ডিজিটেল ডেস্ক, ১৩ জুলাই : গোৱালপাৰা জিলাৰ ধনুভাঙাত ৰে’লপথত এটা মৃতদেহ উদ্ধাৰ হয় ৷ পুৱাৰ ভাগতে ৰে’লৰ খুন্দাত নিহত হয় লোকজন ৷ ধনুভাঙাৰ কেৰ্কাজানী গাঁৱৰ সমীপৰ কামাখ্যা-যোগীঘোপা সংযোগী ৰে’লপথত সংঘটিত হয় কৰুণ ঘটনাটো৷ ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো ধনুভাঙাৰ মাদাং গাঁৱৰ নগেন ৰাভা (৫০)ৰ বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে ৷
ঘটনাস্থলীত ৰে’ল আৰক্ষী আৰু ধূপধৰা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰে ৷ লোকজনৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
জানিব পৰা অনুসৰি, পুৱাৰ ভাগতে ঘৰৰ পৰা ওলাই আহে লোকজনে ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, মৃত্যুৰ পূৰ্বে ঘটনাস্থলীৰ কাষত উপস্থিত থকা মহিলাই ৰে’লৱে ট্ৰেকৰ পৰা নামি আহিবলৈ বাৰংবাৰ জনোৱাৰ পিছতো ট্ৰেকৰ পৰা নমা নাছিল লোকজনে ৷ ফলত শৰাইঘাট এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় লোকজনৰ ৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে।