নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এল আৰ বিষ্ণই বিটিআৰৰ নতুন আইজিপি

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ দেশৰ নির্বাচন আয়োগৰ অনুমোদনমর্মে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে অসম আৰক্ষীৰ শীর্ষ পর্যায়ত কিছু সালসলনি ঘটাইছে৷ সেই অনুসৰি অসম আৰক্ষীৰ টি এ পি শাখাৰ বিশেষ সঞ্চালকপ্রধান ড০ এল আৰ বিষ্ণইক বিটিচিৰ আই জি পি হিচাপে কোকৰাঝাৰলৈ বদলি কৰা হৈছে৷ একেদৰে অসম আৰক্ষীৰ টি এ পি শাখাৰ আইজিপি বিনোদ কুমাৰক ৰাজ্যিক অগ্ণিনির্বাপক সেৱাৰ আইজিপি হিচাপে বদলি কৰা হৈছে৷ বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালক টি এ পিৰ আইজিপি হিচাপে বদলি কৰা হৈছে৷ অনুৰূপ ধৰণে অসম আৰক্ষীৰ এআইজিপি (প্রশাসন) এন ভি চন্দ্রকান্তক তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ চিআইডিৰ ডিআইজি লাচিত বৰুৱাক সীমান্ত শাখাৰ ডিআইজি হিচাপে বদলি কৰা হৈছে৷ সেইদৰে শিলচৰৰ ডিআইজি দিলীপ কুমাৰ দে’ক বঙাইগাঁৱৰ ডিআইজি হিচাপে বদলি কৰা হৈছে৷ বঙাইগাঁৱৰ ডিআইজি দেৱজ্যোতি মুখার্জীক শিলচৰৰ ডিআইজি হিচাপে বদলি কৰা হৈছে৷ লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) শান্তনু কুমাৰ দত্তক গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) হিচাপে বদলি কৰা হৈছে৷ অসম–নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ বিশেষ আৰক্ষী অধীক্ষক প্রাঞ্জল বৰাক লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) হিচাপে বদলি কৰা হৈছে৷ একেদৰে লখিমপুৰৰ উপ–আৰক্ষী অধীক্ষক (ডিএছপি) তিলক দাসক শদিয়াৰ উপ–আৰক্ষী অধীক্ষক (সদৰ) হিচাপে বদলি কৰা হৈছে৷

You might also like