নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোক গ্রেপ্তাৰ কৰিলেও জামিন বিচাৰি নাযাওঁঃ মুখ্যমন্ত্রী

মিজোৰামৰ বেদখল

নিয়মীয়া বাৰ্তা, ২ আগষ্ট: চুবুৰীয়া ৰাজ্য মিজোৰামে অসমৰ মাটিত চলোৱা বেদখল আৰু শেহতীয়াকৈ অসম–মিজোৰাম সীমান্তৰ অসমৰ ভূখণ্ড লাইলাপুৰত সংঘটিত অশান্তজর্জৰ পৰিস্থিতি সম্পর্কত অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব৷ সম্প্রতি অধিবক্তাই সেই গোচৰৰ বাবে প্রস্তুতি চলাই আছে৷ অহা ১০–১৫ দিনৰ ভিতৰত গোচৰ তৰা হ’ব৷

দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেই কথা প্রকাশ কৰে৷ সেই ঘটনা সম্পর্কত অসম চৰকাৰ অথবা মিজোৰাম চৰকাৰে তদন্ত কৰাৰ পৰিৱর্তে নিয়া অথবা কেন্দ্রীয় চৰকাৰৰ কোনো এজেন্সীৰ জৰিয়তে তদন্ত কৰোৱাৰ পোষকতা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রকৃততে কি হৈছিল, আমি জানিব বিচাৰোঁ৷ তাৰ বাবেই তৃতীয় পক্ষই অনুসন্ধান কৰাটো বিচাৰোঁ৷ আমি সদায় শান্তি বিচাৰোঁ৷ আমাৰ ফালৰ পৰা আমি কাৰো মাটি ল’ব যোৱা নাই৷ অসম চৰকাৰে কেন্দ্রীয় গৃহমন্ত্রীৰ উপস্থিতিতেই হওক, কেন্দ্রীয় চৰকাৰৰ উপস্থিতিতেই হওক, আমি ভৱিষ্যতে কেনেকৈ থাকিম, সেই বিষয়ে নির্ণয় হৈ গ’লে ভাল৷ আমি ইয়াত উন্নয়নৰ কাৰণে আহিছোঁ, বিকাশৰ কাৰণে আহিছোঁ৷ গতিকে এইবাৰ কেন্দ্রীয় চৰকাৰৰ লগত বহি অহা সময়খিনি কেনেকৈ থাকিম, এবাৰ নির্ণয় হৈ গ’লে তাত একো অসুবিধা নাই৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে যদি আগভাগ লয়, অসমৰ নিশ্চিতভাৱে আলোচনা কৰাত একো অসুবিধা নাই৷ এই প্রসংগতে তেওঁ কয় যে যোৱাবাৰ সর্বানন্দ সোণোৱাল মুখ্যমন্ত্রী হৈ থকা সময়ত সীমা বিবাদ হৈছিল৷ তেতিয়া তেওঁ দুয়োখন ৰাজ্যৰ লগত কথা–বতৰা পাতি ঠিক কৰি দিছিল৷ এইবাৰো তিনি দিন আগলৈকে মিজোৰামৰ মুখ্যমন্ত্রীৰ সৈতে তেওঁ টেলিফোনত কথা–বতৰা পাতি আছিল৷ যোৱা ২৬ জুলাইৰ পৰা তেওঁ মিজোৰামৰ মুখ্যমন্ত্রীৰ সৈতে কমেও ১২বাৰ টেলিফোনযোগে কথা–বতৰা পাতিছে৷

মিজোৰামে মুখ্যমন্ত্রী ড০ শর্মাৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ প্রসংগত কয় যে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলেই যদি অসম–মিজোৰামৰ সীমা বিবাদ সমাধান হৈ যায়, তেনেহ’লে তেওঁ অত্যন্ত সুখী হ’ব৷ অৱশ্যে অসমৰ বিষয়াক সুৰক্ষা দিবলৈ তেওঁ বদ্ধপৰিকৰ বুলি উল্লেখ কৰি কয় যে কোনো বিষয়াক তেওঁ গ্রেপ্তাৰ কৰিবলৈ নিদিয়ে৷ এই প্রসংগতে তেওঁ কয় যে মিজোৰাম আৰক্ষীয়ে তেওঁক কোনো থানাত হাজিৰ হ’বলৈ নির্দেশ দিলে তেওঁ সেই তদন্তত সহযোগিতা আগবঢ়াব৷ শিলচৰৰ পৰা পদব্রজে গৈ ভাইৰেংটে থানাত উপস্থিত হ’ব৷ যি থানালৈকে মাতে, তালৈকে যাব৷ মিজোৰাম আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰিলেও গুৱাহাটী উচ্চ ন্যায়ালয়ত আগতীয়া জামিনৰ বাবে কোনো আবেদন নকৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই পুনৰ কয়– অসম চৰকাৰে আলোচনাৰ মাধ্যমেৰে বিষয়টো নিষ্পত্তি হোৱাটো বিচাৰে৷ মিজোৰামৰ মুখ্যমন্ত্রীয়ে আলোচনা বিচাৰিলে অসম চৰকাৰ আলোচনাৰ বাবে সাজু আছে৷

You might also like