নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামুলপুৰত এতিয়া বৈছে উন্নয়নৰ ধল ২৬ জানুৱাৰীত নতুন জিলাত পতাকা উত্তোলন

ইউপিপিএলৰ জলেন দৈমাৰীৰ হৈ প্রচাৰ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১৮ অক্টোবৰঃ ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ মনোনয়ন প্রত্যাহাৰৰ দিন কালি উকলাৰ পাছতেই আৰম্ভ হৈছে সমষ্টিয়ে সমষ্টিয়ে হাইভ’ল্টেজ নির্বাচনী প্রচাৰ৷ ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিত দেওবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইউ পি পি এল তথা বিজেপি মিত্রজোঁটৰ প্রার্থী জলেন দৈমাৰীৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ সমষ্টিটোৰ মটঙা ক্ষেত্রত আয়োজিত বিজেপি, অগপ আৰু ইউ পি পি এলৰ এখন যৌথ কার্যকর্তা সভাত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বি টি আৰ অঞ্চলত এতিয়া বন্দুকৰ শব্দ নাই৷ ইয়াৰ পৰিৱর্তে সৃষ্টি হৈছে শান্তিৰ বাতাৱৰণ৷ শান্তিৰ পথেৰে আগবাঢ়ি বি টি আৰৰ সামগ্রিক উন্নয়ন অতি ক্ষিপ্রতাৰে সাধন কৰা হ’ব৷

ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই সমষ্টিটোৰ বিধায়ক লেহোৰাম বড়োক অকালতে হেৰুওৱাৰ কথা উল্লেখ কৰি কয় যে আজিৰ এই সভাখন নির্বাচনী সভা নহয়, এইখন এখন শ্রদ্ধাঞ্জলি সভাহে৷ প্রয়াত বিধায়কগৰাকীৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপনৰ লগতে তেওঁৰ পুণ্য আত্মাৰ চিৰশান্তি কামনা কৰে৷ বিধায়ক লেহোৰাম বড়োৰ ক’ভিডত অকাল মৃত্যু হোৱা বাবে তামুলপুৰত পুনৰ নির্বাচন অনুষ্ঠিত কৰিব লগা হ’ল৷ মিত্রজোঁটৰ তৰফৰ পৰা জলেন দৈমাৰীক প্রার্থিত্ব প্রদান কৰা হৈছে৷ ৰাইজে যুৱ নেতা জলেন দৈমাৰীক ভোট দিয়া মানে বিজেপি, অগপ, ইউ পি পি এলক ভোট দিয়া হ’ব৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান বি টি আৰত স্থায়ী শান্তি হৈ আহিছে৷ বন্দুকৰ সংস্কৃতি শেষ হৈছে৷ মানুহৰ মাজত ভাতৃত্ববোধৰ সৃষ্টি হৈছে৷ বিজেপি, ইউ পি পি এল একেলগে বহি সভা পতাৰ পৰিৱেশ ঘূৰি আহিছে৷ বিজেপিয়ে শাসন হাতত লোৱাৰ পাছতেই নির্বাচনী প্রতিশ্রুতি পালন কৰা বুলি উল্লেখ কৰি তামুলপুৰ মহকুমাত পাগলাদিয়া নৈৰ ওপৰত দুখনকৈ দলং নির্মাণৰ কাম আৰম্ভ কৰা, চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা আদিকে ধৰি বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ২০২২ৰ ভিতৰত পাগলাদিয়া নৈৰ ওপৰত নির্মীয়মাণ তামুলপুৰ–জাৰতালুক্ সংযোগী পথৰ যাতায়াত সুগম হৈ উঠিব৷ কুমাৰীকাটাৰ খৈৰাণিত পাগলাদিয়া নৈৰ ওপৰত এখন নতুন পকী দলং নির্মাণ কৰা হ’ব৷ সেই দলঙৰ ওপৰেৰে বৰমা, চিৰাং জিলাৰ মানুহ তামুলপুৰ চিকিৎসা মহাবিদ্যালয়লৈ আহিব পাৰিব৷

