নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ দিনাই ১৯২ সহকাৰী অভিযন্তাক পদোন্নতি

পঞ্চায়ত–গ্রামোন্নয় বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰি

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰা সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ কার্যকালত ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত সংঘটিত বিয়াগোম নিযুক্তি কেলেংকাৰিৰ পিছত বিভাগটোত পদোন্নতিৰ নামত আন এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে৷ চৰকাৰী সকলো নীতি–নিয়ম উলংঘা কৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্রী আৰু শীর্ষ বিষয়া–আমোলাই মিলি বিভাগটোৰ একাংশ সহকাৰী অভিযন্তাক সহকাৰী কার্যবাহী অভিযন্তাৰ পদলৈ পদোন্নতি দিয়াৰ ক্ষেত্রত ব্যাপক দুর্নীতি আৰু অনিয়মৰ আশ্রয় লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ প্রাপ্ত তথ্য অনুসৰি, যোৱা ২৬ ফেব্রুৱাৰীত অর্থাৎ নির্বাচন আয়োগে বিধানসভা নির্বাচনৰ সময়সূচী ঘোষণা তথা নির্বাচনী আচৰণবিধি বলৱৎ কৰাৰ দিনাই ততাতৈয়াকৈ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে নং–পি আৰ ডি–১২/১৬/২০২০–পি আৰ ডি(বি)/১৪৬ নির্দেশনাৰ জৰিয়তে বিভাগটোৰ ১৯২গৰাকী সহকাৰী অভিযন্তাক সহকাৰী কার্যবাহী অভিযন্তা পদলৈ পদোন্নতি দিয়ে৷ বৃহৎ ধনৰ লেনদেনৰে চলা এই পদোন্নতি প্রক্রিয়া সম্পূর্ণ অবৈধ আৰু নীতি–বহির্ভূত বুলিও এতিয়া গুৰুতৰ অভিযোগ উঠিছে৷ কিয়নো এইসকল সহকাৰী অভিযন্তাক প্রায় এবছৰৰ পূর্বে বিভাগে কনিষ্ঠ অভিযন্তাৰ পৰা সহকাৰী অভিযন্তাক পদোন্নতি দিছিল৷ বিভাগটোৰ উন্নয়ন বিষয়া (কাৰিকৰী) চাকৰি সেৱা বিধি–২০১৫ অনুসৰি এবাৰ পদোন্নতিৰ পিছত নূ্যনতম পাঁচ বছৰৰ পিছতহে পদোন্নতি দিব লাগে৷ লগতে পদোন্নতি লাভ কৰাৰ পিছত নতুন পে’ স্কেলত দৰমহা লাভ কৰিব লাগে৷ সেয়াও আজিপর্যন্ত পোৱা নাই বুলি জানিব পৰা গৈছে৷

এনে ব্যাপক অনিয়মেৰে এইসকল সহকাৰী অভিযন্তাক ২০১৯ বর্ষৰ ২৬ ডিচেম্বৰত বিভাগটোৱে নং পি আৰ ডি–১২/৫৭০/২০১৯–পি আৰ ডি(বি)/৯৪ নির্দেশনাৰ জৰিয়তে কনিষ্ঠ অভিযন্তাৰ পৰা সহকাৰী অভিযন্তালৈ পদোন্নতি দিছিল৷ এনে ক্ষেত্রত এটা বছৰ সম্পূর্ণ নৌহওঁতেই বিভাগীয় চাকৰি সেৱা বিধি উলংঘা কৰি এইসকল সহকাৰী অভিযন্তাক পুনৰ সহকাৰী কার্যবাহী অভিযন্তালৈ পদোন্নতি দিয়া হ’ল, তাক লৈ এতিয়া বিভাগটোৰ ভিতৰচ’ৰাতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ইপিনে, পদোন্নতি দিয়াৰ ক্ষেত্রত একাংশক বঞ্চিত কৰাৰো অভিযোগো উঠিছে৷ কিয়নো ২০১৯ চনত কনিষ্ঠ অভিযন্তাৰ পৰা সহকাৰী অভিযন্তা পদলৈ ৰাজ্যৰ বিভিন্ন উন্নয়ন খণ্ডত নিয়োজিত ২১৯গৰাকীক পদোন্নতি দিয়া হৈছিল যদিও এইবেলি সহকাৰী কার্যবাহী অভিযন্তাৰ পদোন্নতিৰ তালিকাত ৰহস্যজনকভাৱে ১৯২জনৰ নামহে সন্নিৱিষ্ট হৈছে৷ নির্বাচনী অধিসূচনাৰ বাবে পদোন্নতি দিয়া এইসকলৰ অধিকাংশই চাকৰিত যোগদান কৰিব পৰা নাই৷ আনকি ধন নিদিয়া একাংশ সহকাৰী অভিযন্তাক সহকাৰী কার্যবাহী অভিযন্তালৈ পদোন্নতি দিয়া হোৱা বুলিও অভিযোগ উঠিছে৷ এই সমগ্র পদোন্নতি প্রক্রিয়াটোত নাম সাঙোৰ খাইছে দীর্ঘদিন ধৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্ত কার্যালয়ত উপ–সঞ্চালক (কাৰিকৰী) পদৰ অতিৰিক্ত দায়িত্ব লৈ থকা মনোজ ঠাকুৰীয়া নামৰ এগৰাকী সদ্যৱসৰপ্রাপ্ত বিষয়াৰ নাম৷

