নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত কূটাঘাতৰ পৰিকল্পনা পাক উগ্রপন্থীৰ, মার্কিন চিআৰএছৰ বিস্ফোৰক প্রতিবেদন

ডিজিটেল ডেস্ক, ২৯ মার্চ : ভাৰতত আক্রমণ সংঘটিত কৰিবলৈ পাকিস্তানে একাধিক উগ্রপন্থী সংগঠনক পুনৰ সক্রিয় কৰিছে৷ আমেৰিকা কংগ্রেছ ৰিছার্চ ছার্ভিচ নামৰ এটা সংগঠনে প্রকাশ কৰা প্রতিবেদনত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য৷

প্রতিবেদনত উল্লেখ কৰা মতে, ভাৰত, বিশেষকৈ জম্মু–কাশ্মীৰক লক্ষ্য কৰি পাকিস্তানৰ ভূমিত লস্কৰ–ঈ–তৈবা, জইছ–ই–মহম্মদ, হুজী, হৰকত–উল–মুজাহিদীন আৰু হিজবুল মুজাহিদীনক আর্থিক সহায়েৰে সাৰপানী যোগাইছে পাকিস্তান চৰকাৰে৷

এই সংগঠনসমূহে ভাৰতৰ মাজত আল–কায়দা আৰু সংযুক্ত সংস্থাসমূহৰ সহায়ত আক্রমণৰ নতুন পৰিকল্পনা ৰচিছে৷ প্রতিবেদনত উল্লেখ কৰা মতে, আন্তঃৰাষ্ট্রীয় চাপৰ পাছতো পাকিস্তানে দেশখনত সন্ত্রাসবাদী সংগঠন নির্মূল কৰাত ব্যর্থ হৈছে৷

You might also like