নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ আমাৰ বাবে ফেক্টৰ নহয় : মন্ত্ৰী যোগেন মহন

বিশেষ বাৰ্তা, সোণাৰি, ২২ মাৰ্চ: আগন্তুক ১৯ এপ্ৰিলত অনুষ্ঠিত হব লগা যোৰহাট লোকসভা নিৰ্বাচনত আমাৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ জয়ী হোৱাটো ১০০ শতাংশ নিশ্চিত। কংগ্ৰেছৰ প্ৰাৰ্থীক গৌৰৱ গগৈক লৈ যিমানেই হৈ চৈ নকৰক কিয় আমাৰ দৃষ্টিত গৌৰৱ গগৈ কোনো ফেক্টৰ নহয়। এই দাবী যোগেন মহনৰ। সমষ্টিত তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলাই থকা সময়ত সাংবাদিকৰে হোৱা মুখামুখিত এনেদৰে কয় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয় “বিগত ৬০ টা বছৰে কংগ্ৰেছে নোৱাৰা কাম বিজেপিয়ে ১০টা বছৰত কৰি দেখুৱালে। প্ৰধানকৈ বছৰ বছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ অহা চাহ শ্ৰমিকসকলৰ বাবে জল জীৱন আচঁনিযোগে বিশুদ্ধ পানীৰ ব্যৱহা কৰিছে। তেনেদৰে বছৰ বছৰ ধৰি উচ্চ শিক্ষানুষ্ঠানৰ মুখ নেদেখা চাহ শ্ৰমিকসকলে নিজৰ সন্তানক পঢ়াব পৰাকৈ ৰাজ্যত ১০০খন আদৰ্শ বিদ্যালয় স্থাপন‌ কৰি চাহ শ্ৰমিকসকলৰ শৈক্ষিক সমস্যাক দুৰ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা আচঁনিসমূহে শ্ৰমিক বাই ভনীসকললৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। ইয়াৰ উপৰি চৰকাৰে নিযুক্তি দিয়া বিভিন্ন বিভাগত এটকাও ঘোচ নিদিয়াকৈ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱাৰ লগতে চাহ শ্ৰমিকৰ সন্তানেও বিভিন্ন বিভাগত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। বিগত সময়চোৱাত কংগ্ৰেছে চাহ শ্ৰমিকৰ স্বাৰ্থত কি কি কৰিলে তাৰ তথ্য প্ৰকাশ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ নৈতিক সাহস আছেনে বুলি কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰী মহনে আৰু কয়- অতবছৰে কংগ্ৰেছে চাহ শ্ৰমিকক ভোটবেংক ৰূপে কেৱল ব্যৱহাৰ কৰি আহিছে। জাতিটোৰ স্বাৰ্থত উন্নয়নমুখী কিবা চিন্তা কৰিলেনে? বিজেপিয়ে সমাজখন উন্নয়নমূলক আচঁনিৰে প্ৰগতিৰ জোৱাৰ সৃষ্টি কৰিবলৈ প্ৰস্তুত কৰা পৰিকল্পনা দেখি মতিভ্ৰম ঘটা কংগ্ৰেছ দলৰ কৰ্মীসকলে নিৰ্বাচনী প্ৰচাৰৰ নামত যুক্তি সংগত অভিযোগ উত্থাপন কৰিব নোৱাৰি কেতবোৰ তুলুঙামূলক মন্তব্যৰে চলোৱা প্ৰচাৰে আমাক একো বিঘিনি ঘটাব নোৱাৰে বুলি মোৰ আত্মবিশ্বাস আছে । আমাৰ চৰকাৰে সকলোৰে বিকাশ ঘটোৱাৰ মূলমন্ত্ৰৰে কাম কৰিছে। তেনেদৰে বহুকেইটা উল্লেখনীয় আৰু জনপ্ৰিয় আচঁনি হাতত লৈ জনতাৰ মাজলৈ চৰকাৰে প্ৰৱেশ কৰি অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে । যোৰহাট লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী গৰাকীৰ সন্মুখত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে কিবা প্ৰত্যাহ্বান সৃষ্টি কৰিব নেকি বুলি সোধাত ৰাজহ মন্ত্ৰী গৰাকীয়ে একেষাৰতে কয় যে মানুহে ভবাৰ দৰে একো প্ৰত্যাহ্বান সৃষ্টি কৰিব নোৱাৰে। কাৰণ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে যিবোৰ ইচ্ছুক লৈ প্ৰচাৰত নামিছে সেই ইচ্ছা সমূহ আমাৰ চৰকাৰে পৰ্যায়ৰ ক্ৰমে সমাধান কৰিবলৈ আৰম্ভ কৰিছে। তাতকৈ আচৰিত কথাতো হল মোৰ সমষ্টিত কংগ্ৰেছ বুলিবলৈ নগন্য কেইগৰাকী মান ব্যক্তিহে আছে। তাৰে অধিকেই দেখুন মোৰ লগত সঘন যোগাযোগ কৰিয়েই থাকে । অৱশ্যে চাহ মজদুৰ সংঘৰ বাগিচাৰ ইউনিটৰ কেইগৰাকী মান নেতায়ে মজদুৰ সংঘৰ অস্তিত্ব জীয়াই ৰাখিবৰ বাবে কংগ্ৰেছ কৰি আহিছে। তেওঁলোকে আমাৰ যাত্ৰাত ব্যাঘাট জন্মাব পৰাকৈ শক্তিশালী নহয়। তথাথিও আমি নিজৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ সকলো দিশতে সক্ৰিয় হৈ প্ৰচাৰ চলাইছো। আমাৰ দলীয় কৰ্মীয়ে নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ মাজেৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে সাংগঠনিক তৎপৰতাত জড়িত হৈ পৰিছে। চৰকাৰৰ আচঁনিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ মাধ্যমেৰে চলোৱা নিৰ্বাচনী প্ৰচাৰে আমাৰ দলৰ প্ৰাৰ্থীক জয়ী হোৱাত পয্যাপ্ত সহায় কৰিব। বিৰোধীয়ে আমাৰ বিৰুদ্ধে যিমানেই সমালোচনা নকৰক যোৰহাট লোকসভা সমষ্টি পুণৰ আমাৰ হাতত তুলি দিব মাহমৰা সমষ্টিৰ লগতে যোৰহাট বাসীয়ে। ৰাজহ মন্ত্ৰী যোগেন মহনে বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ বিজয় নিশ্চিত বুলি দাবী কৰাৰ সন্ধিক্ষণতেই চাহ বাগিচাৰ একাংশ শ্ৰমিক নেতায়ে অতি কৌশলীপূৰ্ণ প্ৰক্ৰিয়াৰে চাহ বাগিচাত কংগ্ৰেছৰ প্ৰক্ৰিয়াৰে চাহ বাগিচাত কংগ্ৰেছৰ প্ৰাৰ্থীৰ পক্ষত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। উল্লেখনীয় দিশটো হৈছে ৰাজ্যত থকা ২১টা চাহ মজদুৰ সংঘৰ শাখাতে ভিতৰত ইতিমধ্যে ১১টা শাখায়ে বিজেপিক নৈতিক সমৰ্থন আগবঢ়াই প্ৰত্যক্ষ ভাবে বিজেপিৰ হৈ প্ৰচাৰ চলোৱা বুলি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিয়ে সমষ্টিৰ চাহ বাগিচাত যথেষ্ট প্ৰভাৱ পেলাইছে। অৱশ্যে মাহমৰা সমষ্টিৰ অন্তৰ্গত থকা মৰাণ শাখা চাহ মজদুৰ সংঘ। আৰু সোণাৰি শাখা চাহ মজদুৰ সংঘই কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ পক্ষত প্ৰচাৰ চলাইছে যদিও কোনো শ্ৰমিক নেতাই মুকলিভাবে কংগ্ৰেছৰ প্ৰাৰ্থীৰ পক্ষত প্ৰচাৰ চলাবলৈ ওলাই অহা নাই।

প্ৰেৰক দীপাংকৰ পাল

You might also like