নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিশ্ববিদ্যালয়ৰ ছাত্রীক শাৰীৰিক নির্যাতনঃ নিলম্বিত অধ্যাপক

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ ছাত্রীক কৰা অশালীন আচৰণৰ বাবে শেহতীয়াকৈ পুনৰ চর্চালৈ আহিছে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়৷ বিশ্ববিদ্যালয়খনৰ এগৰাকী গৱেষক ছাত্রীয়ে এজন জ্যেষ্ঠ অধ্যাপকৰ বিৰুদ্ধে আনিছে এই গুৰুতৰ অভিযোগ৷ ইয়াৰ পিছতে কর্তৃপক্ষই আৰম্ভ কৰিছে তদন্ত৷ মঙলবাৰে ঘটনা সন্দর্ভত দাখিল কৰা অভিযোগনামাৰ কথা পোহৰলৈ অহাৰ পিছতে তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷ বিশ্ববিদ্যালয়খনৰ এগৰাকী জ্যেষ্ঠ অধ্যাপকে এগৰাকী গৱেষক ছাত্রীক শাৰীৰিক নির্যাতন চলোৱাৰ বহু বিস্ফোৰক অভিযোগ উল্লেখ আছে এই পত্রখনত৷ বহিঃৰাজ্যৰ পৰা আহি অসম কৃষি বিশ্ববিদ্যালয়ত পি. এইচ. ডি. কৰি থকা এগৰাকী ছাত্রীয়ে বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী ড০ বিজিত কুমাৰ সাউদৰ বিৰুদ্ধে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ৷

গৱেষণাৰ ফিল্ড ভিজিটৰ বাবে যোৱাৰ সময়ত গৱেষক ছাত্রীগৰাকীক সুৰাপান কৰিবলৈ হেঁচা প্রয়োগ কৰা তথা শাৰীৰিকভাৱে নির্যাতন চলোৱাকে মুখ্য কৰি বহুকেইটা গুৰুতৰ অভিযোগ তুলি ছাত্রীগৰাকীয়ে ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে৷ আনহাতে এই লিখিত অভিযোগ লাভ কৰাৰ পিছতে নির্দিষ্ট নিয়মৰ মাজেৰে বিশ্ববিদ্যালয় কর্তৃপক্ষই অভিযোগৰ ওপৰত তদন্ত আৰম্ভ কৰিছে৷ অৱশ্যে ইণ্টাৰনেল কমপ্লেইনছ কমিটীৰ তদন্তৰ পিছতহে সকলো কথা স্পষ্ট হ’ব বুলি বিশ্ববিদ্যালয়ৰ এক সূত্রত প্রকাশ৷ ইতিমধ্যে বিশ্ববিদ্যালয় কর্তৃপক্ষই বিষয়টো গুৰুত্বসহকাৰে লৈছে আৰু অভিযোগ উঠা জ্যেষ্ঠ বিজ্ঞানী ড০ বিজিত কুমাৰ সাউদক নিলম্বন কৰি তদন্ত অব্যাহত ৰাখিছে৷ তদন্তৰ প্রতিবেদনৰ পিছতহে সকলো কথা স্পষ্ট হ’ব৷

You might also like