নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : বিশ্ব জল দিৱসৰ তাৎপর্য

ধর্ম কান্ত মিলি

‘‘Thousands have lived without love, not one without water.’’ (A. H. Auden)

বিভিন্ন ধর্মৰ দৃষ্টিত পানী
খক্বেদ সংহিতাত কৈছে– ‘‘পানী আনন্দৰ উৎস, শক্তিৰ ভাণ্ডাৰ, কল্যাণকাৰী, পৱিত্র কৰোঁতা, মাতৃৰ দৰে পালনকর্তা আৰু জীৱনদায়িনী৷’’ ভাগৱত গীতাত কৈছে– ‘‘জীৱনটো আৰম্ভ হৈছে পানীৰ পৰা, পানীৰ আশীর্বাদেৰে আমাৰ জীৱন লালিত-পালিত হয়৷ সভ্যতাৰ বিকাশ ঘটে৷’’ চাণ্ডক্য উপনিষদত বিশ্বব্রহ্মাণ্ডত জীৱৰ সৃষ্টি সম্পর্কত এটি বিস্তৃত ব্যাখ্যা আছে৷ উল্লেখ আছে যে প্রথমতে ব্রহ্মা অর্থাৎ পৰমআত্মাৰ সৃষ্টি হৈছিল৷ সৃষ্টিৰ প্রভাতী বেলাত ব্রহ্মাই উপলব্ধি কৰিছিল যে বিশ্ব ব্রহ্মাণ্ডত আৰু বহু সৃষ্টি কৰিবলগীয়া আছে৷ লগে লগে সৃষ্টি হ’ল অগ্নিৰ৷ অগ্নিৰ পিছত সৃষ্টি হ’ল পানীৰ৷
ইছলাম ধর্মৰ ধর্মগ্রন্থ কোৰানত পানীক আল্লাৰ আশীর্বাদ বুলি বর্ণনা কৰা আছে৷ ইছলামত পানীৰ অপচয় কঠোৰভাৱে নিষিদ্ধ কৰা আছে আৰু ব্যৱসায়িক লাভৰ বাবে ইয়াৰ ব্যৱহাৰ পাপ বুলি গণ্য কৰা হৈছে৷ মানুহে জীৱ-জন্তু, চৰাই-চিৰিকটি, উদ্ভিদ বা অন্যান্য জীৱৰ বাবে খোৱাপানীৰ সংৰক্ষণ কৰাতো একপ্রকাৰ আল্লাৰ প্রতি উপাসনা আৰু এই কার্যৰ দ্বাৰা আল্লা সন্তুষ্ট হয় বুলি উল্লেখ আছে৷
খ্রীষ্টান ধর্মত পানী হৈছে পৱিত্রতাৰ প্রতীক৷ খ্রীষ্টান ধর্মত শৰণ লোৱাৰ সময়ত বা খ্রীষ্টান ধর্মৰ প্রতি আনুগত্য প্রকাশ কৰাৰ সময়ত পৱিত্র পানীৰে স্নান কৰোৱা হয়৷ Old Testamentত পানীক যীশুখ্রীষ্টৰ পূর্বজন্মৰ প্রতীক বুলি গণ্য কৰা হয়৷ লগতে পানীক ভগৱানৰ আশীর্বাদ আৰু তেওঁৰ বদান্যতাৰ কাৰণে মানৱ সমাজে এই অমূল্য সম্পদ লাভ কৰিছে বুলি বিশ্বাস কৰা হয়৷
বৌদ্ধধর্মৰ মতে পানী হৈছে সকলোৰে জীৱন দাতা৷ পানী বিশুদ্ধতা, নির্মলতা আৰু শান্তিৰ প্রতীক৷ সুদীর্ঘ ৪৫ বছৰ বৌদ্ধ ধর্মৰ প্রচাৰক হিচাপে পৃষ্ঠপোষকতা কৰা গৌতম বুদ্ধই সকলো প্রাকৃতিক সম্পদৰ ওপৰত সন্মান জনাবলৈ আৰু পানী অপচয় ৰোধ কৰিবলৈ শিষ্যসকলক উপদেশ দিছিল৷ বৌদ্ধধর্মৰ বজ্রয়ান মতাৱলম্বীৰ লোকসকলে লোভ-মোহৰ পৰা নিজকে আঁতৰাই ৰাখিবৰ বাবে গৌতম বুদ্ধ আৰু আন আন প্রচাৰকসকলক ৭টা পাত্রত পানী আগবঢ়াই দিয়াৰ কাহিনী আছে৷

