নিয়মীয়া বাৰ্তা ১৮ অক্টোবৰঃ গুৱাহাটীৰ পাণবজাৰস্থিত দ্য ইণ্ডাষ্ট্রিয়েল কো–পাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্রজ্যোতি ভৰালীক দেওবাৰে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ দ্য ইণ্ডাষ্ট্রিয়েল কো–পাৰেটিভ বেংকত সংঘটিত বিত্তীয় কেলেংকাৰি সন্দর্ভত কালি পাণবজাৰ থানাত বেংকটোৰ এগৰাকী অৱসৰপ্রাপ্ত কর্মচাৰী গকুল তালুকদাৰে এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত পাণবজাৰ থানাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৩৮৭/৫০৬ ধাৰাৰ অধীনত ৫৫১/২১ নম্বৰত এটা গোচৰ ৰুজু কৰে৷ উক্ত গোচৰটোৰ ভিত্তিত আজি পাণবজাৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই পৰিচালন সঞ্চালক শুভ্রজ্যোতি ভৰালীক আত্মীয়ৰ ঘৰৰ পৰা গ্রেপ্তাৰ কৰে৷ পাণবজাৰ আৰক্ষীয়ে আজি অভিযুক্ত পৰিচালন সঞ্চালক শুভ্রজ্যোতি ভৰালীক কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷
আৰক্ষীয়ে অভিযুক্ত ভৰালীক পাঁচ দিনৰ জিম্মাত বিচাৰে যদিও আদালতে তিনি দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ সম্প্রতি পাণবজাৰ থানাত উচ্চপদস্থ আৰক্ষী বিষয়াই দ্য ইণ্ডাষ্ট্রিয়েল কো–পাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্রজ্যোতি ভৰালীক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে দ্য ইণ্ডাষ্ট্রিয়েল কো–পাৰেটিভ বেংকত সংঘটিত বিত্তীয় কেলেংকাৰি সন্দর্ভত প্রায় এমাহ পূর্বে নাগৰিক সুৰক্ষা মঞ্চ, অসমৰ সভাপতি ভদ্রেশ্বৰ বর্মনে পৰিচালন সঞ্চালক শুভ্রজ্যোতি ভৰালীসহ ৮জনৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছিল৷ উক্ত এজাহাৰৰ ভিত্তিত পাণবজাৰ থানাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪০৮/৪০৯/ ৪৮৬/৪৭১ ধাৰাৰ অধীনত ৪৮৯/২১ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল৷ বেংকটোৰ পৰিচালন সঞ্চালক শুভ্রজ্যোতি ভৰালীয়ে দুটাকৈ ছার্ভাৰ ব্যৱহাৰ কৰি কৌশলেৰে ৯,৫০,৬১,৪৯৯ টকা লুটি নিয়া সন্দর্ভত আৰক্ষীক এজাহাৰকাৰীয়ে তথ্য প্রদান কৰিছিল৷ লগতে পাণবজাৰ থানাত বেংকটোৰ পৰিচালন সঞ্চালক শুভ্রজ্যোতি ভৰালী, বেংক বিষয়া ৰাজেশ্বৰ দাস, গণেশ দাস, বেংকৰ সঞ্চালক ৰিংকু বর্মন, অধ্যক্ষ মোহিত চন্দ্র গয়াৰী, উপাধ্যক্ষ নৰেন চন্দ্র মেধি, সঞ্চালক মুকুল তালুকদাৰ আৰু অনিল চন্দ্র কলিতাৰ বিৰুদ্ধে নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতিগৰাকীয়ে এজাহাৰ দাখিল কৰিছিল৷
পাণবজাৰ থানাত গোচৰ ৰুজু হোৱাৰ পাছৰে পৰা পৰিচালন সঞ্চালক শুভ্রজ্যোতি ভৰালীয়ে আত্মগোপন কৰিছিল৷ আৰক্ষীয়ে ভৰালীৰ মালিগাঁৱৰ বাসভৱনত কেইবাবাৰো অভিযান চলাইছিল যদিও ভৰালীয়ে আত্মীয়ৰ ঘৰত আত্মগোপন কৰি আছিল৷ নাগৰিক সুৰক্ষা মঞ্চই বেংকটোত প্রায় ১০ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱা বুলি উল্লেখ কৰিলেও একাংশ বেংক কর্মচাৰীয়ে পৰিচালন সঞ্চালক শুভ্রজ্যোতি ভৰালীৰ নেতৃত্বত বেংকটোৰ ৫০ কোটিৰো অধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব দ্য ইণ্ডাষ্ট্রিয়েল কো–পাৰেটিভ বেংকত সংঘটিত হোৱা কেলেংকাৰিৰ সবিশেষ তথ্য৷
উল্লেখ্য যে এজাহাৰকাৰী ভদ্রেশ্বৰ বর্মনে বেংকটোত সংঘটিত কেলেংকাৰিৰ বহু তথ্য আৰক্ষীক প্রদান কৰিছে৷ পৰিচালন সঞ্চালক শুভ্রজ্যোতি ভৰালীয়ে বেংকৰ অধ্যক্ষ আৰু পৰিচালন ব’ৰ্ডৰ একাংশক হাত কৰাৰ বাবে বে–আইনীভাৱে পাৰিশ্রমিকো প্রদান কৰাৰ তথ্য আৰক্ষীক প্রদান কৰিছে৷ শুভ্রজ্যোতি ভৰালী এণ্ড কোম্পানীৰ নেতৃত্বত দ্য ইণ্ডাষ্ট্রিয়েল কো–পাৰেটিভ বেংকৰ ধন কৌশলেৰে আত্মসাৎ কৰাৰ বাবে চাৰিওটা শাখাত জমা ধনৰ পৰিমাণ ২১৬.৯৮ কোটি টকাৰ পৰা ১৬৭.০৯ কোটি টকালৈ হ্রাস পায় বুলিও সর্বত্র চর্চা লাভ কৰিছে৷ উক্ত বেংকটোৰ অৱসৰপ্রাপ্ত কর্মচাৰী গকুল তালুকদাৰৰ এজাহাৰৰ ভিত্তিত পৰিচালন সঞ্চালক শুভ্রজ্যোতি ভৰালীক গ্রেপ্তাৰ কৰাৰ পাছতে বেংকটোৰ পৰা কৌশলেৰে ৫০ কোটিৰো অধিক টকা আত্মসাৎ কৰা সন্দর্ভত ন ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