নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলপাতৰ ভোজনঃ অসমীয়া সমাজ জীৱনৰ পৰা নোহোৱা হ’বলৈ ধৰা… আছে স্বাস্থ্য বিধি

বিশেষ বাৰ্তা, ১৩ এপ্ৰিলঃ কলপাতৰ কাঁহীত ষোড়শ ব্যঞ্জনেৰে ভুৰিভোজনৰ সেই ছবি এতিয়া অসমীয়া সমাজৰ পৰা নোহোৱাই হ’ল। তাৰ ঠাই দখল কৰিছে ডিছপ’জিবল প্লেটে। নগৰৰ ধনী-মধ্যবিত্ত অসমীয়াৰ বিয়া-সবাহ ইত্যাদি অনুষ্ঠানত এতিয়া চিনামাটিৰ প্লেটে ৰাজত্ব কৰিছে। এসময় আছিল যেতিয়া কলপাত আছিল স্বাভাৱিক তথা অপৰিহার্য, তাত এতিয়া ঐতিহ্যৰ স্পর্শ। গ্রামাঞ্চলতো কলপাতত পৰিৱেশনৰ প্রথা খুব কমেহে বৰ্তি আছে।

পাত হিচাপে কলপাতৰ আদৰ কমিলেও পাতত দিয়া ব্যঞ্জনৰ আদৰ একেই আছে। দক্ষিণ ভাৰতত অৱশ্যে এতিয়াও গাওঁ-চহৰ নির্বিশেষে কলপাতৰ বিশেষ গুৰুত্ব ৰৈছে। এতিয়াও বেছিভাগ অনুষ্ঠানতেই চিনামাটিৰ বা প্লাস্টিক কোটেড কাগজৰ থাল, প্লাষ্টিক কোটেড শালপাতৰ থালৰ সলনি কলপাতৰ ব্যৱহাৰতেই বেছি স্বচ্ছন্দ দক্ষিণ ভাৰতীয়সকল।

কলপাতত ভোজনৰ কিবা স্বাস্থ্য বিধিও আছে নেকি? ইয়াত আছে এটি গুৰুত্বপূৰ্ণ এণ্টিঅক্সিডেণ্ট যিয়ে কোষৰ ক্ষতি প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াত প্রচুৰ পৰিমাণে পলিফেনল থাকে যিয়ে কলপাতত থোৱা খাদ্য শুকাই নিয়ে। এই পলিফেনল মানুহৰ শৰীৰৰ ক্ষতিকাৰক বর্জ্য নষ্ট কৰাত সহায়ক। বার্ধক্য, কেন্সাৰ তথা অন্যান্য ৰোগৰ বিৰুদ্ধেও যুঁজ দিয়াত সহায় কৰে। কলপাতত বেক্টেৰিয়া প্রতিৰোধী কিছু বিশেষ উপাদান আছে, যিয়ে খাদ্যত থকা বিজাণুৰ বিৰুদ্ধে যুঁজ কৰিব পাৰে। ইয়াৰ উপৰি কলপাত পৰিৱেশ বান্ধৱ। কলপাতৰ বাহিৰত মোমৰ দৰে এক বিশেষ আৱৰণ থাকে যিয়ে ধুলি বালি ভিতৰত প্ৰৱেশত পাতবোৰক সুৰক্ষিত কৰি ৰাখে। জীৱন গতিশীল। স্বাচ্ছন্দ্যমুখী হৈছে। কলপাতত দিয়া আঞ্জা বিয়পি পৰে, সেয়া খাবলৈ আজিকালি মানুহে পছন্দ নকৰে। কিন্তু সাময়িক স্বাচ্ছন্দ চাবলৈ গৈ আমি পাহৰি থাকোঁ স্বাস্থ্যবিধি।

You might also like