বিকশিত অসমৰ ৰূপৰেখা প্রস্তুতেৰে বিত্তমন্ত্রী জয়ন্ত মল্ল বৰুৱাই ১০ জুলাইত অসম বিধানসভাত দাখিল কৰা ২০২৬–২৭ বর্ষৰ পূর্ণাংগ বাজেটখনত ১৮খন ধ্বজাবাহী আঁচনি গ্রহণ কৰা হৈছে৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ২.০ চৰকাৰৰ এইখন প্রথম পূর্র্ণাংগ বাজেট৷ ১৮খন ধ্বজাবাহী আঁচনিৰে এখন সমৃদ্ধিশালী আৰু বিকশিত অসম গঢ়াৰ লক্ষ্যৰে প্রস্তুত কৰা বাজেটখনত কেইবাটাও দীর্ঘম্যাদী প্রকল্পৰ লগতে জনকল্যাণৰ আঁচনি গ্রহণ কৰা হৈছে৷
সাধাৰণতে বার্ষিক পূর্ণাংগ বাজেটত বিত্তীয় বর্ষটোৰ আয়–ব্যয়ৰ হিচাপৰ লগতে ৰূপায়ণ হ’ব লগা আঁচনি তথা যোজনাসমূহৰ ব্যাখ্যা আগবঢ়োৱা হয়৷ কিন্তু কিছু বছৰৰ পৰা বার্ষিক বাজেটত নির্ধাৰিত বিত্তীয় বর্ষৰ বিপৰীতে দীর্ঘম্যাদী আঁচনিৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰা হৈছে৷
বিত্তমন্ত্রী বৰুৱাই দাখিল কৰা ১,৫৬,৭১৪.৮৮ কোটি টকাৰ বাজেটখনত এইবাৰ ৰাজ্যখনৰ আন্তঃগাঁথনি নির্মাণত অগ্রাধিকাৰ দিয়ে৷ বিগত সময়ছোৱাত ৰাজ্যখনত পথ উন্নয়ন আৰু যোগাযোগ ব্যৱস্থাত বৈপ্লৱিক পৰিৱর্তন হৈছে৷ মাথোঁ চহৰ অঞ্চলতে নহয়, গ্রাম্যাঞ্চলৰ পথ–যোগাযোগ ব্যৱস্থাৰো বিশেষ পৰিৱর্তন হৈছে৷
ৰাজ্যখনৰ পথ আৰু দলং নির্মাণৰ বাবে অসম মালা ১ আৰু ২ৰ অধীনত ২০ হাজাৰ কোটিৰো অধিক পুঁজি নির্ধাৰণ কৰা হৈছে৷ দেশৰ ভিতৰতে গুৱাহাটীক নতুন ৰূপ প্রদান কৰাৰ লক্ষ্যৰে ৰিং ৰোড নির্মাণৰ বাবে ৪,৯৯৪ কোটি টকা ধার্য কৰা হৈছে৷ চেটেলাইট চিটীৰ লগতে মেট্র’ ৰে’লৰ ব্যৱস্থা কৰিবলৈ বাজেটত প্রস্তাৱ লোৱা হৈছে৷
বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ ৰাষ্ট্রীয় ঘাইপথ সম্প্রসাৰণ, মাজুলী–যোৰহাট সংযোগী দলং, পলাশবাৰী–শুৱালকুছি সংযোগী দলং, ধুবুৰী–ফুলবাৰী সংযোগী দলং নির্মাণৰ বাবেও বাজেটত পুঁজি নির্ধাৰণ কৰা হৈছে৷
ব্রহ্মপুত্রৰ ওপৰত নির্মীয়মাণ এই দলং তিনিখন নির্ধাৰিত সময়ত সম্পূর্ণ হৈ উঠিলে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাৰ আন্তঃগাঁথনি শক্তিশালী হোৱাই নহয়, সমগ্র ৰাজ্যখনেই অর্থনৈতিক বিকাশৰ ক্ষেত্রত বিশেষ গতি লাভ কৰিব৷
ৰাজ্যখনৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্রখনৰ বিকাশত এইবাৰ সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত অসমত মাথোঁ তিনিখন চিকিৎসা মহাবিদ্যালয় আছিল যদিও শেহতীয়াকৈ দুটা দশকৰ ভিতৰত ১১খন চিকিৎসা মহাবিদ্যালয় নির্মাণ হৈছে৷
ৰাজ্যখনৰ বিভিন্ন জিলাত এতিয়া ১০খন চিকিৎসা মহাবিদ্যালয় নির্মীয়মাণ অৱস্থাত আছে৷ ৰাজ্য চৰকাৰে হোজাই, বজালী, গোৱালপাৰা আৰু হাইলাকান্দিত নতুনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্রস্তাৱ লৈছে৷
ফলত, ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২৮খনলৈ বৃদ্ধি হ’ব৷ ৰাজ্যখনৰ উচ্চ শিক্ষাখণ্ডৰ বিকাশৰ বাবেও এইবাৰ বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদিত ২৭খন মহাবিদ্যালয়ক স্বায়ত্তশাসিতৰ মর্যাদা প্রদান কৰা হৈছে৷