তামুলপুৰ জিলাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ২৬ জানুৱাৰীত নতুনকৈ ঘোষিত জিলাখনত পতাকা উত্তোলন কৰা হ’ব আৰু জিলাখন কার্যক্ষম কৰা হ’ব৷ তামুলপুৰত এতিয়া উন্নয়নৰ ধল বৈছে৷ ইয়াৰ কাৰণ হৈছে ৰাইজে ইউ পি পি এলক ভোট দিছে৷ উন্নয়নৰ কাম কৰি ৰাইজক দিয়া প্রতিশ্রুতি পালন কৰা হৈছে৷ যোৱা নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি ৰূপায়ণৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– এক লাখ নিবনুৱাক গণি গণি চাকৰি দিয়া হ’ব বুলি কোৱা হৈছিল আৰু সেই কার্য হ’বলৈ গৈ আছে৷ সকলো দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনিৰ অন্তর্ভুক্ত কৰা হ’ব৷ তামুলপুৰ সমষ্টিতো নতুনকৈ ৭ হাজাৰ পৰিয়ালক অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰা হ’ব৷ গোর্খাসকলৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গোর্খাসকলে এতিয়া আৰু চিন্তা কৰিব নালাগে৷ তেওঁলোকক সমমর্যাদা প্রদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ‘ডি’ ভোটাৰকে ধৰি এটা এটাকৈ সকলো সমস্যা সমাধান কৰা হৈছে৷ বি টি আৰৰ লগতে সমগ্র অসমতে বিভিন্ন সমস্যা সমাধানৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বি টি আৰৰ বাসিন্দাৰ মাটি–বাৰী কিনা–বেচা আদি সমস্যা সমাধানৰ পথত গৈ আছে৷ অহা নৱেম্বৰ মাহৰ পৰা মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া, কৃষক সন্মান নিধিৰ সুবিধা প্রদান কৰা হ’ব৷ কৃষকে এতিয়া ধান বিক্রী কৰিব নালাগে৷ প্রতি কুইণ্টলত ১,৯০০ টকা দৰত ভাৰতীয় খাদ্য নিগমে কিনি নিব৷ সমষ্টিটোত এইবাৰ উপ–নির্বাচনত প্রার্থিত্ব আগবঢ়োৱা ইমানুৱেল মুছাহাৰী, দেৱেন বড়ো আৰু চণ্ডী বসুমতাৰীয়ে মনোনয়ন–পত্র প্রত্যাহাৰ কৰা কার্যক তেওঁ ধন্যবাদ জ্ঞাপন কৰে৷

আনহাতে সমষ্টিটোত কংগ্রেছ প্রার্থীগৰাকীক গ’লকীপাৰ অবিহনে ফুটবল খেলি আছে বুলি কটাক্ষ কৰি তেওঁ কয় যে কংগ্রেছ প্রার্থীগৰাকীয়ে তামুলপুৰৰ চাৰিসীমা চিনি নাপায়৷ অথচ তেওঁ তামুলপুৰলৈ আহি আহি আজি সমষ্টিটোৰ চাৰিসীমা চিনি পোৱা হৈছে৷ ইপিনে দেওবাৰে  সেই সভাখনত বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে ভাষণত কয়– আমাৰ দেশখন গণতান্ত্রিক পদ্ধতিত চলে৷ সেই অনুসৰি মিত্রজোঁটে সমষ্টিটোত প্রার্থী থিয় কৰাইছে৷ পূর্বতে অসম শাসন কৰা নেতাসকলে সকলো সমস্যা জীয়াই ৰখাৰ চেষ্টা কৰি আহিছিল৷ কিন্তু বিজেপিৰ শাসনকালত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমস্যা জীয়াই ৰখাৰ সলনি সমস্যা সমাধান কৰি আহিছে৷ এটা সময়ত বড়োলেণ্ডত মানুহ থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছিল৷ হত্যা, হিংসাৰে জর্জৰিত হৈ পৰিছিল অঞ্চলটো৷ এতিয়া সেই পৰিৱেশ নোহোৱা হ’ল৷ অসমত জনগণক সেৱা কৰাৰ ৰাজনীতি আৰম্ভ হৈছে৷ ৩২ লাখ বি টি আৰবাসীয়ে শান্তিত থাকিব পাৰিছে৷ চোৰাং চিকাৰীয়ে আত্মসমর্পণ কৰিছে৷ আনকি চাইকেল চোৰেও আত্মসমর্পণ কৰিছে৷ অহা এবছৰৰ ভিতৰত বি টি আৰত অসমৰ দৰে শাসন ব্যৱস্থা হৈ উঠিব৷ কোনো আন্দোলন নকৰাকৈ তামুলপুৰত জিলা হ’ল, মেডিকেল কলেজ হ’ল৷

আনহাতে অসম চৰকাৰৰ মন্ত্রী উর্খাও গৌৰা ব্রহ্মই ভাষণত কয় যে সত্যৰ জয় আৰু অসত্যৰ পৰাজয় হ’বই৷ বিজেপি চৰকাৰৰ বিগত ৫ মাহৰ কার্যকালত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যখনলৈ উন্নয়নৰ ধাৰা বোৱাই আনিছে৷ বিনা ৰক্তপাতে তামুলপুৰৰ ৰাইজে জিলা পাইছে, মেডিকেল কলেজ পাইছে৷ উপ–নির্বাচনত তামুলপুৰ সমষ্টিৰ মিত্রজোঁটৰ প্রার্থীগৰাকী মুঠ ২ লাখ ১৩ হাজাৰ ভোটৰ ভিতৰত ১ লাখ ভোট লাভ কৰি জয়ী হ’ব লাগিব৷ ধর্ম আৰু সংস্কৃতি থাকিলেহে সমাজ জীয়াই থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে কোনো জনগোষ্ঠীৰ অধিকাৰ খর্ব কৰিব বিচৰা নাই৷ ভাষা–সংস্কৃতিৰ বিকাশৰ বাবে কার্যব্যৱস্থা গ্রহণ কৰা হৈছে৷ অসমক ভাৰতৰ শ্রেষ্ঠ ৫খন ৰাজ্যৰ ভিতৰত এখন অন্যতম ৰাজ্য হিচাপে পৰিগণিত কৰিব লাগিব৷ অহা ৫ বছৰত ৰাজ্যখনত দ্রুত উন্নয়ন সম্ভৱ কৰি তোলা হ’ব৷ সেইদৰে পঞ্চায়ত আৰু গ্রামান্নেয়ন বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে ভাষণত কয় যে মূল্যবৃদ্ধিক লৈ চৰকাৰো উদ্বিগ্ণ৷ কিন্তু একাংশ ৰাজনৈতিক দলে মূল্যবৃদ্ধিক লৈ আৱেগ সৃষ্টি কৰিব বিচাৰিছে৷ আৱেগৰ বশৱর্তী নহৈ উন্নয়নৰ স্বার্থত মিত্রজোঁটৰ প্রার্থী জলেন দৈমাৰীক ভোট দিবলৈ তেওঁ সমূহ কার্যকর্তাক আহ্বান জনায়৷

