নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ ঘোষণাঃ ৩১ ডিচেম্বৰত এজন যুৱককো দুর্ঘটনাত মৰিবলৈ নিদিওঁ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ৰাজ্যখনত অহা ৩১ ডিচেম্বৰত মটৰচাইকেল দুর্ঘটনাত এজনো যুৱকৰ মৃত্যু হ’বলৈ নিদিয়াৰ লক্ষ্য স্থিৰ কৰিছে মুখ্যমন্ত্রীয়ে৷  সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে অহা ৩১ ডিচেম্বৰৰ পুৱাৰে পৰা সমগ্র ৰাজ্যত আৰক্ষীয়ে মটৰচাইকেলৰ চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান কৰিছে নে নাই, তাৰ নিশ্চিতিৰ বাবে অভিযান চলাব৷ তদুপৰি কোনেও সর্বাধিক ৬০ কিলোমিটাৰৰ অধিক গতিবেগত মটৰচাইকেল চলাব নোৱাৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই দুচকীয়া বাহনৰ চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান কৰিবই লাগিব বুলি স্পষ্ট কৰি দি কয় যে দুর্ঘটনা সংঘটিত হ’লে আৰোহীজনে হেলমেট নিপিন্ধলেও আঘাত নাপাব নেকি? মানুহক মৰিব দিব নোৱাৰি৷ দুর্ঘটনাত এজন ল’ৰাৰ মৃত্যু হ’লে মাক–দেউতাকৰ কিমান কষ্ট হয়, সেয়া মাক–দেউতাকেহে বুজি পায়৷ উল্লেখ্য যে প্রতিবছৰে ৩১ ডিচেম্বৰত ৰাজ্যখনত হেলমেট পৰিধান নকৰা আৰু দ্রুতগতিত মটৰচাইকেল চলোৱাৰ বাবে বহু যুৱকে অকাল মৃত্যুক সাবটি লৈ আহিছে৷ তেনে পৰিৱেশৰ অৱসান ঘটোৱাৰ বাবেই এইবাৰ ৩১ ডিচেম্বৰক লৈ অধিক সতর্ক হৈ পৰিছে ৰাজ্য চৰকাৰ৷

You might also like