ছয়গাঁও মহাবিদ্যালয়, বি এন মহাবিদ্যালয়, ডি এইচ এছ কে মহাবিদ্যালয়, ডি আৰ মহাবিদ্যালয়, ফৰকাটিং মহাবিদ্যালয়, গোলাঘাট বাণিজ্য মহাবিদ্যালয়, আর্য বিদ্যাপীঠ মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, ডিমৰীয়া মহাবিদ্যালয়, সুৰেন দাস মহাবিদ্যালয়, ঢ়কুৱাখনা মহাবিদ্যালয়, ৰঙাপাৰা মহাবিদ্যালয়, ডিগবৈ মহাবিদ্যালয়, তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, দৰং মহাবিদ্যালয়, এইচ পি বি ছোৱালী মহাবিদ্যালয়, জাগীৰোড মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, লখিমপুৰ ছোৱালী মহাবিদ্যালয়, দুধনৈ মহাবিদ্যালয়, সোণাপুৰ মহাবিদ্যালয়, গোৱালপাৰা মহাবিদ্যালয়, কলিয়াবৰ মহাবিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, গড়গাঁও মহাবিদ্যালয় আৰু মৰিধল মহাবিদ্যালয়ক স্বায়ত্তশাসিত মর্যাদা প্রদান কৰা হৈছে৷
ৰাজ্য চৰকাৰে বাজেটত বিশ্ববিদ্যালয়সমূহ এইবাৰ বিশেষ পুঁজি আবণ্টন দিছে৷ অৱশ্যে এইক্ষেত্রত কটন বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে বাজেটত পুঁজি নির্ধাৰণ নকৰাত প্রতিক্রিয়া পৰিলক্ষিত হৈছে৷
বিত্তমন্ত্রী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰা ২০২৬–২৭ বর্ষৰ বাজেটখন মাথোঁ নির্ধাৰিত বিত্তীয় বর্ষটোৰ বিত্তীয় খতিয়ান নহয়, এয়া ৰাজ্যখনৰ অর্থনৈতিক বিকাশৰ লগতে সুৰক্ষিত অসমৰ ৰূপৰেখা৷ ইৰানৰ ওপৰত আমেৰিকাই চলোৱা আক্রমণক কেন্দ্র কৰি সমগ্র বিশ্বজুৰি সৃষ্টি হোৱা ভূ–ৰাজনৈতিক উত্তেজনা আৰু খাৰুৱা তেলকে ধৰি পণ্য সামগ্রীৰ অস্থিৰ দামে কোনো এখন দেশৰে অর্থনীতি সুৰক্ষিত হৈ থাকিবলৈ দিয়া নাই৷
যুদ্ধকালীন পৰিস্থিতিৰ ফলত উদ্ভৱ হোৱা বিশ্বজুৰি অর্থনৈতিক বিপর্যয়ৰ মাজতো অসমে ৫ বছৰত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন (জিএছডিপি)ত বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ এনে সাফল্যৰ প্রভাৱ ৰাজ্যিক বাজেটত প্রতিফলিত হৈছে৷
২০১৫–১৬ বিত্তীয় বর্ষত অসমৰ জনমূৰি আয় ৬০,৮১৭ টকাৰ পৰা তিনিগুণতকৈও অধিক বৃদ্ধি হৈ ২০২৫–২৬ত ১,৮৫,৪২৯ টকা হৈছে৷ ফলত, ২০২৫–২৬ৰ ৰাজ্যিক বাজেটৰ পৰিমাণ তিনিগুণ বৃদ্ধি হৈ ২,০০,৭৮২ কোটি টকা হৈছে৷
৫ বছৰৰ ৰাজ্যখনৰ অর্থনৈতিক বিকাশৰ ধাৰা সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলে এই কথা স্পষ্ট হয় যে ৰাজ্যখনৰ নিজস্ব ৰাজহ সংগ্রহ ব্যৱস্থাৰ বিশেষ পৰিৱর্তন ঘটিছে৷ অসম এতিয়া দিল্লীৰ ওপৰত সম্পূর্ণ নির্ভৰ কৰিব লগা ৰাজ্য হৈ থকা নাই৷ দেশৰ এখন দ্রুত বিকাশশীল ৰাজ্যৰ দিশে অসমে গতিশীলতা বর্তাই ৰাখিবলৈ সক্ষম হৈছে৷
