নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্রী চন্দ্রমোহনৰ সমষ্টিত অসম জাতীয় পৰিষদে বজালে ৰণদুন্দুভি

ধর্মপুৰত বিজেপি–কংগ্রেছ-অগপৰ নেতা–কর্মীৰ অজাপত যোগদান

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীক প্রত্যাহ্বান জনাই কালি ধর্মপুৰ সমষ্টিৰ চামতাত অসম জাতীয় পৰিষদে কর্মীসভা আৰু যোগদান সমাৰোহ অনুষ্ঠিত কৰি বজালে নির্বাচনী ৰণদুন্দুভি৷

চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদত অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ মুখ্য আহ্বায়ক সুৰেন শর্মাৰ সভাপতিত্বত অনুষ্ঠিত কর্মীসভাখনত মন্ত্রী পাটোৱাৰীৰ এসময়ৰ আৰু প্রাক্তন মন্ত্রী নীলমণি সেন ডেকাৰ বর্তমানৰ ঘনিষ্ঠ নেতা তথা অসম আন্দোলনত পশ্চিম নলবাৰী অঞ্চলত অগ্রণী ভূমিকা পালন কৰা, ১৯৯১ চনৰ ধর্মপুৰ সমষ্টিৰ অগপ প্রার্থী, জ্যেষ্ঠ কংগ্রেছ নেতা লক্ষী পাটোৱাৰী, আৰ এছ এছৰ পুৰণি কর্মী প্রবীণ বিজেপি নেতা তথা জাতীয় শ্বহীদ সুভাষ শর্মাৰ জ্যেষ্ঠ ভাতৃ ৰাকেশ শর্মাকে ধৰি অর্ধশতাধিক বিজেপি, কংগ্রেছ, অগপ, আপৰ কর্মীয়ে  কালি আনুষ্ঠানিকভাৱে অজাপত যোগদান কৰে৷

সভাৰ পূর্বে পাটোৱাৰীক বেলশৰৰ বাসভৱনৰ পৰা প্রায় শতাধিক বাইক ৰেলীৰে সভাস্থলীলৈ আদৰি আনে৷ ইয়াৰ পিছত অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ মুখ্য আহ্বায়ক সুৰেন শর্মাৰ সভাপতিত্বত অনুষ্ঠিত কর্মীসভা আৰু যোগদান সমাৰোহত অংশ লৈ অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই ভাষণত ২০১৬ চনৰ বিধানসভা নির্বাচনৰ সময়ত অসমৰ ২৩ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ প্রতিশ্রুতি দিয়া নৰেন্দ্র মোদীয়ে কেইহাজাৰ নিবনুৱাক সংস্থাপন দিলে বুলি প্রশ্ণ কৰে৷

লগতে সম্পাদক জগদীশ ভূঞাই অসমৰ সম্পদ চৰকাৰে গুজৰাটীৰ হাতত বিক্রী কৰিলে বুলি অভিযোগ কৰে৷ বিজেপি চৰকাৰখনক তেওঁ মিছলীয়া আখ্যা দি আগন্তুক ২০২১ চনৰ বিধানসভা নির্বাচনত ৰাইজে বিজেপিক বিদায় দিব বুলিও উল্লেখ কৰে৷ ড০ শিখৰ কুমাৰ শর্মাই আঁত ধৰা সভাখনত অসম জাতীয় পৰিষদৰ উপ–সভাপতি অদীপ কুমাৰ ফুকনে আজি ধর্মপুৰৰ পৰাই অধর্মৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰা বুলি ঘোষণা কৰে৷

সভাত অসম জাতীয় পৰিষদৰ নলবাৰী জিলাৰ আহ্বায়ক নগেন ডেকাই ভাষণত স্থানীয় বিধায়ক তথা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীক কঠোৰ সমালোচনা কৰে৷ সভাত অসম জাতীয় পৰিষদৰ কার্যকৰী সভাপতি তথা পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্র ডেকায়ো ভাষণ দিয়ে৷ সভাত অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰাসকলক ফুলাম গামোচা আৰু দলীয় মাফলাৰে আদৰণি জনায়৷

You might also like