নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেতকুছিৰ পৰিবহণৰ ৱাৰ ৰূমত মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ৬ মে’ :  লকডাউনৰ সময়ছোৱাত বিভিন্ন ঠাইত আবদ্ধ হৈ থকা লোকসকলৰ যাতায়াতৰ বিষয়টো পর্যালোচনা কৰাৰ উদ্দেশ্যে মঙলবাৰে গড়চুকস্থিত অসম দক্ষতা বিকাশ অভিযানৰ কার্যালয়ত উপস্থিত হয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ মুখ্যতঃ ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলৰ লগতে বিভিন্ন জিলাত আবদ্ধ হৈ থকা লোকসকলৰ যাতায়াত ব্যৱস্থা নিৰীক্ষণৰ বাবে উপস্থিত হোৱা মুখ্যমন্ত্রী সোণোৱালে পৰিবহণ বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷ এই বৈঠকতে মুখ্যমন্ত্রীয়ে আন্তঃজিলা যাতায়াত ব্যৱস্থা কিদৰে পৰিচালিত হৈছে, কিমানসংখ্যক বাছ চলিছে, যাত্রীসকলক কিদৰে প্রেৰণ কৰা হৈছে, সেই সন্দর্ভত বিস্তৃত পর্যালোচনা কৰে৷ বৈঠকত মুখ্যমন্ত্রীয়ে পৰিবহণ বিভাগ, স্বাস্থ্য বিভাগ আৰু আৰক্ষীক সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায়৷

আনহাতে, বৈঠকত উপস্থিত থকা পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে মুখ্যমন্ত্রীক অৱগত কৰে যে যোৱা ২৫ এপ্রিলৰ পৰা ২ মে’লৈকে পৰিবহণ বিভাগে ২,০৯০খন বাছেৰে ৩২,৪৪৪গৰাকী যাত্রীক অহা–যোৱাৰ সুবিধা প্রদান কৰিছে৷ তদুপৰি ৰাষ্ট্রীয় ঘাইপথত থকা ৪৫খন ধাবা মুকলি কৰাৰ অনুমতি প্রদান কৰাৰ লগতে ৮৫খন ট্রাক মেৰামতি কৰা গেৰেজ মুকলি কৰা হৈছে৷ ইফালে, গুৱাহাটীত ২০০খন চিটীবাছ চলোৱাৰ বিপৰীতে আন্তঃজিলা পৰিবহণ সুচল কৰাৰ বাবে ২৪৮খন বাছসেৱা আৰম্ভ কৰাৰ কথাও মুখ্যন্ত্রীক অৱগত কৰে মন্ত্রী পাটোৱাৰীয়ে৷ মুখ্যমন্ত্রীয়ে আজি আন্তঃজিলা যাতায়াতৰ বাবে পৰিবহণ বিভাগে প্রস্তুত কৰি তোলা ৱাৰ ৰূম পৰিদর্শন কৰে৷

বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে কয় যে লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ জনসাধাৰণে যাতে কোনোধৰণৰ খাদ্য সমস্যাৰ সন্মুখীন হ’ব নালাগে, তাৰ বাবে ৫ লাখ মেট্রিকটন চাউল ভাৰতীয় খাদ্য নিগমে ইতিমধ্যে মজুত কৰি ৰাখিছে৷ ৰাজ্যত এই সময়ছোৱাৰ মাজতে খাদ্য–সামগ্রীৰ ৪৫২টা ৰে’ল ৰেক অহাৰ লগতে ৪৪,৮৩২খন খাদ্য–সামগ্রী কঢ়িওৱা ট্রাক অসমত প্রৱেশ কৰিছে৷ ইয়াৰে ধুবুৰীৰ বক্সিৰহাটেৰে ১৩,০৮৩খন ট্রাক আৰু কোকৰাঝাৰ জিলাৰ শ্রীৰামপুৰেৰে ৩১,৬৪৯খন ট্রাক প্রৱেশ কৰিছে৷

তদুপৰি এই সময়ছোৱাত যাতে ৰন্ধন গেছৰ সমস্যাৰ সৃষ্টি নহয়, তাৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে৷ যাৰ বাবে ৫৪,৭৪৩ মেট্রিকটন বটলিং কৰাটো সম্ভৱ হৈ উঠিছে৷ মুখ্যমন্ত্রীয়ে লকডাউনৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকা বিষয়টোক উল্লেখ কৰি কয় যে বিষয়টোৰ প্রতি চৰকাৰে বিশেষ গুৰুত্ব প্রদান কৰিছে৷ শিক্ষার্থীয়ে যাতে শিক্ষাবর্ষ হেৰুৱাব লগা নহয়, তাৰ বাবে ইতিমধ্যে শিক্ষা বিভাগে পদক্ষেপ গ্রহণ কৰিছে৷ শিক্ষার্থীসকলক অনলাইনৰ জৰিয়তে শিক্ষাদানৰো ব্যৱস্থা কৰিছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ অনুষ্ঠানৰ পাছতেই মুখ্যমন্ত্রী সোণোৱালে আন্তঃৰাজ্যিক বাছ আস্থানলৈ গৈ যাত্রীসকলৰ সৈতে মত বিনিময় কৰে৷ আজি মুখ্যমন্ত্রীক এই অনুষ্ঠানত সংগ দিয়ে বিধায়ক মৃণাল শইকীয়া, ঋতুপর্ণ বৰুৱা, বিমল বৰাৰ লগতে এডিজিপি হৰমিৎ সিং, পৰিবহণ বিভাগৰ আয়ুক্ত সচিব কে কে দ্বিবেদী, এএছটিচিৰ পৰিচালন সঞ্চালক আনন্দ প্রকাশ তিৱাৰীৰ লগতে শীর্ষ বিষয়াসকলে৷

You might also like