নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ জনগোষ্ঠীৰ দুই যুৱ নেতা প্রদীপ মাঝি–গৌতম ধানোৱাৰ বিজেপিলৈ

উপ–নির্বাচনৰ প্রাক্ক্ষণত কংগ্রেছত মোক্ষম আঘাত

নিয়মীয়া বাৰ্তা ১৮ অক্টোবৰঃ ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ প্রাক্ক্ষণত বিৰোধী দল কংগ্রেছত আন এক মোক্ষম আঘাত৷ কংগ্রেছৰ দুই যুৱ নেতা তথা প্রাক্তন মন্ত্রী প্রয়াত ৰামেশ্বৰ ধানোৱাৰৰ পুত্র গৌতম ধানোৱাৰ আৰু অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ তথা প্রাক্তন মন্ত্রী পৃথিৱী মাঝিৰ পুত্র প্রদীপ মাঝিয়ে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত দেওবাৰে বিয়লি সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত তেওঁলোকে বিজেপিৰ সদস্য পদ গ্রহণ কৰে৷ একেটা যোগদান কার্যসূচীতেই প্রদেশ কংগ্রেছৰ প্রাক্তন সম্পাদক তথা ২০১৬ চনৰ বিধানসভা নির্বাচনৰ পাটাছাৰকুছি সমষ্টিৰ কংগ্রেছ প্রার্থী শৈলেন কলিতায়ো  বিজেপিত যোগদান কৰে৷ সেইদৰে বি টি আৰৰ এম চি এল এ ৰাজীৱ ব্রহ্ম আৰু প্রভাত বসুমতাৰী, কংগ্রেছ কর্মী চুমি কলিতা, হিমাংশু শেঠীয়া, অধিবক্তা মিণ্টু কলিতা, ছাত্র নেতা হীৰক দাস, সাংস্কৃতিক কর্মী শেখৰজ্যোতি বৈশ্য, ধ্রুৱনাৰায়ণ শইকীয়া, অমৰজ্যোতি দাস, কুশল মেনাই আজি বিজেপিত যোগদান কৰে৷

বিজেপিত যোগদান কৰিয়েই গৌতম ধানোৱাৰ আৰু প্রদীপ মাঝিয়ে কয় যে বর্তমানৰ কংগ্রেছ নেতৃত্ব মেৰুদণ্ডহীন৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সভানেত্রী ছোনিয়া গান্ধীৰ পৰা আৰম্ভ কৰি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰালৈ কাৰোৱেই কোনোধৰণৰ নীতি–আদর্শ নাই৷ এই নেতাসকলে কংগ্রেছ দলক ব্যক্তিগত সম্পত্তি হিচাপে ব্যৱহাৰ কৰি আহিছে৷ সেয়ে আত্মসন্মান থকা কোনো ব্যক্তি বর্তমানৰ কংগ্রেছ দলত থাকিব নোৱাৰে৷ তেওঁলোকে নিজকে সন্মান কৰাৰ লগতে ৰাষ্ট্রৰ প্রতি সদায় দায়বদ্ধ হৈ থাকিব বিচাৰে৷ কিন্তু কংগ্রেছ দলত থাকি ৰাষ্ট্রৰ হিতৰ কোনো কাম কৰিব নোৱাৰা অনুভৱ কৰিয়েই বিজেপিত যোগদান কৰিবলৈ মুকলি মনেৰে ওলাই আহিছে৷ সেইদৰে শৈলেন কলিতাই কংগ্রেছক সমালোচনা কৰি কয় যে বর্তমান সময়ত কংগ্রেছ দলৰ মিঞাকৰণ প্রক্রিয়া চলি আছে৷ এই দলটোত দেখাত যদিও ভূপেন বৰা সভাপতি, তথাপি মূল হর্তাকর্তা বিধাতা হ’ল ৰকিবুল হুছেইনহে৷ কংগ্রেছ দলে অসম আৰু অসমীয়াৰ বাবে কেতিয়াও ভাল কথা চিন্তা নকৰে৷

আনহাতে নতুনকৈ বিজেপি দললৈ অহা আটাইকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উষ্ম আদৰণি জনাই ভাষণত কয় যে ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ প্রাক্মুহূর্তত বিভিন্ন সম্প্রদায়, জাতি–জনগোষ্ঠীৰ লোক বিজেপিত যোগদান কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ বিৰামহীন প্রগতি আৰু সংস্কাৰমুখী যাত্রাৰ প্রতি আকৃষ্ট হৈ তেওঁলোক বিজেপিত যোগদান কৰাৰ বিষয়ে উল্লেখ কৰি সভাপতি কলিতাই কয় যে গৌতম ধানোৱাৰ, প্রদীপ মাঝিৰ দৰে নেতাৰ যোগদানে বিজেপিৰ সাংগঠনিক ভেটি আৰু অধিক মজবুত কৰিব৷ কাৰণ তেওঁলোক দুয়োজনৰে অসমৰ ৰাজনীতিত নাম আছে৷ একেদৰে বি পি এফৰ নেতাও বিজেপিত যোগদান কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে বি পি এফৰ দুর্গও এতিয়া শেষ হ’বলৈ গৈ আছে৷ আজিৰ এই যোগদান কার্যসূচীত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, সাধাৰণ সম্পাদক সাংসদ পল্লৱলোচন দাস আৰু ৰাজ্যিক বিজেপিৰ উপ–সভাপতি জয়ন্ত কুমাৰ দাসো উপস্থিত থাকে৷ যোগদান কার্যসূচীৰ আঁত ধৰে দলৰ অন্যতম সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শর্মাই৷

You might also like