ডিজিটেল ডেস্ক, ১৬ মাৰ্চ : ওড়িশাৰ কটকত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ওড়িশাৰ এছচিবি মেডিকেল কলেজ এণ্ড হাস্পতালৰ আই চি ইউত ভয়ংকৰ অগ্নিকাণ্ডত বৰ্তমানলৈকে ১০জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ তদুপৰি এই ঘটনাত চিকিৎসালয়খনৰ ১১জনকৈ কৰ্মচাৰী আহত হৈছে ৷ কটকৰ এছ চি বি চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ জৰুৰীকালীন সেৱাৰ আই চি ইউ কক্ষত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে।
জানিব পৰা মতে, নিহত লোকসকলৰ অধিকাংশই ৰোগী, যিসকলক ট্ৰমা কেয়াৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে পুৱতি নিশা ৩ বজাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডটো ৷ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ প্ৰথম মহলাত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ এই অগ্নিকাণ্ডৰ ফলত আতংকিত হৈ পৰে চিকিৎসালখনত থকা ৰোগী আৰু ৰোগীৰ আত্মীয় ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডৰ ফলত ৰোগী আৰু আত্মীয়ৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
উল্লেখ্য যে অগ্নিকাণ্ডৰ সময়ত অতি সংকটজনক অৱস্থাত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ আই চি ইউত ১০জনক ভৰ্তি কৰোৱা আছিল ৷ আইটাইকেইজন ৰোগীকে সুৰক্ষিতভাৱে উদ্ধাৰ কৰি অন্য সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয় ৷ বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ স্পষ্টকৈ জানিব পৰা হোৱা নাই। ইফালে, ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী মুকেশ মহলিঙৰ সৈতে ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে পুৱাই চিকিৎসালয়খনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