ডিজিটেল ডেস্ক, ৪ মে’ : অসমৰ ৰাজনৈতিক প্রেক্ষাপটত আজি এটা গুৰুত্বপূর্ণ দিন হিচাপে চিহ্ণিত হৈছে৷ কিয়নো এই দিনটোৱেই নির্ধাৰণ কৰিব পৰৱর্তী ৫ বছৰলৈ ৰাজ্যৰ শাসনৰ বাঘজৰী কাৰ হাতলৈ যাব৷ অর্থাৎ শাসক–বিৰোধী উভয় শিবিৰৰ ব্যাপক তৎপৰতা তথা সকলো ৰাজনৈতিক সমীকৰণ আৰু জল্পনা–কল্পনাৰ ওৰ পেলাই আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ল সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ভোটগণনা।
নির্বাচন আয়োগে নির্দিষ্ট কৰি দিয়া অনুসৰি ১২৬টা বিধানসভা সমষ্টিৰ বিপৰীতে ৪০টা কেন্দ্রত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছে৷ স্বচ্ছ আৰু নিকাভাৱে এই প্রক্রিয়া সম্পন্ন কৰিবলৈ নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলোধৰণৰ প্রস্তুতি ইতিমধ্যে নির্বাচন আয়োগে সম্পূর্ণ কৰি তুলিছে৷
৯ এপ্ৰিলত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ২.৫ কোটিৰো অধিক ভোটাৰৰ ভিতৰত ৮৫.৯৬ শতাংশই ভোটদান কৰিছিল। ফলাফলৰ লগে লগে আজি মুঠ ৭৭২জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।
আজি বেলট বাকচ খোলাৰ লগে লগে বহুকেইজন প্ৰাৰ্থী আগবাঢ়ি থকা দেখা গৈছে। সেই অনুসৰি নলবাৰীত জয়ন্ত মল্ল বৰুৱা, ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, গোলাঘাটত অজন্তা নেওগ, জাগীৰোডত পীয়ূষ হাজৰিকা, লখিমপুৰত মানৱ ডেকা, খুমটাইত মৃণাল শইকীয়া, মাজুলীত ভুবন গাম আৰু বোকাখাতত অতুল বৰাই অগ্ৰগতি লাভ কৰিছে।
আজি ভোটগণনাৰ অন্তত প্রকাশ পাব নির্বাচনী ফলাফল৷ ইয়াৰ লগে লগে প্রত্যেকৰে ভাগ্য নির্ণয় হোৱাৰ সমান্তৰালভাৱে স্পষ্ট হ’ব জনাদেশ কাৰ পক্ষে যায়৷