নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফকিৰগঞ্জত আইৰকাটা জামে মছজিদ কমিটীৰ প্ৰশংসনীয় পদক্ষেপ

ড্ৰাগছমুক্ত সমাজ গঢ়াৰ অংগীকাৰেৰে ফকিৰগঞ্জৰ আইৰকাটা জামে মছজিদ কমিটীয়ে গ্ৰহণ কৰিছে এক সাহসী পদক্ষেপ। আজি আইৰকাটা অঞ্চলত অনুষ্ঠিত এক সচেতনতামূলক সভাত উঠি অহা প্ৰজন্মক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰাৰ বাবে বিশেষ আলোচনা কৰা হয়।

এই সভাতে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ অঞ্চলটোত প্ৰচাৰ চলাবলৈ এখন বিশেষ কমিটী গঠন কৰা হয়। স্থানীয় ৰাইজ, সচেতন যুৱক আৰু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই সভাই অঞ্চলটোত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। সমাজৰ পৰা ড্ৰাগছৰ দৰে অসামাজিক কাৰ্যকলাপ দূৰ কৰিবলৈ স্থানীয় ৰাইজ এনেদৰে সজাগ হৈ উঠাটো সঁচাকৈয়ে প্ৰশংসনীয়।

নিয়মীয়া বাৰ্তা, মানকাচৰ, ২৯  জুন :

You might also like