ডিজিটেল ডেস্ক, ২৯ মার্চ : বিৰোধীক নিষ্প্রভ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চলাই থকা নির্বাচনী প্রচাৰ অভিযানৰ মাজতে পুনৰ বিৰোধী কংগ্রেছ দলক তীব্র কটাক্ষ কৰিলে৷
শনিবাৰে বিজনীত নির্বাচনী প্রচাৰৰ উদ্দেশ্যে উপস্থিত হোৱা মুখ্যমন্ত্রীগৰাকীয়ে এইবাৰ নির্বাচনত কংগ্রেছে ২০–২২ আসন লাভ কৰিব বুলিহে মন্তব্য কৰে৷ আনহাতে, বিটিচিৰ ১৫খন আসনৰ ১৫খনেই বিপিএফ আৰু বিজেপিয়ে লাভ কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয়– বিটিচিৰ উন্নয়নৰ বাবে আজিৰ দিনত বিজেপি আৰু বিপিএফ এক হ’লেহে কাম হ’ব৷ গতিকে বেলেগ দল লগত থাকিলে বিটিচিৰ বাবে কাম কৰিব নোৱাৰিব বিজেপিয়ে৷
গতিকে বিটিচিৰ বাবে কাম কৰিবলৈ বিপিএফ লাগিব, বিজেপি লাগিব, প্রধানমন্ত্রী নৰেন্দ্র মোদী লাগিব, হিমন্ত বিশ্ব শর্মাক লাগিব, হাগ্রামা মহিলাৰীক লাগিব আৰু বিটিচি ৰাইজক লাগিব৷ এতিয়া এনডিএ মানে বিজেপি–বিপিএফ–অগপ৷ মই বিশ্বাস কৰোঁ যে বিটিচিৰ ১৫খন আসনৰ ১৫খনেই এনডিএই দখল কৰিব৷ কংগ্রেছে হয়তো ৰাজ্যত ২০-২২খন আসনতে থমকি ৰ’ব লাগিব৷