নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজহ সংগ্রহ বাঢ়িছে এপিডিচিএলৰঃ জুন–জুলাইত ৪০০ কোটি টকাৰ ৰাজহ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২ আগষ্ট: ৰাজ্য চৰকাৰে এ পি ডি চি এলৰ সংস্কাৰৰ বাবে গ্রহণ কৰা কঠোৰ পদক্ষেপ আৰু জনসাধাৰণে বিদ্যুৎ মাচুল আদায় দিবলৈ আৰম্ভ কৰাৰ লগে লগে এ পি ডি চি এলত ৰাজহ সংগ্রহৰ পৰিমাণ বৃদ্ধি পাইছে৷ দেওবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শক্তিমন্ত্রী বিমল বৰাৰ উপস্থিতিত গুৱাহাটীৰ বিজুলী ভৱনত এ পি ডি চি এল, এ পি জি চি এল আৰু এ ই জি চি এলৰ বিভিন্ন কাম–কাজৰ ওপৰত এখন পর্যালোচনা বৈঠকত মিলিত হৈ সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰে৷ এ পি ডি চি এলে ২০২০ বর্ষৰ তুলনাত এইবাৰ যোৱা জুন মাহত ১০০ কোটি টকা আৰু জুলাই মাহত ৩০০ কোটি টকা মুঠ ৪০০ কোটি টকাৰ অধিক ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হয়৷ ৰাজহ সংগ্রহৰ ক্ষেত্রত সম্প্রতি এ পি ডি চি এলে উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০২০ চনৰ জুন মাহত ৪৪০ কোটি টকা ৰাজহ সংগ্রহ কৰাৰ বিপৰীতে চলিত বর্ষৰ জুন মাহত ৫৫৪ কোটি টকা সংগ্রহ কৰিছে৷ অর্থাৎ, ৰাজহ সংগ্রহৰ পৰিমাণৰ বৃদ্ধি পাইছে প্রায় ১০০ কোটি টকা৷ সেইদৰে জুলাই মাহত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল ৪৬৩.১২২ কোটি টকা৷

ইয়াৰ বিপৰীতে চলিত বর্ষত জুলাই মাহত সংগৃহীত ৰাজহৰ পৰিমাণ হৈছে ৭৩৫.১৬ কোটি টকা৷ অর্থাৎ পূর্বৰ বর্ষৰ তুলনাত এইবাৰ প্রায় ৩০০ কোটি টকা ৰাজহ বৃদ্ধি পাইছে৷ বিভাগটোৰ বিষয়া তথা কর্মচাৰীসকলৰ নিষ্ঠাপূর্ণ সেৱাৰ বাবে এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত ১.৯৫ লাখ চাহ শ্রমিকৰ পূর্বৰ বিদ্যুৎ বিল আদায় দিবলৈ বাকী আছে৷ সেইদৰে দাৰিদ্র্য সীমাৰেখাৰ তলৰ ১১.২১ লাখ লোকৰো বিদ্যুৎ বিল আদায় দিবলৈ বাকী আছে৷ চাহ বাগিচাৰ শ্রমিক আৰু দাৰিদ্র্য সীমাৰেখাৰ তলৰ বিদ্যুৎ গ্রাহকৰ অনাদায় বিল প্রদানৰ সুবিধার্থে আজিৰ বৈঠকত উক্ত অনাদায় বিল আদায়ৰ সময়ত আদায় দিবলগীয়া ২০ শতাংশ ওপৰঞ্চি বিল মাচুল ৰেহাইৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ চাহ শ্রমিক আৰু দাৰিদ্র্য সীমাৰেখাৰ তলৰ বিদ্যুৎ গ্রাহকে ২০ শতাংশ ওপৰঞ্চি মাচুল নিদিয়াকৈয়ে এতিয়া তেওঁলোকৰ বকেয়া বিদ্যুতৰ বিল ১০টা কিস্তিত আদায় দিব পাৰিব৷

মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে সৌভাগ্য আঁচনিৰ অধীনত নতুন বিদ্যুৎ সংযোগৰ বাবে ৰাজ্যখনে কেন্দ্রীয় চৰকাৰৰ পৰা ১,৭১৯ কোটি টকাৰ অনুদান লাভ কৰিছে৷ এই ধনৰাশিৰে ৰাজ্যখনৰ ৪,৮০,২৪৯টা পৰিয়ালক নতুনকৈ বিদ্যুৎ সংযোগ প্রদান কৰিব পৰা যাব৷ সেইদৰে ৰাজ্যখনত ৪৮,৫৫৭টা অংগনৱাড়ী কেন্দ্র আৰু ১৩,৩২১খন প্রাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ চলিত বছৰৰ ডিচেম্বৰ মাহৰ ভিতৰত এই বিদ্যুৎ সংযোগ কৰিব পৰা যাব বুলি আশা প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এ পি ডি চি এল কর্তৃপক্ষই অনতিপলমে এই সংক্রান্তত নিবিদা প্রকাশ কৰিব৷ ৰাইজে সময় মতে বিদ্যুৎ বিল আদায় দিয়াৰ বাবেই চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিব পাৰিছে বুলি তেওঁ প্রকাশ কৰে৷

