নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ফেব্ৰুৱাৰী-মাৰ্চৰ পৰা COVID-19ৰ ভেকচিন দিয়া হ’ব’

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ ক’ৰোনাই গ্ৰাস কৰা বিশ্বলৈ সুখবৰ। বৰ্তমান উপলব্ধ হৈছে এই মাৰাত্মক ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ সমগ্ৰ বিশ্বই গৱেষণা কৰি থকা সময়তে আহিছে সুখবৰ।

বিশ্বৰ বিভিন্ন প্ৰান্তত উপলদ্ধ হৈছে ক’ৰোনা ভেকচিন। ৰাজ্যতো অহা ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ পৰা ডাক্টৰ-নাৰ্চসকলে ভেকচিন লাভ কৰিব বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে এই ভেকচিন চিকিৎসক আৰু নাৰ্চসকলে লাভ কৰিব। তাৰপাছত সকলোৱে এই ভেকচিন লাভ কৰিব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে ৰাজ্যবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে ২০২১ চনে প্ৰতিগৰাকী অসমবাসীৰ জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনক বছৰটো সম্ভাবনাৰ বছৰ হওঁক।

You might also like