ডিজিটেল ডেস্ক, ১৬ মাৰ্চ : অসম কংগ্ৰেছত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ যেন অন্ত নাই। শেহতীয়াকৈ লাহৰীঘাট সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ জ্যেষ্ঠ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে হাইকমাণ্ডলৈ দলত্যাগৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰা সন্দৰ্ভত ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে।
নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে শেহতীয়াকৈ লাহৰীঘাট সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছ হাইকমাণ্ডলৈ দলত্যাগৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদ্যুৎ বৰদলৈ সন্দৰ্ভত কয় যে জ্যেষ্ঠ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বেছিদিন কংগ্ৰেছত থাকিব নোৱাৰে।
উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসম প্ৰদেশ কংগ্ৰেছত বিদ্ৰোহে প্ৰায় চূড়ান্ত পৰ্যায় পাইছে। লাহৰীঘাটত আছিফ নাজাৰৰ প্ৰাৰ্থিত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি দেওবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে হাইকমাণ্ডলৈ দলত্যাগৰ ভাবুকি ভৰা এখন পত্ৰ প্ৰেৰণ কৰে। গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহেৰে প্ৰদ্যুৎ বৰদলৈয়ে দলত্যাগৰ ভাবুকি ভৰা পত্ৰ দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘প্ৰদ্যুৎ বৰদলৈ বেছিদিন কংগ্ৰেছত থাকিব নোৱাৰে। প্ৰদ্যুৎ বৰদলৈৰ লগত মই পোন্ধৰ বছৰ একেলগে কাম কৰিছোঁ। প্ৰদ্যুৎ বৰদলৈ স্বাভিমান থকা মানুহ। স্বাভিমান থকা কোনো লোকেই কংগ্ৰেছত বেছিদিন থাকিব নোৱাৰে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত মই ২০২৯ ধৰি থৈছিলোঁ আৰু তেওঁ ২০২৯ত বিজেপিত যোগদান কৰিব বুলি মই ধৰি থৈছোঁ।’