নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ সেৱা–উন্নয়নৰ স্বার্থতে মই বিজেপিলৈ আহিছোঁ

নিয়মীয়া বাৰ্তা, ২ আগষ্ট: উজনি অসমৰ অন্যতম গুৰুত্বপূর্ণ সমষ্টি থাওৰাৰ প্রাক্তন বিধায়ক সুশান্ত বৰগোহাঁয়ে দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত থাওৰা সমষ্টিৰ কংগ্রেছৰ প্রাক্তন বিধায়কজনে বিজেপিত যোগদান কৰে৷ ভৱেশ কলিতাই প্রাক্তন বিধায়কজনক বিজেপিৰ অংগবস্ত্র পৰিধান কৰোৱাই দললৈ আদৰে৷

ইফালে দলত যোগদান কৰি দিয়া ভাষণত সুশান্ত বৰগোহাঁয়ে কয় যে ৰাইজৰ সেৱা আৰু উন্নয়নৰ স্বার্থত তেওঁ বিজেপিত যোগদান কৰিছে৷ আগন্তুক সময়ত দলৰ নীতি–আদর্শৰ লগতে আগুৱাই নিয়াৰ বাবে সকলো ধৰণৰ সহযোগিতা প্রদান কৰিব বুলি আশ্বাস দি তেওঁ কয়– ‘ৰাজনৈতিক জীৱনৰ আৰম্ভণিতে যেতিয়া মই কংগ্রেছত যোগদান কৰিছিলোঁ, মই ভবা নাছিলোঁ যে এদিন কংগ্রেছ দল ত্যাগ কৰিব লাগিব৷ কিন্তু বিজেপিত যোগদান কৰি এই দলটোক নিজৰ দল হিচাপে বিজেপিক আঁকোৱালি লৈছোঁ৷ ৰাইজৰ উন্নয়নৰ স্বার্থত আগন্তুক সময়ত কাম কৰি যাবলৈ মই প্রতিশ্রুতিবদ্ধ৷’

ইপিনে অনুষ্ঠানত ভাষণ প্রদান কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে বিজেপিয়েই হৈছে একমাত্র দল, যিটো দলৰ ভিজন, মিছন আৰু লক্ষ্য আছে৷ ৰাজ্যৰ সকলো জাতি–জনগোষ্ঠীক একেলগে লৈ আগন্তুক সময়ত দলটো আগবাঢ়ি যাব বুলি উল্লেখ কৰি কলিতাই কয়– ‘বিজেপি এতিয়া এক বটবৃক্ষত পৰিণত হৈছে৷ প্রধানমন্ত্রী মোদীৰ নেতৃত্বত ভাৰত বিশ্বগুৰু হিচাপে প্রতিষ্ঠিত হোৱাৰ পথত আগবাঢ়িছে৷ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস নীতিৰে প্রধানমন্ত্রী মোদীয়ে দেশখনক সকলো দিশৰ পৰাই আগবঢ়াই নিছে৷ ২০১৬ চনত বিজেপিৰ নেতৃত্বত অসমত চৰকাৰ প্রতিষ্ঠা হৈছিল৷ ২০২১ চনলৈ এই ৫টা বছৰত বিজেপি চৰকাৰৰ উন্নয়নে সকলো জাতি–জনগোষ্ঠীক স্পর্শ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমত চৰকাৰ গঠন হৈছিল৷ এই নতুন চৰকাৰখনে ৰাজ্যখনক প্রগতিৰ পথত দ্রুত গতিৰে আগবঢ়াই নিছে৷ যাৰ বাবে ৰূপজ্যোতি কুর্মীৰ পাছত বিজেপিৰ নীতি–আদর্শৰ প্রতি আকর্ষিত হৈ সুশান্ত বৰগোহাঁয়ে বিজেপিত যোগদান কৰিছে৷ আৰু এজন বিধায়ক বিজেপিলৈ আহিব৷’ বিজেপি এটা সু–শৃংখলিত দল বুলি উল্লেখ কৰি নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি চৰকাৰে পালন কৰিবলৈ দায়বদ্ধ বুলিও তেওঁ সদৰী কৰে৷ একে সময়তে থাওৰা সমষ্টিৰ প্রাক্তন বিধায়ক কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁয়ে একত্রিতভাৱে সমষ্টিটোক উন্নয়নৰ দিশত আগবঢ়াই লৈ যাব বুলিও তেওঁ আশা প্রকাশ কৰে৷

এই অনুষ্ঠানতে সুশান্ত বৰগোহাঁইৰ উপৰি প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পদিকা বর্ণালী শইকীয়া বৰায়ো বিজেপিত যোগদান কৰে৷ যোগদান কার্যসূচীত মন্ত্রী পীয়ূষ হাজৰিকা, সাংসদ পল্লৱলোচন দাস, বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, উপ–সভাপতি পুলক গোহাঁই উপস্থিত থাকে৷

ইফালে বিজেপিৰ ৰাজ্যিক কার্যালয়ত যোগদানৰ পূর্বে সুশান্ত বৰগোহাঁয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সৌজন্যমূলক সাক্ষাৎ কৰে৷ দিছপুৰৰ মুখ্যমন্ত্রীৰ বাসগৃহত বৰগোহাঁয়ে ড০ শর্মাক সাক্ষাৎ কৰে৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে সুশান্ত বৰগোহাঁইৰ যোগদানে বিজেপিক শক্তিশালী কৰিব৷ একে সময়তে সমষ্টিটোৰ প্রাক্তন বিধায়ক কুশল দুৱৰীয়ে আগন্তুক সময়ত এইক্ষেত্রত আপত্তি কৰিব নেকি বুলি সোধা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়– ‘যোৱা ৭ দিন ধৰি কুশল দুৱৰী মোৰ লগতেই আছে৷ কালিও দুৱৰী মোৰ কার্যালয়ত আহি দীঘলীয়া সময় বার্তালাপ কৰিছে৷ আনকি সুশান্ত বৰগোহাঁইৰ যোগদানে দলটোক শক্তিশালী কৰিব বুলি মত প্রকাশ কৰিছে কুশল দুৱৰীয়ে৷’

You might also like