মন কৰিবলগীয়া বিষয় এই যে সমগ্র গ্রামোন্নয়ন বিভাগটোকে নিজৰ হাতৰ মুঠিত ৰাখিবলৈ সক্ষম হোৱা এইজন মনোজ ঠাকুৰীয়া দীর্ঘদিন ধৰি মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডত সহকাৰী অভিযন্তা হিচাপে কর্মৰত হৈ আছিল যদিও তেওঁ গুৱাহাটীস্থিত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্ত কার্যালয়ত বিভিন্ন পদবীত সংলগ্ণ হৈ আছিল৷ তাতে সংলগ্ণ হৈ থাকি তেওঁ যোৱা ২০১৯ বর্ষৰ ২৬ ডিচেম্বৰত বিভাগীয় নির্দেশ নম্বৰPRD-12/570/2019-PRD(B)/93মর্মে সহকাৰী অভিযন্তাৰ পৰা লাহৰীঘাট উন্নয়ন খণ্ডত সহকাৰী কার্যবাহী অভিযন্তালৈ পদোন্নতি লাভ কৰিছিল৷ কিন্তু তেওঁ অৱসৰ গ্রহণ কৰাৰ সময়লৈকে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ কার্যালয়তে উপ–সঞ্চালক (কাৰিকৰী) পদত সংলগ্ণ হৈ আছিল৷ অতি আশ্চর্যজনক বিষয় এই যে চলিত বর্ষৰ ৩১ জানুৱাৰীত অৱসৰ গ্রহণ কৰা এইগৰাকী মনোজ ঠাকুৰীয়াক বিভাগৰ আয়ুক্তগৰাকীয়ে চি পি আৰ ডি/১৩৪/এইচ কিউ/২০২০/পি টি–১৬ তাৰিখ ৬ ফেব্রুৱাৰী/২০২১ নম্বৰৰ নির্দেশমর্মে এমজি এনৰেগাৰ পৰিচালন বিষয় (Chief Operating Officer) নামৰ এক পদ সৃষ্টি কৰি তেওঁক ঠিকাভিত্তিক চাকৰিত নিযুক্তি দিয়ে৷এইদৰে ঠাকুৰীয়াই বিভাগটোত ইমানেই প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয় যে অৱসৰ গ্রহণ কৰাৰ পিছতো তেওঁ সমগ্র পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ উঠিৰজা–বহিৰজা হৈ পৰিছে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত চলা এই বৃহৎ অনিয়ম আৰু দুর্নীতিৰ ক্ষেত্রত এতিয়া বিভাগটোৱে কি ব্যৱস্থা গ্রহণ কৰে, সেইটো স্বাভাৱিকতে লক্ষণীয় হ’ব৷ আনহাতে, বিভাগটোত অৱসৰৰ পিছতো উঠিৰজা–বহিৰজা হৈ পৰা মনোজ ঠাকুৰীয়াৰ ক্ষেত্রতো কি ব্যৱস্থা গ্রহণ কৰে, সেইটো তাৎপর্যপূর্ণ বিষয় হিচাপে বিবেচিত হৈছে৷

You might also like