নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Covid-19- চিকিৎসাধীন ৰোগীৰে দেশৰ ভিতৰত অষ্টম স্থানত অসম

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ কাল ক’ৰোনাৰ গ্রাসত এতিয়া সমগ্র ৰাজ্য৷ ক্রমাৎ জটিলৰ পৰা জটিলতৰ অৱস্থালৈ গতি কৰিছে মাৰাত্মক ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতি৷ এক ভয়াৱহ ভৱিষ্যতৰ সংকেতেৰে দিনক দিনে ঊর্ধ্বগামী হৈছে ক’ভিড ৰোগীৰ সংখ্যা৷ চৰকাৰী–বেচৰকাৰী হাস্পতালসমূহত বিছনা–আইচিইউৰ সংখ্যা হ্রাস পাই অহাৰ সময়তে বৃদ্ধি পাইছে মৃত্যুৰ হাৰ৷

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে প্রকাশ কৰা শেহতীয়া তথ্যত অনাগত সময়ত ৰাজ্যত যে অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব, সেয়া একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ ক’ৰোনাত আক্রান্ত ৰোগীৰ সংখ্যাৰে ক্রমাৎ দেশৰ ৰাজ্যসমূহৰ ভিতৰত স্থান উন্নীত হৈছে অসমৰ৷ বিশেষকৈ বর্তমান চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যাৰ ক্ষেত্রত সমগ্র দেশৰ ভিতৰতে অষ্টম স্থানত আছে অসম৷

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ তথ্য অনুসৰি দেশৰ মুঠ চিকিৎসাধীন ৰোগীৰ প্রায় ৭৪ শতাংশই হৈছে ৯খন ৰাজ্যৰ৷ অসমৰ উপৰি এই ৰাজ্যকেইখন হৈছে মহাৰাষ্ট্র, কর্ণাটক, অন্ধ্রপ্রদেশ, উত্তৰপ্রদেশ, তামিলনাডু, তেলেংগানা, ওড়িশা আৰু ছত্তিশগড়৷ ইয়াৰে মহাৰাষ্ট্র, কর্ণাটক আৰু অন্ধ্রপ্রদেশৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৪৮.৮ শতাংশ৷ আনহাতে, দেশৰ মুঠ চিকিৎসাধীন ৰোগীৰ ২৫.১ শতাংশ হৈছে উত্তৰপ্রদেশ, তামিলনাডু, তেলেংগানা, ওড়িশা, অসম আৰু ছত্তিশগড়ৰ৷

You might also like