নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ শুই আছে, আইচিইউত আছে : ৰঞ্জিত দত্ত

বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ “কংগ্ৰেছ শুই আছে, কংগ্ৰেছ আই চি ইউত আছে ৷যিদিনা কংগ্ৰেছৰ আইচিইউৰ পাইপ খুলি যাব সেইদিনাই কংগ্ৰেছ নিঃশেষ হ’ব ।” শোণিতপুৰ সংসদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই আজি ঢেকীয়াজুলি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰে। উল্লেখ্য যে শোণিতপুৰ সংসদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই আজি ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰছলা, ডুমডুমা, চিৰাজুলি, ৰাক্ষসমাৰী, মাজৰৌমাৰী আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়৷ আজি দুপৰীয়া বৰছলা কৃষ্টি বিকাশ সংঘৰ ৰংগমঞ্চত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই ভাষণ প্ৰদান কৰি কয়, বিজেপি মানে উন্নয়ন৷ বিজেপিৰ লক্ষ্য হ’ল ৰাইজৰ উন্নয়ন ৷ গতিকে সকলোৱে বিজেপিৰ পতাকাৰ তলত সমবেত হৈ দেশৰ উন্নয়নৰ অংশীদাৰ হোৱা উচিত ৷ তেওঁ পুনৰ কয়, ২০১৪ চনত বিজেপি শাসনলৈ অহাৰ পিছত অসমত শান্তি প্ৰতিষ্ঠা হৈছে৷ অসমৰ ৰাইজে উন্নয়নৰ মুখ দেখিছে৷ এতিয়া অসমৰ চাৰিওদিশে উন্নয়নৰ পৰিৱেশ বিৰাজ কৰিছে৷ কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয়, কংগ্ৰেছে উন্নয়নৰ চিন্তা নকৰে৷ প্ৰয়াত ছবিলাল উপাধ্যায় কংগ্ৰেছৰ নেতা আছিল৷ প্ৰয়াত ছবিলাল উপাধ্যায় আজীৱন কংগ্ৰেছত থাকিল কিন্তু কংগ্ৰেছ শাসনত থকা সময়ত তেওঁৰ স্মৃতিত কোনো অনুষ্ঠান স্থাপন নকৰিলে৷ এয়া এক উদাহৰণ মাথো৷ গতিকে আপোনালোক কংগ্ৰেছত থাকি লাভ নাই ৷ সেয়ে সকলো দলে-বলে আহি বিজেপিত যোগ দিয়ক বুলি দত্তই ভাষণত প্ৰকাশ কৰে। তেওঁ পুনৰ কয়, কংগ্ৰেছৰ চৰকাৰে বিগত সুদীৰ্ঘ সময়ত কৰিব নোৱাৰা উন্নয়ন বিজেপি চৰকাৰে মাত্ৰ কেইটামান বছৰত কৰি দেখুৱালে৷ বসুন্ধৰাৰ জৰিয়তে ভূমিহীন লোকক ভূমিৰ অধিকাৰ দিয়া, মহিলাসকলক সংস্থাপন দিয়াৰ লক্ষ্যৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে বিজেপিয়ে৷ গতিকে অসমৰ সকলো শ্ৰেণীৰ ৰাইজ বিজেপিৰ পক্ষত থাকি নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক শক্তিশালী কৰিব লাগে ৷ নৰেন্দ্ৰ মোদী আৰু ড: হিমন্ত বিশ্ব শৰ্মা শক্তিশালী হ’লেহে অসমৰ উন্নয়নৰ গতিধাৰা অধিক ত্বৰান্বিত হ’ব বুলি প্ৰাৰ্থী ৰঞ্জিত দত্তই ভাষণত উল্লেখ কৰে। অহা ১৯ এপ্ৰিলত হ’ব লগীয়া নিৰ্বাচনত পুৱাই দলে-বলে গৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়৷ সভাত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে ভাষণ প্ৰদান কৰি কয়, বিজেপিয়ে সবকা সাথ সবকা বিকাশৰ চিন্তা কৰে৷ নৰেন্দ্ৰ মোদীয়ে সকলোৰে উন্নয়ন বিচাৰে৷ গতিকে সকলোৱে উন্নয়নৰ স্বাৰ্থত বিজেপিৰ পক্ষত থাকিব লাগে৷ যিসকলে উন্নয়ন বিচাৰে তেওঁলোকে বিজেপিৰ পক্ষত ভোটদান কৰক৷ মুছলমান ৰাইজে যদি নিৰ্বাচনত ভোট দিয়ে তেন্তে তেওঁলোকৰ মছজিদৰ উন্নয়নৰ বাবে পদক্ষেপ লোৱা হ’ব বুলি মন্ত্ৰী সিংহলে ভাষণত উল্লেখ কৰে। শোণিতপুৰ সংসদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ সমৰ্থনত আজি ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰছলা, ডুমডুমা আদি অঞ্চলত বিজেপিৰ নেতা-কৰ্মীসকলে নিৰ্বাচনী প্ৰচাৰ চলায়৷ নিৰ্বাচনী প্ৰচাৰ সভাসমূহত শোণিতপুৰ সংসদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহল, বিজেপিৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি দীপামনি শইকীয়া উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায়৷ শোণিতপুৰ সংসদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই সংবাদমাধ্যমত লগতে জনায় যে শোণিতপুৰ সংসদীয় সমষ্টিৰ বুথ পৰ্যায়ৰ নেতা কৰ্মীসকল বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ সংকল্পবদ্ধ হৈছে৷ গতিকে আমি জয়ী হোৱাটো নিশ্চিত বুলি জনায় বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like