২০১৫–১৬ বর্ষত অসমৰ নিজস্ব কৰ ৰাজহৰ পৰিমাণ আছিল ১২,৮৪৮ কোটি টকা৷ ২০২৫–২৬ বিত্তীয় বর্ষত ৰাজ্য চৰকাৰে নিজস্ব উৎসৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ ৩৯,২৯৪ কোটি টকালৈ বৃদ্ধি কৰিছে৷ এনে ঊর্ধ্বগামী ৰাজহ সংগ্রহৰ ধাৰা অব্যাহত থাকিলে ২০৩১ৰ ভিতৰত অসম দেশৰ ভিতৰত দ্রুত বিকাশশীল ৰাজ্যত পৰিণত হ’ব৷
উৎপাদনশীল আৰু সম্পদ সৃষ্টিকাৰী ব্যয়ত কেইটামান বর্ষত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰা দেখা গৈছে৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত প্রায় আঢ়ৈ দশকত উৎপাদনশীল আৰু সম্পদ সৃষ্টিকাৰী ব্যয়ত গুৰুত্ব আৰোপ কৰা হৈছিল যদিও ৮০ৰ দশকৰ পৰা ২০১০লৈকে এনে শিতানত বাজেট নির্ধাৰিত পুঁজি হ্রাস কৰা হৈছিল৷
কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিত্তীয় সংকটৰ বাবে এনে ব্যয় সংকোচনৰ ফলত ৰাজহুৱা খণ্ডৰ উদ্যোগ–প্রতিষ্ঠানসম্ ক্ষতিগ্রস্ত হৈছিল আৰু লাখ লাখ লোক কর্মহীন হৈ পৰিছিল৷
২০১৫–১৬ বিত্তীয় বর্ষত উৎপাদনশীল আৰু সম্পদ সৃষ্টিকাৰী ব্যয় শিতানত মূলধনী ব্যয় ২,৯৫১ কোটি টকাৰ পৰা ২০২৫–২৬ বর্ষত ২৬,৫৩১ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ চলিত বাজেটত উক্ত শিতানত পুঁজি বৃদ্ধি কৰাটো ৰাজ্যখনৰ সামগ্রিক বিকাশৰ বাবে শুভ লক্ষণ৷ চলিত বর্ষৰ বাজেটত স্থানীয় অঞ্চলসমূহৰ উন্নয়নত বর্ধিত পুঁজি নির্ধাৰণ কৰাৰ উপৰি বৰাক উপত্যকাৰ উন্নয়ন, ঘৰে ঘৰে খোৱাপানী যোগান, নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে ১১২ জৰুৰীকালীন ব্যৱস্থা কেচিচিৰ জৰিয়তে ঋণ প্রদান, মাছ–মাংস, গাখীৰ, কণীৰ উৎপাদনত আত্মনির্ভৰশীল অগৰু গছৰ ব্যৱসায় সম্প্রসাৰণ, গুৱাহাটীত ভূগর্ভৰে বিজুলী সংযোগ ব্যৱস্থা আদিৰ দৰে বৃহৎ আঁচনি অথবা প্রকল্প গ্রহণ কৰা হৈছে৷
খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ প্রদানৰ লক্ষ্যৰে মিছন বসুন্ধৰা ৪.০ আৰম্ভ কৰাৰো প্রতিশ্রুতি প্রদান কৰা হৈছে৷ ৰাজ্যখনৰ ক্ষুদ্র আৰু মজলীয়া উদ্যোগ স্থাপনত অগ্রাধিকাৰ দিয়া হৈছে৷ উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি অহা সৰু–বৰ বিনিয়োগকাৰীক এখন খিৰিকীৰে প্রয়োজনীয় সকলো অনুমতি প্রদানৰো ব্যৱস্থা লোৱা হৈছে৷
ৰাজ্যখনৰ ক্রীড়াখণ্ডক পুনৰ গতিশীল আৰু গ্রাম্য ক্রীড়া প্রতিভাক উলিয়াই অনাৰ বাবে বাজেটত খেল মহাৰণ ৩.০ আৰম্ভ কৰাৰ লগতে অসমৰ ঐতিহ্য আৰু খিলঞ্জীয়াৰ পৰম্পৰা সংৰক্ষণৰ বাবে বিশেষ অগ্রাধিকাৰ দিয়া হৈছে৷ গুৱাহাটীৰ ৰবীন্দ্র ভৱন পুনৰ নির্মাণ, অসম ললিত কলা একাডেমীকে ধৰি সুকুমাৰ কলাৰ বিকাশৰ বাবেও বাজেটত বিশেষ গুৰুত্ব দিছে৷
ৰাজ্যখনৰ বনাঞ্চলসমূহক অধিক সেউজীয়া কৰিবলৈ আকাশমার্গৰে বীজ সিঁচাৰ ব্যৱস্থা বাজেটখনত উল্লেখ আছে৷ এনে অসংখ্য আঁচনি সুচাৰুৰূপে ৰূপায়ণ হ’লে অসম নিশ্চিতভাৱে দেশৰ পাঁচখন অগ্রণী ৰাজ্যৰ ভিতৰত অন্তর্ভুক্ত হোৱাটো নিশ্চিত৷