পানীৰ ব্যৱহাৰিতা
পানী হৈছে এটি অজৈৱ, স্বচ্ছ, স্বাদহীন, গন্ধহীন আৰু বর্ণহীন ৰাসায়নিক পদার্থ৷ পানী প্রাণী আৰু উদ্ভিদ জগতৰ এক অপৰিহার্য উপাদান৷ এই কাৰণেই কোৱা হয়– পানী মানেই জীৱন৷ পানী অবিহনে মানুহ, জীৱ নাইবা উদ্ভিদ জীয়াই থকাতো অসম্ভৱ৷ আমাৰ দৈনন্দিন জীৱনত কেতিয়াবা পানীৰ অভাৱ হ’লেহে পানীৰ গুৰুত্ব আমি বুজি পাওঁ৷ মানুহ খাদ্যৰ অভাৱত কেইবাদিনো জীয়াহ থাকিব পাৰে, কিন্তু পানীৰ অভাৱত তিনি দিনতকৈ বেছিদিন জীয়াই থাকিব নোৱাৰে৷ ৰন্ধা-বঢ়া কার্য, বাচন-বর্তন পৰিষ্কাৰ কৰা, কাপোৰ ধোৱা আৰু স্নান কৰা আদি কামৰ বাবে পানী অপৰিহার্যভাৱে ব্যৱহাৰ কৰা হয়৷ সকলোতকৈ কৃষি খণ্ডত পানী অত্যধিকভাৱে ব্যৱহাৰ হয়৷ ইয়াৰ উপৰি কল-কাৰখানা, তাপবিদ্যুৎ বা জলবিদ্যুৎ প্রকল্পসমূহতো পানী প্রচুৰভাৱে ব্যৱহাৰ কৰা দেখা যায়৷ এই সকলোবোৰৰ উপৰি প্রাণীৰ শৰীৰ সুস্থ ৰখা বা শৰীৰৰ ওজন নিয়ন্ত্রণৰ বাবে পানীৰ প্রয়োজনীয়তা আছে৷ নিয়মিত আৰু সময় অনুযায়ী পানী ব্যৱহাৰ কৰিলে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ে৷ মানুহৰ ছাল ভালে ৰখাৰ ক্ষেত্রত পানীৰ এক বিশিষ্ট ভূমিকা আছে৷ বর্তমান সময়ত কম্পিউটাৰ বা ম’বাইল ফোন আদিতে প্রায়ভাগ লোক ব্যস্ত হৈ থাকে৷ ইয়াৰ ফলত মানুহৰ মাজত মানসিক চাপৰ সৃষ্টি হয়৷ এই মানসিক চাপৰ পৰা মুক্তি পাবৰ বাবে নিয়মিত পানী খোৱাটো অত্যন্ত আৱশ্যক৷ ই শৰীৰৰ তাপমাত্রাৰ ভাৰসমতা ৰক্ষা কৰে, হজম শক্তি বঢ়ায় বা শৰীৰৰ অপকাৰী টক্সিনসমূহ দূৰ কৰাত সহায়ক হয়৷

