নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিএম কিষাণ আঁচনিত দুর্নীতিৰ তদন্ত ঘোষণা

নিয়মীয়া বাৰ্তা, ৬ মে’ : কেন্দ্রীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি প্রধানমন্ত্রী কিষাণ সন্মান নিধি (পি এম কিষাণ) ৰূপায়ণত সমগ্র ৰাজ্যত সংঘটিত হৈছে ভয়াৱহ দুর্নীতি৷ চাকৰিয়াল, পঞ্চায়ত প্রতিনিধি, লাখপতি ব্যৱসায়ীকে ধৰি বিভিন্ন বৃত্তিৰ লোকে হিতাধিকাৰীৰ তালিকাত নিজৰ নাম সুমুৱাই কৃষকৰ বাবে আবণ্টিত ধন লুণ্ঠন কৰাৰ ঘটনা ইতিমধ্যে সর্বত্র চর্চাৰ বিষয় হৈ পৰিছে৷

তাৰ পাছতে কালি কৃষিমন্ত্রী অতুল বৰাই এই কেলেংকাৰি সন্দর্ভত এক তদন্তৰ নির্দেশ দিছে৷ মন্ত্রীগৰাকীয়ে কালি কৃষি বিভাগৰ প্রধান সচিব ৰাজেশ প্রসাদ আৰু সঞ্চালক মনোজ কুমাৰক সমগ্র কেলেংকাৰি সন্দর্ভত তদন্ত কৰি ১০ দিনৰ ভিতৰত প্রতিবেদন দাখিলৰ নির্দেশ দিছে৷ অহা ১৫ মে’ৰ ভিতৰত বিষয়াদ্বয়ে তদন্তৰ প্রতিবেদন জমা দিব লাগিব৷

উল্লেখ্য যে পি এম কিষাণ আঁচনিত প্রকৃত কৃষকৰ বাহিৰে আন হাজাৰ হাজাৰ মধ্যভোগী, ৰাজনৈতিক দলৰ নেতা–পালিনেতাই ব্যাপক লুণ্ঠন চলোৱা ঘটনাই ৰাজ্যৰ গাঁৱে–ভূঞে ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷ আনকি অস্তিত্বহীন হিতাধিকাৰীৰ নামতো বহু ঠাইত চলিল সীমাহীন লুণ্ঠন৷ ‘নিয়মীয়া বার্তা’তো পি এম কিষাণ আঁচনি ৰূপায়ণত হোৱা অনিয়ম সন্দর্ভত তথ্যসমৃদ্ধ বিস্তৃত প্রতিবেদন প্রকাশ পাইছে৷ তাৰ পাছতে আজি বিভাগীয় মন্ত্রী অতুল বৰাই বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্তৰ নির্দেশ দিয়ে৷

You might also like