আনহাতে চৰকাৰী বিভাগসমূহৰ বিদ্যুৎ মাচুল আদায় দিয়াৰ বাবে এতিয়াৰে পৰা এটা গ্ল’বেল হেডৰ পৰা দিয়াৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্রহণৰ বিষয়ে জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কিছুদিনৰ ভিতৰত এয়া ৰূপায়ণ হ’ব৷ প্রত্যেক মাহৰ ১ তাৰিখত এ পি ডি চি এলত চৰকাৰী বিভাগৰ বিদ্যুৎ মাচুল আদায় দিয়া হ’ব৷ যোৱা ৩০ জুলাইত চৰকাৰে ৫০ কোটি টকা এ পি ডি চি এলক হস্তান্তৰ কৰিছে বুলি প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰে এ পি ডি চি এলক সম্পূর্ণ বিল আদায় দি আহিছে৷ কিছুমান লোকেহে চৰকাৰী বিভাগসমূহে বিল আদায় নিদিয়া বুলি প্রচাৰ কৰি আহিছে৷ কিন্তু চৰকাৰৰ বিল এ পি ডি চি এলে নিয়মিত ৰূপত পাই আহিছে৷ এ পি ডি চি এলৰ ১০০ শতাংশ শ্বেয়াৰ হ’ল্ডাৰ হৈছে অসম চৰকাৰ৷ এ পি ডি চি এলক অসম চৰকাৰে চলাই আছে৷ বিদ্যুৎ বিলৰ উপৰি পাৱাৰ ছাবছিডীকে ধৰি বিভিন্ন আন্তঃগাঁথনিৰ কামত এ পি ডি চি এলক চৰকাৰে সহায় কৰি আহিছে৷ চৰকাৰৰ সহায় নহ’লে এটা দিনৰ বাবেও এ পি ডি চি এল চলিব নোৱাৰে৷ সেইদৰে এ পি ডি চি এল ব্যক্তিগত খণ্ডত যাব বুলি একাংশই চলাই অহা প্রচাৰো নস্যাৎ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কোনেও এই প্রতিষ্ঠানটো কিনিব নাহে৷ কাৰণ প্রতিষ্ঠানটো লাভত চলি থকা নাই৷ যিয়ে কিনিবলৈ আহিব, সিয়েই ডুবিব, বিপদত পৰিব৷ এ পি ডি চি এল ব্যক্তিগত খণ্ডত আজিও নাযায় আৰু ৫০ বছৰতো নাযায়৷ ইপিনে বর্তমানো এ পি ডি চি এল মাহে ১০২ কোটি টকাৰ লোকচানত ভুগি থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিদ্যুৎ চুৰি আৰু কাৰিকৰী লোকচানৰ বাবে মাহে ১০২ কোটি টকাৰ লোকচান এতিয়াও চলি আহিছে৷

সেইদৰে এ পি ডি চি এলত ইতিমধ্যে গাড়ীচালক আৰু সহায়কৰ ১৬০০ পদৰ বাবে হোৱা পৰীক্ষাৰ ফলাফল অচিৰে প্রকাশ কৰি সেই পদসমূহ পূৰণৰ ব্যৱস্থা কৰা হ’ব বুলি প্রকাশ কৰে৷ এই বৈঠকখনত এই লোকচান কেনেদৰে ৰোধ কৰিব পাৰি, সেই বিষয়ে আলোচনা কৰা হৈছে৷ জনসাধাৰণক সময়মতে বিদ্যুৎ মাচুল আদায় দিয়াৰ লগতে বিদ্যুৎ চুৰি ৰোধৰ বাবে আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কোনোবাই বিদ্যুৎ চুৰি কৰিলে তাৰ বোজা নিয়মীয়াকৈ বিদ্যুৎ মাচুল আদায় দি অহা গ্রাহকৰ ওপৰত পৰে৷ নিয়মীয়াকৈ বিদ্যুৎ বিল আদায় দিয়াৰ লগতে বিদ্যুৎ চুৰি ৰোধ কৰিলে বিদ্যুতৰ দাম নকমিলেও বিদ্যুৎ মাচুল বৃদ্ধি নহ’ব৷ বৈঠকখনৰ আৰম্ভণিতে ৰাজ্যৰ মুখ্য সচিব তথা শক্তি খণ্ডৰ তিনিওটা কোম্পানীৰ অধ্যক্ষ জিষ্ণু বৰুৱাই ভিডি’ কনফাৰেঞ্চ ব্যৱস্থাত অংশগ্রহণ কৰি শক্তি খণ্ডত সংস্কাৰৰ অর্থে যোৱা দুটা মাহত লোৱা বিভিন্ন পদক্ষেপৰ ফলস্বৰূপে হোৱা অগ্রগতি সন্দর্ভত মুখ্যমন্ত্রীক অৱগত কৰে৷ বৈঠকখনত শক্তি বিভাগৰ প্রধান সচিব নিৰজ বার্মা, তিনিওটা কোম্পানীৰ পৰিচালন সঞ্চালকৰ লগতে ভিডিঅ’ কনফাৰেঞ্চযোগে শক্তি বিভাগৰ ৪৫টা সংমণ্ডলৰ সহকাৰী মহাপ্রবন্ধক আৰু ১৯টা বৈদ্যুতিক চার্কোলৰ মুখ্য কার্যবাহী বিষয়াসকলে অংশগ্রহণ কৰে৷

You might also like