নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলবাৰে ক’ৰোনাত আক্রান্ত হৈ নতুনকৈ এগৰাকী লোকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ:  ৰাজ্যত নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে ১৮৬গৰাকী লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত পৰীক্ষা কৰা হৈছিল ১৯,৩৭২টা নমুনাৰ৷ আক্রান্তসকলৰ ৩৭গৰাকী হৈছে কামৰূপ মহানগৰ জিলাৰ৷ আক্রান্তৰ হাৰ ০.৯৬ শতাংশ৷

ইয়াৰ বিপৰীতে   সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি লাভ কৰিছে মুঠ ৪০৫ গৰাকী ৰোগীয়ে৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ৰোনাত আক্রান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ২,১০,৪৫৪ গৰাকী৷ সুস্থ হৈছে ২,০৬,০৪১গৰাকী৷ ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত সম্প্রতি চিকিৎসাধীন হৈ আছে ৩,৪৪৬গৰাকী লোক৷

আনহাতে,  দিনটোত ক’ৰোনাত আক্রান্ত হৈ নতুনকৈ এগৰাকী লোকৰ মৃত্যু ঘটিছে৷ মৃত্যু হোৱা লোকজনহৈছে ডিমা হাছাওৰ ভেৰেমছিম ভার্টে (৬৬)৷ ৰাজ্যত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৯৬৪গৰাকী৷

You might also like