নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে নিয়মীয়া হ’ব ১,০৮৫টা বেতনবঞ্চিত শিক্ষকৰ পদঃ আয়ুক্ত সচিবলৈ শিক্ষামন্ত্রীৰ নির্দেশ

নিয়মীয়া বার্তা, ২৪ জানুৱাৰীঃ কংগ্রেছ চৰকাৰৰ দিনত ২০০৪ চনত ৰাজ্যত নিযুক্তি লাভ কৰা ১০৮৫গৰাকী অনিয়মীয়া শিক্ষকৰ পদ শীঘ্রে হ’ব নিয়মীয়াকৰণ৷ ইতিমধ্যে শিক্ষা বিভাগৰ আযুক্ত সচিব প্রীতম শইকীয়াক এক পত্রযোগে এই নির্দেশনা জাৰি কৰিছে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

এই সন্দর্ভত যোৱা ১৮ ডিচেম্বৰত মন্ত্রীগৰাকীয়ে অনিয়মীয়া হৈ থকা ১০৮৫গৰাকী শিক্ষকক শীঘ্রে নিয়মীয়া কৰিবলৈ আযুক্ত সচিবক নির্দেশ জাৰি কৰিছে৷ উল্লেখ্য যে ২০০৪ বর্ষত বিভাগীয় নিয়ম অনুসৰি ৰাজ্যত প্রাথমিক–মজলীয়া বিদ্যালয়ত শিক্ষা সঞ্চালকালয়ে নিযুক্তি দিছিল ১০৮৫ শিক্ষকক৷

প্রথমে অবৈতনিক শিক্ষক হিচাপে কাম কৰিছিল এইসকল শিক্ষকে৷ পৰৱর্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰwpc–২০৭০/২০০১ৰ নির্দেশমর্মে প্রাথমিক আৰু মজলীয়া বিদ্যালয়ত নিযুক্তি লাভ কৰিছিল এই ১০৮৫জন শিক্ষকে৷ কিন্তু কংগ্রেছ চৰকাৰৰ সম্পূর্ণ অদূৰদর্শিতাৰ বাবে এই পদসমূহ হোৱা নাছিল নিয়মীয়া৷ ফলত নিযুক্তি লাভ কৰাৰ পিছতো বছৰ বছৰ ধৰি বেতনৰ পৰা বঞ্চিত হৈ আহিছে ১০৮৫গৰাকী প্রাথমিক–মজলীয়া বিদ্যালয়ৰ এই শিক্ষকসকলে৷

You might also like