নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ’ৰ্বছৰ শ্ৰেষ্ঠ ১১গৰাকী অভিনেতাৰ তালিকাত অসমৰ আদিল হুছেইন

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ প্ৰখ্যাত অভিনেতা আদিল হুছেইনে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ফ’ৰ্বছ আলোচনীৰ ‘বেষ্ট পাৰফৰ্মাৰ’ৰ তালিকাত। বিখ্যাত আলোচনীখনে শেহতীয়াকৈ প্ৰকাশ কৰা তালিকাত অভিনেতাগৰাকীয়ে ‘পৰীক্ষা’ নামৰ ছবিখনত কৰা নিখুঁত অভিনয়ৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

আলোচনী ফ’ৰ্বছে ১১গৰাকী শিল্পীৰ নামোল্লেখেৰে প্ৰকাশ কৰিছিল এই তালিকা, য’ত আদিল হুছেইনেও স্থান লাভ কৰিবলৈ সক্ষম হয়। উল্লখ্যে, প্ৰকাশ ঝাই পৰিচালনা কৰা ‘পৰীক্ষা’ ছবিত আদিল হুছেইনে বুচ্চি পাছোৱানৰ চৰিত্ৰত অভিনয় কৰিছিল। এই চৰিত্ৰটোৰ বাবে বাৰ্লিনৰ এখন চলচ্চিত্ৰ সমাৰোহতো শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল হুছেইনে।

নৱবৰ্ষৰ মুহূৰ্তত অসম সন্তান আদিল হুছেইনৰ এই সন্মানপ্ৰাপ্তিয়ে আনন্দিত কৰে ৰাজ্যবাসীকো।

You might also like