নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ ধুতী-লুঙীৰ ৰাজনীতিৰ অৱসান ঘটিছে : ড০ শৰ্মা

🔹 ৰাইজৰ আশা-আকাংক্ষা পূৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে কংগ্ৰেছ : অতুল বৰা
🔹  বঙাইগাঁৱত মিত্ৰজোঁটৰ ফণীভূষণ চৌধুৰীৰ হৈ বিশাল নিৰ্বাচনী সভা
বিশেষ বাৰ্তা, ৪ মে’ :  কংগ্ৰেছ দলৰ শাসন কালৰ লুঙী-ধুতীৰ ৰাজনীতিৰ অৱসান ঘটিছে ৷ ইয়াৰ পৰিৱৰ্তে আমাৰ দিনত চলিছে চৰকাৰী চাকৰি তথা কৰ্মসংস্থাপনৰ চিন্তা ৷- এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ বঙাইগাঁও গান্ধী ময়দানত আজি অগপ-বিজেপি-ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত আয়োজন কৰা এক নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়াই লগতে কয় যে কংগ্ৰেছে দীৰ্ঘদিন কেন্দ্ৰ তথা ৰাজ্যত শাসন কৰিছে ৷ কংগ্ৰেছৰ শাসন কালত ৰাজ্যখনত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ প্ৰায় প্ৰতিদিনে অশান্তিময় পৰিৱেশ সৃষ্টি হৈছিল ৷ আজি ক’ৰবাত বোমা-বাৰুদৰ ঘটনা সংঘটিত হ’লে কালি হয়তো ক’ৰবাত হত্যা-অপহৰণৰ ঘটনা সংঘটিত হৈছিল ৷ কিন্তু বিজেপি, অগপ আৰু ইউপিপিএলৰ মিত্ৰজোঁট গঠনৰ তিনি বছৰ হ’ল যদিও এনেবোৰ ঘটনা সংঘটিত হোৱা নাই ৷ ৰাজ্যৰ চৌদিশে শান্তি বিৰাজ কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতাত বড়ো আন্দোলন শেষ হ’ল ৷ কাৰ্বি আৰু ডিমাচা আন্দোলনো শেষ হ’ল ৷ আলফাৰ প্ৰায় ৯০ শতাংশ সদস্যই মূলসুঁতিলৈ উভতি আহিছে ৷ গতিকে ৰাজ্যখনত বিভিন্ন জাতি-জনগোষ্ঠীক লৈ শান্তিপূৰ্ণভাৱে চলিছে শাসন ব্যৱস্থা ৷ আনকি চৰকাৰ গঠনৰ এই তিনি বছৰৰ মাজত অসম বন্ধ অথবা সঘনে হৈ থকা বঙাইগাঁও বন্ধ হোৱা নাই ৷ তেওঁ লগতে কয় যে অসমত এই শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ কাৰণে অসমত নতুনকৈ স্থাপন হৈছে উদ্যোগ প্ৰতিষ্ঠান ৷ আহিছে বিনিয়োগ ৷ যাৰ ফলত ৰাজ্যখন বিকাশৰ ফালে লাহে লাহে আগবাঢ়ি গৈ আছে ৷ এনে শান্তিপূৰ্ণ পৰিৱেশৰ কাৰণে জাগীৰোডত টাটা কোম্পানীয়ে ৩০ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে স্থাপন কৰিব মোবাইল তথা ইলেক্ট্ৰনিক ডিভাইচৰ চিপচ উদ্যোগ ৷ য’ত ২৭ হাজাৰ লোকৰ কৰ্মসংস্থাপন ঘটিব ৷ গতিকে ৰাজ্যখনত নিবনুৱা যুৱক-যুৱতীৰ বাবে এক আশাৰ সঞ্চাৰ ঘটিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, তেওঁৰ শাসনকালত যোৱা তিনিটা বছৰে ১ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়া হৈছে ৷ চলিত বছৰত আৰু ৫০ হাজাৰ পদত নিযুক্তি প্ৰদান কৰা হ’ব ৷ জুলাই মাহত আৰক্ষীৰ সাক্ষাৎকাৰ লোৱা হ’ব, চেপ্তেম্বৰ আৰু অক্টোবৰ মাহত সাক্ষাৎকাৰ লোৱা হ’ব শিক্ষকৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৷ তদুপৰি নিযুক্তি দিয়া হ’ব ডি এছ পি আৰু দণ্ডাধীশ পদত ৷ এই নিযুক্তিবোৰৰ ক্ষেত্ৰত কোনেও এটকাও দিব নালাগে বুলি মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে বৰ্তমান চৰকাৰৰ শাসন কালত খেতিয়ক অথবা দুখীয়া পৰিয়ালৰ ল’ৰায়ো চাকৰি পাব পাৰে অথবা ফল বেপাৰীৰ ল’ৰা-ছোৱালীয়েও চাকৰি পাব পাৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, যিবোৰ ঘৰত চৰকাৰী চাকৰি কৰা এজন সদস্যও নাথাকে, সেই ঘৰৰ ল’ৰা- ছোৱালীক  সাক্ষাৎকাৰত অতিৰিক্ত ১০ নম্বৰ দিয়া হ’ব ৷ যাতে সকলো ঘৰতেই চৰকাৰী চাকৰি কৰা সদস্য থাকে, এই চিন্তা-চৰ্চা কৰিয়েই এনে সিদ্ধান্ত লোৱা বুলি জনায় তেওঁ ৷ চৰকাৰী চাকৰি নথকা নিবনুৱা যুৱক-যুৱতীসকলক ব্যৱসায়-বাণিজ্য কৰাৰ বাবে দুই লাখ টকা দিয়া হ’ব বুলি তেওঁ জনায় আৰু এই দুই লাখ টকাৰ ১ লাখ টকা চৰকাৰক ঘূৰাই দিব নালাগে বুলিও জনায় তেওঁ ৷  যোৱা তিনিটা বছৰত তেওঁৰ কাৰ্যকালত বঙাইগাঁৱৰ বাবে বহু উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা বুলি তেওঁ জনায় ৷ নিৰ্মীয়মাণ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় ২০২৫ চনত মুকলি কৰি দিয়া হ’ব আৰু বঙাইগাঁও মহাবিদ্যালয়ক চলিত বছৰতেই বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ চলিত বছৰৰ পৰা উচ্চ মাধ্যমিক শ্ৰেণীত নামভৰ্তিৰ মাচুল বিনামূলীয়া কৰা হ’ল বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মহিলাৰ শিক্ষাৰ শতাংশ উন্নতিৰ কথা চিন্তা কৰি ছাত্ৰীসকলৰ বাবে চৰকাৰে এক আঁচনি গ্ৰহণ কৰা বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এই আঁচনি অনুসৰি উচ্চতৰ মাধ্যমিকত ভৰ্তি হ’লে প্ৰতিগৰাকী ছাত্ৰীৰ একাউন্টত চৰকাৰে জমা কৰিব ১০ হাজাৰকৈ টকা ৷ ডিগ্ৰীত ভৰ্তি হ’লে চৰকাৰে প্ৰতিগৰাকী ছাত্ৰীক প্ৰতিবছৰে ১২,৫০০কৈ টকা প্ৰদান কৰিব আৰু বিশ্ববিদ্যালয়ত ভৰ্তি হ’লে প্ৰতি বছৰত ২৫ হাজাৰকৈ টকা প্ৰদান কৰিব ৷ অৰুণোদয় আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, এতিয়াৰে পৰা প্ৰতিগৰাকী ৰেচন কাৰ্ড থকা মহিলা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৷ ৰেচন কাৰ্ড নথকা ৭৫ বছৰৰ ঊৰ্ধ্বৰ মহিলায়ো অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি জনায় ৷ ইপিনে, আধাৰকাৰ্ড লিংক সমস্যাৰ কাৰণে ৰেচন কাৰ্ড বনোৱাৰ পৰা বঞ্চিত হোৱাসকলৰ সমস্যাটো অহা ৬ মাহৰ ভিতৰত সমাধান কৰা হ’ব বুলিও জনায় ৷ পৰিয়ালৰ মুৰব্বী বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে চৰকাৰী খৰচত স্বাস্থ্য বীমা আৰু জীবন বীমা কৰা হ’ব বুলিও জনোৱা হয় ৷ লাখপতি বাইদেউ আঁচনিত ৰাজ্যখনত মুঠ ৪০ লাখ মহিলাই আবেদন কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। তেওঁৰ মতে, এই আঁচনিৰ বাবদ চৰকাৰৰ খৰচ হ’ব চাৰি হাজাৰ কোটি টকা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, মহিলাসকলে সাধাৰণতে দুটা কৰ্কট ৰোগত আক্ৰান্ত হয় ৷ ইয়াৰে এটা হৈছে স্তনৰ কৰ্কট ৰোগ আৰু আনটো হৈছে জৰায়ুৰ কৰ্কট ৰোগ ৷ জৰায়ুৰ কৰ্কট ৰোগ ৰোধ কৰাৰ বাবে প্ৰতিষেধক লোৱাৰ ব্যৱস্থা আছে ৷ দুটা প্ৰতিষেধকৰ বাবদ ভৰিব লাগে প্ৰায় ১ লাখ টকা ৷ কিন্তু এতিয়াৰে পৰা এই প্ৰতিষেধক চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰিব বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ জনোৱা মতে, এই প্ৰতিষেধক ১০ বছৰ বয়স অতিক্ৰম কৰাৰ পাছতে সকলো ছোৱালীয়ে ল’ব পাৰে ৷ বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথম অৱস্থাত ফণীভূষণ চৌধুৰী প্ৰাৰ্থী হ’ব বিচৰা নাছিল, কাৰণ তেওঁ ভাবিছিল সাংসদ হোৱা মানে বঙাইগাঁৱৰ ৰাজনীতিৰ পৰা বিদায় লোৱা ৷ কিন্তু  ফণীভূষণ চৌধুৰীক কোৱা হৈছিল যে আপুনি বঙাইগাঁও এৰিব নালাগে ৷ আগত এটা সমষ্টিত প্ৰতিনিধিত্ব কৰিছিল এতিয়া আৰু ৯টা সমষ্টিত প্ৰতিনিধিত্ব কৰিব ৷ ফণীভূষণ চৌধুৰীক বিপুল ভোটত জয়ী কৰাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আজিৰ এই নিৰ্বাচনী সভাত অগপ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰি কয় যে স্বাধীনতাৰ পাছত দেশ তথা ৰাজ্যখনত কংগ্ৰেছ দলৰ দীৰ্ঘদিনীয়া শাসন কালত ৰাইজৰ আশা-আকাংক্ষা পূৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৷