পানীৰ অধিকাৰক লৈ দেশসমূহৰ মাজত বিবাদ
পানীৰ অধিকাৰক কেন্দ্র কৰি বিশ্বৰ বিভিন্ন দেশৰ মাজত অতীজৰে পৰা সামাজিক আৰু ৰাজনৈতিক সংঘাতৰ সৃষ্টি হৈ আহিছে৷ পানী সম্পর্কীয় বিবাদক কেন্দ্র কৰি ২০২২ চনত বিশ্বত প্রায় ৩৪৪টা ঘটনা সংঘটিত হৈছে৷ এহ প্রতিবেদন পানী সম্পর্কীয় বিবাদৰ অধ্যয়নৰ লগত জড়িত বিশ্বৰ আগশাৰীৰ গৱেষণা অনুষ্ঠান‘Pacific Institute’-এ প্রকাশ কৰা‘Water Conflict Chronology’ত প্রকাশ পাইছে৷ ৰাছিয়া আৰু ইউক্রেহনৰ মাজত পানী সম্পৰ্কীয় বিবাদক কেন্দ্র কৰি প্রায় ৫৮জন লোকৰ মৃত্যু হৈছে৷ ইৰান আৰু আফগানিস্তানৰ মাজত হেলমাৰ নদীক কেন্দ্র কৰি দুখন দেশৰ সেনাবাহিনীৰ মাজত ভীষণ সংঘর্ষৰ সূত্রপাত হৈ আহিছে৷ আফ্রিকাৰ বিভিন্ন দেশ বিশেষকৈ নাইজেৰিয়া, ছোমালিয়া আৰু দক্ষিণ ছুডানৰ মাজত পানী আৰু ভূখণ্ডৰ বাবে খেতিয়ক আৰু পশুপালকসকলৰ মাজত দীর্ঘদিন ধৰি কাজিয়াৰ সূত্রপাত হৈ আহিছে৷ উল্লেখযোগ্য যে ভাৰত আৰু ইয়াৰ প্রতিৱেশী ৰাষ্ট্র পাকিস্তানৰ মাজত সিন্দু নদী, বাংলাদেশৰ মাজত তিস্তা নদী, ভাৰত আৰু নেপালৰ মাজত মহাকালী নদীক লৈ বিবাদৰ সূত্রপাত হৈছিল৷ বর্তমানে ভাৰত আৰু চীনৰ মাজত ব্রহ্মপুত্রক কেন্দ্র কৰি বিবাদৰ সূত্রপাত হৈ আছে৷ ইয়াৰ উপৰি ভাৰতৰ আন্তঃৰাজ্যিক ক্ষেত্রত ৰবি, ব্যাস আৰু সুতলেজ নদীক কেন্দ্র কৰি পঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থান, কাবেৰী নদীক কেন্দ্র কৰি তামিলনাডু, কর্ণাটক, কেৰালা আৰু পণ্ডিচেৰী, পেৰীয়াৰ নদীক কেন্দ্র কৰি তামিলনাডু, কেৰালা, নর্মদা নদীক কেন্দ্র কৰি মধ্যপ্রদেশ, গুজৰাট, মহাৰাষ্ট্র, ৰাজস্থান আৰু কৃষা নদীক কেন্দ্র কৰি মহাৰাষ্ট্র, অন্ধ্রপ্রদেশ আৰু কর্ণাটকৰ মাজত বিবাদৰ সূত্রপাত অব্যাহত আছে৷

বিশ্ব জল দিৱসঃ উদ্দেশ্য আৰু তাৎপর্য
১৯৯২ চনৰ ২২ ডিচেম্বৰ তাৰিখে ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত ৰাষ্ট্রসংঘৰ পৰিৱেশ আৰু বিকাশ সম্পর্কীয় এখন সন্মিলন অনুষ্ঠিত হৈছিল৷ এহ সন্মিলত ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদে প্রত্যেক বছৰে ২২ মার্চ তাৰিখে ‘বিশ্ব জল দিৱস’ পালন কৰিবৰ বাবে সর্বসন্মতিক্রমে প্রস্তাৱ গ্রহণ কৰিছিল৷ পানীৰ গুৰুত্ব সম্পর্কে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা আৰু পানী সম্পর্কীয় নতুন নতুন চিন্তাধাৰা আৰু জ্ঞানৰ জৰিয়তে জনসাধাৰণক অনুপ্রাণিত কৰাৰ উদ্দেশ্যেৰে ১৯৯৩ চনৰ পৰা প্রতিবছৰে এই দিৱস পালন কৰি আহিছে৷ এই দিৱসত পানীৰ নাটনি, পানীৰ প্রদূষণ, অপর্যাপ্ত পানীৰ যোগান, অনাময় ব্যৱস্থাৰ অভাৱ, জলবায়ু পৰিৱর্তনৰ প্রভাৱ আদি বিষয়সমূহে অগ্রাধিকাৰ পাই আহিছে৷ ইয়াৰ উপৰি সকলোৰে বাবে সুৰক্ষিত খোৱাপানী, অনাময় ব্যৱস্থা, উপযুক্ত পৰিষ্কাৰ-পৰিচ্ছন্ন জৰিয়তে বহনক্ষম উন্নয়ন প্রাপ্তিৰ দিশত কার্যপন্থা সম্পাদনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে৷ ১৯৯৩ চনৰ পৰা ‘বিশ্ব জল দিৱসৰ’ লগত সংগতি ৰাখি ৰাষ্ট্রসংঘই ‘UN World Water Development Report’ (UNWR) প্রকাশ কৰি আহিছে৷ এই প্রতিবেদনত পানীৰ বহনক্ষম আৰু নিয়ন্ত্রিত ব্যৱহাৰৰ জৰিয়তে কেনেদৰে অপচয় ৰোধ কৰি বিশ্ববাসীক পানীৰ নাটনিৰ ভয়াৱহতাৰ পৰা ৰক্ষা কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰি আহিছে৷

