নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তীব্ৰগতিত চলিছে কচুদোলা-কূৰ্শাকাটি চম্পাৱতী ঘাটৰ ওপৰত বাঁহৰ দলং নিৰ্মাণ

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ : চিৰাং আৰু কোকৰাঝাৰ জিলা দ্বি-বিভক্ত কৰি উত্তৰৰ পৰা দক্ষিণলৈ গতি কৰা চম্পাৱতী নৈৰ ওপৰত কচুদোলা-কূৰ্শাকাটি চম্পাৱতী নৈৰ ওপৰত বাঁহৰ দলঙৰ কাম তীব্ৰ গতিত চলি আছে। চিৰাং জিলাৰ বাসুগাঁও চহৰৰ নিকটৱৰ্তী তথা বাসুগাঁও-বালাগাঁও সংযোগী পথৰ চম্পাৱতী নৈৰ ওপৰত চলি থকা বাঁহৰ দলংখন দুই/এদিনৰ ভিতৰতে সম্পূৰ্ণ হ’ব। উল্লেখয্যেগ্য যে খৰালি অহাৰ লগে লগে বাঁহৰ দলং নিৰ্মাণ কৰি মানুহ, চাইকেল, মটৰ চাইকেল, ঠেলা, ৰিক্সা পাৰাপাৰ হৈ ইপাৰ-সিপাৰ হৈ ধন ভৰি বিভিন্ন ঠাইলৈ যায় দুয়োপাৰৰ জনসাধাৰণ। ঠেক বাঁহৰ দলংখন পুৰণি হলে জহি-খহি গৈ কেতিয়াবা কেতিয়াবা বাঁহৰ দলঙৰ ওপৰৰ পৰা তললৈ পৰি গুৰুতৰভাৱে আঘাত পোৱাৰ যথেষ্ট নজিৰ আছে। আনহাতে দলঙত উঠিবৰ বাবে বহু দূৰ শুকান বালিৰ ওপৰেৰে গৈ আৰু পূৱ দিশত অতি ওখ ঠেক পথ পাৰ হ’বলগীয়া হয়। ইফালে বাৰিষাত বাঁহৰ দলংখন বানপানীয়ে উটুৱাই লৈ যোৱাৰ ফলত টুলুঙা নাৱেৰে ধন ভৰি পাৰাপাৰ হ’ব লগা হয় । স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰিলেও আজিলৈ এখনি পকী দলং নিৰ্মাণ নহল। স্থানীয় ৰাইজে বিধায়ক, সাংসদ, মন্ত্ৰীৰ উপৰি বিটিচিৰ পৰিষদীয় সদস্য, কাৰ্যবাহী সদস্যক বাৰংবাৰ আবেদন-নিবেদন কৰি অহা সত্বেও আজিলৈ কিন্তু পকী দলঙৰ আধাৰশীলাই স্থাপন নহল। যাৰ বাবে বহু যাতনা ভূগি কি বাৰিষা, কি খৰালি বছৰৰ প্ৰতিটো মাহতে অসুবিধাৰ মাজেদি দুয়োদিশৰ ৰাইজ পাৰাপাৰ হ’বলগীয়া হৈ আহিছে । পকী দলং নিৰ্মাণ কৰি যাতায়াত সুগম কৰি তুলি দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব বুলি অঞ্চলবাসী সকলোৱে আশা প্ৰকাশ কৰে ।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like