যাৰ বাবে ৰাজ্যখনত  ২০১৬ আৰু ২০২১ চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ লগতে ২০১৪ আৰু ২০১৯ চনত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনতো কংগ্ৰেছ দল পৰাস্ত হয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন কৰা হয় । নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে উত্তৰ-পূবৰ ৰাজ্যসমূহক তেওঁ অষ্টলক্ষ্মী বুলি কয় ৷ বিজেপি চৰকাৰৰ দুটা কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলৰ যিমান উন্নয়ন হৈছে, পূৰ্বৰ কোনো চৰকাৰৰ দিনতে ইমান উন্নয়ন হোৱা নাই ৷ কংগ্ৰেছ চৰকাৰৰ আমোলত ড° মনমোহন সিঙে অসমৰ পৰা দুবাৰকৈ ৰাজ্যসভাৰ সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰিছিল, কিন্তু কোনো উন্নয়ন নকৰিলে ৷ নৰেন্দ্ৰ মোদীয়ে কৰা উন্নয়ন  দেখি ৰাইজৰ এই চৰকাৰৰ প্ৰতি আস্থা-বিশ্বাস অধিক বৃদ্ধি পাইছে ৷ গতিকে কেন্দ্ৰত যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন হ’ব, এই কথা নিশ্চিত ৷ গতিকে বৰপেটা লোকসভা সমষ্টিতো অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বিপুল ভোটত জয়ী কৰাবলৈ তেওঁ আহ্বান জনায় ৷ আজিৰ সভাত আন এগৰাকী মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰি কয় যে অগপ দলৰ জন্মৰ পৰাই আজিলৈকে বঙাইগাঁও সমষ্টিত অগপ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক জয়ী কৰাই আহিছে, গতিকে বঙাইগাঁওবাসী ৰাইজক কৃতজ্ঞতা জনোৱাৰ ভাষা নাই অগপ দলৰ ওচৰত ৷  তেওঁ লগতে জনোৱা মতে, ৰাজ্যখনত অগপ-বিজেপি আৰু ইউপিপিএল মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পাছতে ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাকে ধৰি উন্নয়ন ত্বৰাম্বিত হৈছে ৷ মিত্ৰজোঁটৰ এই যাত্ৰা অসমৰ বাবে বিজয় যাত্ৰা বুলি তেওঁ অভিহিত কৰে ৷ উল্লেখ্য যে  আজিৰ সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী উপস্থিত নাছিল যদিও সভাত প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা,  প্ৰাক্তন বিধায়ক ভূপেন ৰায়, অগপৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি বিজয় সিংহ, বিজেপি দলৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি উজ্জ্বল কান্তি ৰায়, বিজেপি নেতি ডাঃ আই বৰদলৈ, বিজেপি দলৰ তত্ত্বাৱধায়ক ৰিতুপৰ্ণ শৰ্মা, জিলা বিজেপি দলৰ নেতা সুকেন ৰায়, জিলা নেতৃ দীপ্তি চৌধুৰীসহ আৰু কেইবাজনো নেতা উপস্থিত থাকে ৷ সভাত কেইবাসহস্ৰ অগপ-বিজেপিৰ কৰ্মী-সমৰ্থক উপস্থিত থাকে ৷

 

প্ৰেৰক উপানন্দ শৰ্মা

You might also like