ডিজিটেল ডেস্ক, ২৪ এপ্ৰিল : গুৱাহাটী উচ্চ ন্যায়ালয়তো মুখথেকেচা খালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই। পৱন খেড়াৰ অগ্ৰিম জামিন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে নাকচ কৰে পৱন খেড়াৰ অগ্ৰিম জামিন আবেদন।
আদালতে জামিন নাকচ কৰাৰ লগে লগে এতিয়া যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া। অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত ৩খন দেশৰ পাছপ’ৰ্ট থকাৰ অভিযোগ অনাৰ পাছত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।
উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত মঙলবাৰে কংগ্ৰেছৰ শীৰ্ষ নেতা পৱন খেড়াৰ জামিন আবেদনৰ শুনানি সম্পন্ন হৈছিল যদিও ৰায়দান সংৰক্ষিত ৰাখিছিল ন্যায়ালয়ে । ন্যায়ালয়ত পৱন খেড়াৰ হৈ যুক্তি দর্শাইছিল জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে । আনহাতে, অসম চৰকাৰৰ হৈ যুক্তি আগবঢ়াইছিল মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ।