নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰশ্মিৰ জৰিয়তে ক’ৰোনা ভাইৰাছ ধ্বংস কৰা সঁজুলি আৱিষ্কাৰ

নিয়মীয়া বাৰ্তা, ৮ মে:  যোৱাবছৰ ক’ভিড মহামাৰীৰ সময়ৰ পৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য–প্রযুক্তি কেন্দ্রৰ গৱেষণাগাৰত এই ভাইৰাছক কেনেদৰে ধ্বংস কৰিব পাৰি তাৰ গৱেষণা চলি আছিল৷ এই গৱেষণাৰ নেতৃত্বত আছিল নলবাৰীৰ চামতা অঞ্চলৰ যুৱ বিজ্ঞানী অর্ণৱ বর্মন৷

বর্মনে তেওঁৰ সতীর্থৰ সৈতে দিন–ৰাতি একাকাৰ কৰি ৰশ্মিৰ জৰিয়তে ক’ৰোনা ভাইৰাছ ধ্বংস কৰিব পৰা সঁজুলি আৱিষ্কাৰ কৰি উলিয়াইছে৷

শেহতীয়াকৈ বর্মনৰ এই আৱিষ্কাৰ আই আই টিৰ লগতে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানত পৰীক্ষণমূলকভাৱে ব্যৱহাৰ কৰা হৈছে৷ তেওঁৰ এই আৱিষ্কাৰ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানলৈ পৰীক্ষাৰ বাবে ইতিমধ্যে প্রেৰণ কৰা হৈছে৷

অর্ণৱৰ এই আৱিষ্কাৰে কিছু পৰিমাণে সকাহ দিছে জনসাধাৰণক৷ ইতিমধ্যেZapMini নামৰ সঁজুলিবিধক অসমত বিক্রীৰ বাবে মুকলি কৰি দিছে৷

You might also like