নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ ৰিপুন বৰাৰ আহ্বানঃ পদত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি পদত্যাগ প্ৰত্যাহাৰ কৰক সুস্মিতা দেৱে

নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ কংগ্ৰেছত দল ত্যাগৰ ধাৰা অব্যাহত। অতি শেহতীয়াকৈ ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁয়ে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে আজি প্ৰাক্তন সাংসদ তথা বৰাকৰ কংগ্ৰেছৰ অন্যতম প্ৰভাৱশালী নেত্ৰী সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰে।

ইপিনে প্ৰাক্তন সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীৰ দলত্যাগৰ এনে সিদ্ধান্তৰ পাছতে কংগ্ৰেছ সাংসদ ৰিপুন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নেত্ৰীগৰাকীৰ এই সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ আৰু পদত্যাগ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে।

সংবাদ সংস্থা এএনআইৰ সৈতে বাৰ্তালাপত সাংসদ ৰিপুন বৰাই কয়, “সুস্মিতা দেৱ এগৰাকী বলিষ্ঠ কংগ্ৰেছ নেত্ৰী আছিল। মই কেতিয়াও ভবা নাছিলো যে তেওঁ এনে সিদ্ধান্ত ল’ব। আমি সকলো একেটা পৰিয়ালৰ দৰে আছিলোঁ। যদি তেওঁ কংগ্ৰেছ দলৰ বিৰুদ্ধে কিবা ক্ষোভ আছিল, তেনেহ’লে এই বিষয়ে নেতৃত্বৰ সৈতে আলোচনা কৰিব লাগিছিল। মই তেওঁক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আৰু পদত্যাগ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ।”

You might also like