নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিনাকি মহিলাৰ হাতত এবছৰীয়া পুত্ৰ সন্তানক গতাই নিৰুদ্দেশ মাতৃ

ডিজিটেল ডেস্ক, ১৩ জুলাই : শিলচৰত নিজৰ সন্তানক অকলশৰে এৰি থৈ এগৰাকী মাতৃ উধাও হোৱা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বাথৰুমলৈ যোৱাৰ অজুহাত দেখুৱাই নিজৰ ১ বছৰীয়া নিষ্পাপ পুত্ৰ সন্তানক আন এগৰাকী মহিলাৰ জিম্মাত দি মাতৃগৰাকী অন্তৰ্ধান হোৱা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে। শিলচৰ চিভিল হাস্পতালৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা৷

জানিব পৰা মতে, মহিলাগৰাকীয়ে নিজৰ সন্তানটিক লৈ গৈ থকা অৱস্থাত হঠাতে বাথৰুমলৈ যোৱাৰ কথা কয়। তেওঁ কাষতে থকা আন এগৰাকী মহিলাৰ হাতত শিশুটিক কিছু সময়ৰ বাবে দি বাথৰুমলৈ বুলি গুচি যায়।

প্ৰায় দুঘণ্টা সময় পাৰ হৈ যোৱাৰ পিছতো মাতৃগৰাকী উভতি নহাত শিশুটিক গতাই যোৱা মহিলাগৰাকীৰ লগতে উপস্থিত ৰাইজৰ মাজত হাহাকাৰ লাগে। মাকক নেদেখি শিশুটিয়ে কান্দিবলৈ ধৰাত সমগ্ৰ পৰিৱেশটোত হুৱাদুৱা লাগে। বহু সময় ধৰি মাতৃগৰাকীক বিচৰাৰ পিছতো কোনো সম্ভেদ নোপোৱাত স্থানীয় লোকে লগে লগে আৰক্ষীক অৱগত কৰে।

খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। আৰক্ষী আৰু childlineৰ লোকে শিশুটিক উদ্ধাৰ কৰি নিজৰ জিম্মাত লয়। নিজৰ সন্তানক এনেদৰে এৰি থৈ এগৰাকী মাতৃ কিয় আৰু ক’লৈ উধাও হ’ল, সেয়াই এতিয়াও ৰহস্যৰ সৃষ্টি কৰিছে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে সন্ধানহীন মাতৃগৰাকীক বিচাৰি উলিয়াবলৈ অভিযান অব্যাহত ৰাখিছে।

You might also like