২০২৪ চনৰ বিশ্ব জল দিৱসৰ বিষয়বস্তু
২০২৪ চনৰ ‘বিশ্ব জল দিৱসৰ’ প্রধান বিষয়বস্তু হৈছে‘Water for Peace’৷ ইতিহাসৰ পৰা এই কথা প্রতীয়মান হয় যে যেতিয়াই পানীৰ নাটনি হয় বা পানীৰ প্রদূষণ হয় বা পানীৰ বিতৰণত অসমতা হয়, তেতিয়াই বিভিন্ন ৰাষ্ট্র আৰু সম্প্রদায়ৰ মাজত উত্তেজনাৰ সৃষ্টি হয় আৰু তেতিয়াই ই সমাজত ৰাজনৈতিক বা সামাজিক অস্থিৰতাৰ সৃষ্টি কৰে৷ বর্তমানে বিশ্বৰ বিভিন্ন দেশৰ মাজত পানীক কেন্দ্র কৰি সংঘটিত ঘটনাসমূহে এহ কথা প্রতিপন্ন কৰি আহিছে৷ সুস্থিৰ আৰু সমৃদ্ধিশালী বিশ্বৰ বাবে পানী যে অপৰিহার্য এই কথাৰ যুক্তিযুক্ততা প্রতিপন্ন কৰিবৰ বাবে এই বিষয়বস্তু বাছি লোৱা হৈছে৷

পানী সম্পর্কত ৰাষ্ট্রসংঘৰ প্রতিবেদন
পানী হৈছে প্রকৃতিৰ দান৷ প্রকৃতিয়ে সমাজক অফুৰন্ত আৰু সকলোৰে উপলব্ধ হোৱাকৈ এই সম্পদৰাজি সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে মানুহৰ ব্যৱহাৰৰ বাবে এতিয়াও পৃথিৱীত পর্যাপ্ত পানী আছে৷ কিন্তু মানুহে সেৱন কৰিব পৰাকৈ পর্যাপ্ত পানীৰ এতিয়াও অভাৱ৷ পৰিসংখ্যা অনুযায়ী প্রতিজন ব্যক্তিৰ ভিতৰত দশমজন ব্যক্তিয়ে এতিয়াও এটোপাল খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে৷UNICEFৰ তথ্য অনুসৰি পৃথিৱীৰ প্রায় ৪ ভাগৰ ৩ অংশ জনসংখ্যা এতিয়াও প্রতিবছৰে এমাহ পানীৰ অভাৱৰ সন্মুখীন হৈ আহিছে৷ বিশ্বৰ প্রায় ২.০০ বিলিয়ন জনসংখ্যা এতিয়াও অপর্যাপ্ত পানীৰ নাটনিৰে জীৱন অতিবাহিত কৰিব লাগিছে৷ ৰাষ্ট্রসংঘৰ এক প্রতিবেদন অনুসৰি ২০১১ চনৰ অক্টোবৰত বিশ্বৰ জনসংখ্যাই ৭ বিলিয়নৰ সীমা অতিক্রম কৰিছে৷ প্রতিবেদনত কোৱা হৈছে যে বিশ্বৰ জনসংখ্যা অহা ৩০ বছৰত বর্তমান ৭.৭ বিলিয়নৰ পৰা ২০৫০ চনত ৯.৭ বিলিয়ন বৃদ্ধি পাব আৰু ২১০০ চনত ই প্রায় ১১ বিলিয়ন হ’ব বুলি আশা কৰা হৈছে৷
ৰাষ্টসংঘৰ United Nation Environment Programme (UNEP)ৰ প্রতিবেদনত কোৱা হৈছে যদি পানীৰ অপচয় ৰোধ কৰা নহয় বা প্রদূষণ নিয়ন্ত্রণ কৰা নহয়, তেতিয়াহ’লে ২০৩০ চনৰ ভিতৰত প্রায় আধা অংশই পানীৰ সংকটৰ সন্মুখীন হ’ব আৰু লাখ লাখ লোকৰ স্বাস্থ্যৰ প্রতি ভাবুকিৰ সৃষ্টি হ’ব৷ এই প্রতিবেদনত আৰু উল্লেখ কৰা আছে যে বিশ্বৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে নগৰীকৰণ বৃদ্ধি পাব আৰু ইয়াৰ সৈতে জলবায়ুৰ পৰিৱর্তন বৃদ্ধি পাব৷ একে সময়তে মানুহৰ খাদ্যাভ্যাসৰ পৰিৱর্তন হ’ব আৰু সকলো মিলিত প্রভাৱৰ বাবে ভৱিষ্যতে পানীৰ চাহিদা বৃদ্ধি হ’ব৷
একেখন প্রতিবেদনে ৰাষ্ট্রসংঘৰ পৰিৱেশ কার্যসূচীৰ কার্যবাহী সঞ্চালক অচীম ষ্টেইনাৰে ডল্লেখ কৰিছে যে বহনক্ষম উন্নয়নৰ বাবে পৰিষ্কাৰ পানীৰ এক নির্ভৰযোগ্য উৎস থকাটো গুৰুত্বপূর্ণ৷ যেতিয়া পৰিষ্কাৰ পানী উপলব্ধ নহয়, তেতিয়া পৃথিৱীৰ দৰিদ্র জনসংখ্যাই তেওঁলোকৰ উপার্জনৰ এক বৃহৎ অংশ ইয়াক ক্রয় কৰিবলৈ ব্যয় কৰিব লাগিব, যিয়ে বিকাশৰ ক্ষেত্রত বাধা প্রদান কৰিব৷

