৰুৰকী, হৰিদ্বাৰ আৰু মুম্বাইত বিভিন্ন ব্যৱসায় আছে৷ কৃষক নেতাগৰাকীৰ ব্যৱসায়ৰ ভিতৰত পেট্র’ল পাম্প, শ্ব’ৰুম, ইটাৰ ভাতা, হোটেল, ভূমিকে ধৰি বিভিন্ন ক্ষেত্রত বিনিয়োগ আছে৷ ৫১ বছৰীয়া কৃষক নেতা টিকেইতে ১৯৮৫ চনত সুনীতা দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ এটি পুত্র আৰু দুই কন্যা সন্তান আছে৷ কনিষ্ঠ কন্যা জ্যোতি টিকেইত অষ্ট্রেলিয়াত বসবাস কৰি আছে৷ যোৱা ৮ ফেব্রুৱাৰীত মেলব’নত ভাৰতৰ কৃষক আন্দোলনৰ সমর্থনত উলিওৱা প্রতিবাদী সমদলক নেতৃত্ব দিছিল জ্যোতি টিকেইতে৷ আন এক তথ্য মতে, কৃষক নেতাগৰাকীয়ে বেআইনীভাৱে হৰিণ পুহিছে৷

You might also like