নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটৰ পিছত ধৰ্মীয় সংখ্যালঘুলৈও পিঠি দিয়ে কংগ্ৰেছে : অতুল বৰা

🔹 প্ৰচণ্ড বৰষুণ নেওচি হাইলাকান্দিত ওলাই আহিল ৰাইজ

বিশেষ বাৰ্তা, ২১ এপ্ৰিল : ‘কংগ্ৰেছে কেৱল ধৰ্মীয় সংখ্যালঘুৰ ভোটহে বিচাৰে। নিৰ্বাচনৰ পাছত কংগ্ৰেছে তেওঁলোকলৈও পিঠি দিয়ে। সকলোকে লগত লৈ সকলোৰে বিকাশ সাধন কেৱল এনডিএ চৰকাৰেহে কৰিছে।’- আজি হাইলাকান্দিত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। কৰিমগঞ্জ লোকসভা সমষ্টিৰ এনডিএ-ৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ সমৰ্থনত অগপৰ হাইলাকান্দি জিলা সমিতিৰ উদ্যোগত হাইলাকান্দিৰ সামাৰকোণাত অনুষ্ঠিত নিৰ্বাচনী জনসভাখনত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতে অংশগ্ৰহণ কৰি মন্ত্ৰী বৰাই সৰ্বাংগীণ উন্নয়নৰ অভূতপূৰ্ব পদক্ষেপেৰে বিকাশৰ ন ন ইতিহাস সৃষ্টি কৰি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ এনডিএ চৰকাৰখনক পুনৰ অধিক শক্তিৱান কৰিবলৈ এনডিএ-ৰ সপক্ষে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়।

উক্ত নিৰ্বাচনী সভাখনত ৰাইজৰ এনডিএ-ৰ প্ৰতি থকা সমৰ্থন, উৎসাহ দেখি সংসদীয় সমষ্টিটোৰ এনডিএ-ৰ প্ৰাৰ্থীগৰাকীৰ বিজয় নিশ্চিত বুলি কয় মন্ত্ৰী অতুল বৰাই। তদুপৰি তেওঁ কয়- হাইলাকান্দিৰ ৰাইজে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে বিশ্ব সমাদৃত নেতা নৰেন্দ্ৰ মোদীকেই বিচাৰে। সেয়েহে সভাত উপস্থিত ৰাইজক ২৬ এপ্ৰিলৰ দিনা দলে-বলে পৰিয়ালৰ সদস্যসকলৰ সৈতে ওলাই আহি এনডিএ-ৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষে ভোটদান কৰি  ব্যাপক ভোটৰ ব্যৱধানত বিজয়ী কৰিবলৈ আহ্বান জনায়।

 

You might also like