প্রতিটোপাল পানীৰ অপচয় ৰোধৰ বাবে সংকল্পবদ্ধ হওঁ আহক
বিশ্ববাসীক পানীৰ অভাৱৰ পৰা ৰক্ষা কৰিবৰ বাবে পানীৰ অপচয় ৰোধ কৰাৰ লগতে পানীৰ সংৰক্ষণৰ ওপৰত সর্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিব৷ বর্তমানে পানীৰ সংকটৰ সন্মুখীন হোৱা ভাৰতৰ অন্যতম উন্নত ৰাজ্য চিলিকন ভেলী খ্যাত বেংগালুৰুৰ পানীৰ সংকটৰ পৰা প্রতিজন লোকে শিক্ষা ল’ব লাগিব৷ এই বেংগালুৰু এটা সময়তCity of Lake নামে পৰিচিত আছিল৷ কিন্তু সভ্যতাৰ বিকাশৰ নামত কিছুমান ভুল সিদ্ধান্তৰ বাবে এহ বিষম পৰিণতি ভোগ কৰিব লগা হৈছে৷ আজি বেংগালুৰুৰ জনসাধাৰণে এটুপি খোৱাপানীৰ বাবে জীৱন-মৰণৰ সংগ্রাম কৰিবলগীয়া হৈছে৷
আহক আমি বিশ্ব জল দিৱসৰ এই পৱিত্র দিনটোত প্রতিটোপাল পানী সংৰক্ষণৰ বাবে প্রতিশ্রুতিবদ্ধ হওঁ৷ পানী সংৰক্ষণক আমি এক গণ আন্দোলনত পৰিণত কৰিব লাগিব৷ বর্তমানে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ আর্থিক সাহায্যত ৰূপায়ণ হোৱা প্রতিটো জল জীৱন আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্রত আমি সহযোগিতা আৰু অংশীদাৰিত্ব আগবঢ়াব লাগিব৷ তেতিয়াহে আমি এখন শক্তিশালী, স্বাস্থ্যৱান আৰু ৰোগমুক্ত ভাৰতবর্ষ নির্মাণ কৰিব পাৰিম৷ আহক আমি এই পৱিত্র দিনত জনসাধাৰণক আহ্বান জনাওঁ– ‘জল হ্যায় ট’ জীৱন হ্যায়, জীৱন হ্যায় ট’ পর্যাবৰণ হ্যায়, পর্যাবৰণ চে য়ে ধৰতী হ্যায়, ঔৰ ইছ ধৰতী চে হম সব হ্যা’ সদৌ শেষত পানী সম্পর্কীয় ইংৰাজী কবিতা‘Water the Life- giving Stream : A Journey of Change’ ভাষাৰে ভগৱানৰ এই বিনন্দীয়া পৃথিৱীখন ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ বিশ্ববাসীক আহ্বান জনাহ কওঁ–

‘‘Let’s wake up, save every drop,

And keep our planet from the brink of stop

For water, oh life giving stream

In a treasure that’s beyond all dreams.’’

লেখকৰ ঠিকনাঃ অতিৰিক্ত মিছন সঞ্চালক,

জল জীৱন মিছন,

ম’বাইল নংঃ ৯৪৩৫০–৮৬৬৬৮

You might also like