নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীৰ আত্মনির্ভৰশীল আঁচনিৰ ১০ হাজাৰকৈ টকা লাভৰ  পৰা বঞ্চিত ১ লাখ ব্যৱসায়ী 

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ:  মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণ প্রতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনে কঁকাল ভাঙি পেলোৱা পদপথৰ ব্যৱসায়ীসকলক সকাহ দিবলৈ আত্মনির্ভৰশীল ভাৰতৰ অধীনত পি এম ষ্ট্রীট ভেণ্ডর্ছ আঁচনি নামেৰে  আন এখন আঁচনি গ্রহণ কৰা হৈছিল৷ আঁচনিখনৰ জৰিয়তে লকডাউনৰ সময়ত ক্ষতিগ্রস্ত দেশৰ ৫০ লাখ পদপথৰ ব্যৱসায়ীক ১০ হাজাৰকৈ ঋণ দি বন্ধ হৈ পৰা ব্যৱসায় পুনৰ আৰম্ভ কৰাৰ ব্যৱস্থা গ্রহণ কৰা হয়৷ কিন্তু এই ধন লাভৰ বাবে অনলাইনযোগে কৰিব লগা আবেদনত আধাৰ কার্ড থকাটো বাধ্যতামূলক কৰাত অসমত প্রায় ১ লাখ পদপথৰ ব্যৱসায়ীয়ে ধন লাভ কৰাৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ ইফালে অসমত চৰকাৰৰ সংশ্লিষ্ট পক্ষই আঁচনিখনৰ বিষয়ে বহুলভাৱে প্রচাৰ নকৰাত অথচ ৰাজ্যখনত আধাৰ কার্ড লাভৰ বাবে সুচল ব্যৱস্থা নথকাত পদপথৰ ব্যৱসায়ীসকলে প্রধানমন্ত্রীক উক্ত আঁচনিখনৰ পৰা সুফল লাভৰ পৰা বঞ্চিত হ’ব লগা হ’ল বুলি একাংশ ব্যৱসায়ীয়ে অভিযোগ কৰিছে৷

পদপথ ব্যৱসায়ী সন্থা, অসমৰ সভাপতি নৰেন ৰাজবংশীয়ে জনোৱা মতে, সন্থাৰ অধীনত অসমত প্রায় ১.৪৮ লাখ পদপথৰ ব্যৱসায়ী আছে৷ এই ব্যৱসায়ীসকলৰ ৪০ শতাংশৰহে আধাৰ কার্ড আছে৷ বাকী ৬০ শতাংশৰে আধাৰ কার্ড নাই৷ ফলত আধাৰ কার্ড থকা ব্যৱসায়ীসকলৰ ভিতৰত যোৱা শনিবাৰলৈকে ৫৫৭জন ব্যৱসায়ীয়ে উক্ত আঁচনিখনৰ ধন লাভৰ বাবে অনলাইন আবেদন কৰে৷ ইয়াৰ ভিতৰত শনিবাৰলৈকে গুৱাহাটীত মাত্র ২৭জন ব্যৱসায়ীয়ে আঁচনিখনৰ ধন লাভ কৰিছে৷ সেইদৰে বঙাইগাঁৱত সর্বাধিক ৮৫জন ব্যৱসায়ীয়ে উক্ত আঁচনিৰ ধন পাইছে৷ সেইদৰে দৰঙত ৩জন, নগাঁৱত ৩জন আৰু লখিমপুৰত ১১জন ব্যৱসায়ীয়ে ১০ হাজাৰকৈ টকা লাভ কৰে৷ কিন্তু মৰিগাঁও, শিলচৰ আদিকে ধৰি অসমৰ বহু জিলাত পদপথৰ ব্যৱসায়ীসকলে কেন্দ্রীয় আঁচনিখনৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ সভাপতি নৰেন ৰাজবংশীয়ে লগতে জনোৱা মতে, গুৱাহাটীত সন্থাৰ অধীনত পঞ্জীয়নভুক্ত ২,২০০জন পদপথৰ ব্যৱসায়ী আছে৷ আনহাতে, ২০১৫ চনত গুৱাহাটী পৌৰ নিগমে চলোৱা জৰীপ মতে গুৱাহাটীত ৭,১৮৩জন পদপথৰ ব্যৱসায়ী আছিল৷ বর্তমান ইয়াৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ নিগমে চলিত বর্ষৰ যোৱা জানুৱাৰী মাহত পুনৰ জৰীপ কৰিব লাগিছিল যদিও জৰীপ নকৰিলে৷ কিন্তু সন্থাৰ অধীনত নাম পঞ্জীয়ন নকৰাত ৩৫ হাজাৰৰো অধিক পদপথৰ ব্যৱসায়ী আছে গুৱাহাটীত৷ লকডাউনৰ সময়ত বাৰুকৈ জুৰুলা হৈ পৰা ইয়াৰে সৰহসংখ্যক ব্যৱসায়ীয়েই মূলধনৰ অভাৱত পুনৰ ব্যৱসায় আৰম্ভ কৰিব পৰা নাই৷

প্রধানমন্ত্রীৰ আঁচনিখনৰ সুবিধা প্রদান কৰিবলৈ অসম ৰাজ্যিক নগৰ জীৱিকা অভিযানে গুৱাহাটীত ১১টা স্থানত অনলাইন কেন্দ্র স্থাপন কৰিছে৷ কিন্তু আধাৰ কার্ড নথকা বাবে মহানগৰীৰ অধিকাংশ ব্যৱসায়ীয়ে অনলাইন আবেদন কৰিব পৰা নাই৷ অনুৰূপ অৱস্থা হৈছে ৰাজ্যৰ বিভিন্ন জিলাৰ পদপথৰ ব্যৱসায়ীসকলৰ ক্ষেত্রতো৷ এনে পৰিস্থিতিত অসম আৰু অৰুণাচলত আধাৰ কার্ড নোহোৱাকৈ ৰাজ্য দুখনৰ পদপথৰ ব্যৱসায়ীসকলক উক্ত আঁচনিখনৰ সুবিধা লাভ কৰাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে পদক্ষেপ গ্রহণ কৰে৷ কিন্তু ইয়াৰ পাছতো অসমত পদপথৰ আধাৰ কার্ড নথকা ব্যৱসায়ীয়ে আঁচনিখনৰ সুবিধা লাভ কৰা নাই বুলি সভাপতি ৰাজবংশীয়ে উল্লেখ কৰে৷ এই সন্দর্ভত তেওঁ কয়– বহু ব্যৱসায়ীয়ে অনলাইন আবেদন কৰিছে যদিও আবেদন ‘একছেপ্ঢ’ কৰা দেখুওৱা নাই৷

সম্ভৱতঃ পূর্বতে আধাৰ কার্ডৰ নম্বৰ বাধ্যতামূলক কৰি প্রস্তুত কৰা ছফ্টৱেৰ সলনি নকৰা বাবেই আবেদনসমূহ অনলাইন একছেপ্ঢ হোৱা নাই৷ এনে পৰিস্থিতিত সংশ্লিষ্ট কর্তৃপক্ষক আধাৰ কার্ড নোহোৱাকৈ ব্যৱসায়ীসকলক আঁচনিখনৰ সুবিধা প্রদানৰ ব্যৱস্থা কৰিবলৈ সন্থাৰ সভাপতি নৰেন ৰাজবংশীয়ে দাবী জনায়৷

You might also like