সভাখনত অগপৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই কয় যে অসমৰ ভাষা–সংস্কৃতি, জাতীয় সত্তা অক্ষুণ্ণ ৰখাৰ স্বার্থত তেওঁলোকে বিজেপিৰ লগত থাকি কাম কৰিছে৷ কিন্তু কংগ্রেছে ষড়যন্ত্রত লিপ্ত হৈছে৷ খিলঞ্জীয়াসকলৰ স্বার্থত কংগ্রেছে মাত নামাতে৷ কংগ্রেছে অসমৰ জনসাধাৰণৰ হকে নে বাংলাদেশী সংখ্যালঘু ৰাইজৰ স্বার্থত কাম কৰি আছে, সেই কথা জলজল–পটপট হৈ পৰিছে৷ সভাখনত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে জলেন দৈমাৰীক জয়ী কৰোৱা মানে নৰেন্দ্র মোদীক শ্রদ্ধা কৰা, হিমন্ত বিশ্ব শর্মাক শ্রদ্ধা কৰা, লেহোৰাম বড়োক শ্রদ্ধা কৰা৷ ২০২৪ চনৰ ভিতৰত তামুলপুৰ মেডিকেল কলেজত পাঠদান আৰম্ভ হ’ব বুলিও তেওঁ ভাষণত উল্লেখ কৰে৷ সভাখনত মার্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শর্মা, বি টি আৰৰ উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়েও ভাষণ দিয়ে৷ সমষ্টিটোৰ ইউ পি পি এলৰ প্রার্থী জলেন দৈমাৰীৰ নির্বাচনী পৰিচালনা সমিতিৰ সভাপতি তথা বি টি আৰৰ কার্যবাহী সদস্য ধর্মনাৰায়ণ দাসৰ সভাপতিত্বত আৰু বিজেপি নেতা ৰাজেশ বড়ো আৰু তামুলপুৰ জিলা ইউ পি পি এলৰ নেতা জিতেন্দ্র বসুমতাৰীয়ে আঁত ধৰা সভাখনত আদৰণী ভাষণ আগবঢ়ায় তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস আৰু তামুলপুৰ জিলা ইউ পি পি এলৰ সভাপতি বিপুল কুমাৰ বসুমতাৰীয়ে৷
বিভিন্ন উন্নয়নী প্রকল্পৰ অগ্রগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে
পাগলাদিয়া নৈৰ ওপৰত খৈৰাণিত প্রস্তাৱিত দ্বিতীয়খন দলঙৰ নির্মাণৰ স্থান পৰিদর্শন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অসম মালা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ইতিমধ্যে এই দলংখন নির্মাণৰ বাবে বাজেট আবণ্টন দিছে৷ ১.৫ কিলোমিটাৰ দৈর্ঘ্যৰ এই দলংখনৰ নির্মাণৰ কাম অহা ৬–৭ মাহৰ ভিতৰত আৰম্ভ হ’ব৷ সেইদৰে পাগলাদিয়া নৈৰ ওপৰত জাৰতালুকত নির্মাণ হৈ থকা দলংখনৰ কাম–কাজৰ অগ্রগতিৰো মুখ্যমন্ত্রী ড০ শর্মাই বুজ লয়৷ বিগত বিটিচি নির্বাচনৰ পাছতেই ড০ শর্মাই আধাৰশিলা স্থাপন কৰা দলংখনৰ কাম অহা বর্ষৰ শেষৰ ফালে সম্পূর্ণ হ’ব বুলি আশা কৰা হৈছে৷ সেইদৰে তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে কচুবাৰীত চিনাক্ত কৰা স্থানো মুখ্যমন্ত্রী ড০ শর্মাই পৰিদর্শন কৰে৷ অহা বর্ষৰ ভিতৰতেই চিকিৎসা মহাবিদ্যালয়খনৰ নির্মাণৰ কাম আৰম্ভ হ’ব বুলি আশা কৰা হৈছে৷

You might also like